অসম আমাৰ ৰূপহী গুণৰো নাই শেষ

25 Sep 2020

অপৰূপ প্ৰাকৃতিক পৰিৱেশ, চহকী ঐতিহ্য আৰু বুৰঞ্জীয়ে পৰশা  পূৱ ভাৰতৰ ৰাজ্য- অসম। পৰ্যটনৰ দিশত অপাৰ সম্ভাৱনাময় অসম, দেশৰ পৰ্য্টন মানচিত্ৰত জিলিকি উঠিছে। তথাপিও  ৰাজ্যখনৰ পৰ্যটনক অধিক প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে। অসমত লোকচক্ষুৰ পৰা আঁতৰত এনে কিছুমান ঠাই আছে যিসমূহত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আকৰৰ লগতে চহকী ঐতিহ্যও লুকাই আছে।

বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি অল্প খ্যাত কিন্তু মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত অসমৰ কেইখনমান উল্লেখযোগ্য পৰ্যটনস্থলীৰ সবিশেষ তলত উল্লেখ কৰা হ’ল –

টিপাম

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত অৱস্থিত এক ঐতিহাসিক স্থলী হৈছে টিপাম। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাৰ প্ৰথম পদাৰ্পন স্থলী হিচাবে বিখ্যাত, টিপাম সেউজ পৰিৱেশেৰে আৱৰা এক মনোমোহা ঠাই। ১২২৮ খ্ৰীঃত টিপামৰ দেওশালী পাহাৰত উপস্থিত হৈ স্বৰ্গদেউ চুকাফাই বৰ অসম গঢ়াৰ সপোন দেখিছিল। কিছুদিন আগতে এই স্থানতে আহোমসকলৰ উপাসনা স্থলী ‘চাও-চেং-ৰেং’ উদ্বোধন কৰা হয়। টিপাম পাহাৰৰ নান্দনিক সৌন্দৰ্য, দিহিং নদী, দেওশালী পাহাৰৰ টিলা, চাৰিওদিশৰ সেউজ প্ৰাকৃতিক পৰিৱেশে পৰ্যটককসকলক ইয়ালৈ আকৰ্ষিত কৰে।

বগামাটি

গুৱাহাটীৰ পৰা প্ৰায় ৯০ কিঃ মিঃ আঁতৰত ভাৰত ভূটান সীমান্তত অৱস্থিত বাক্সা জিলাৰ এক মনোৰম স্থলী হৈছে বগামাটি। পিকনিক স্থলীৰ লগতে বগামাটী দুঃসাহসিক ক্ৰীড়আৰ বাবেও বিখ্যাত। খৰস্ৰোতা নদীত ৰিভাৰ ৰাফ্টিং, কেম্পিং আদি বিভিন্ন কাৰ্যকলাপ এই ঠাইৰ এক বিশেষ আকাৰ্ষণ। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আনন্দ  উপভোগ কৰিবলৈ প্ৰতি বছৰে এই ঠাইলৈ অগণন পৰ্যটকৰ আগমন ঘটে।

উমচুৱাই

শিলাময় পাহাৰ, গুহা, সেউজ শোভাৰে আৱৰা পশ্চিম কাৰ্বি আংলং জিলাৰ এখন অন্যতম ঠাই হৈছে উমচুৱাই। ইয়াত অৱস্থিত চিকদামাৰা গাঁও অসমৰ অন্যতম স্বচ্ছ গাঁও হিচাবে পৰিচিত। বৰমাৰজং, আমছাই পিনুং আৰু লাঙৰখোনত ট্ৰেকিঙৰ এক অনন্য অভিজ্ঞতা লাভ কৰিব পাৰি, লগতে কাৰ্বি আৰু তিৱা জনগোষ্ঠীসকলৰ বিভিন্ন চহকী কলা-সংস্কৃতিৰ লগত পৰিচয় হ’বলৈ এই ঠাই অনন্য।

নাককাটি পাহাৰ

বঙাইগাঁও নগৰৰ পৰা কিছু নিলগত অৱস্থিত এখন অতি মনোৰম ঠাই। নাককাটি পাহাৰলৈ যোৱা বাটচোৱা সৰু সৰু নিজৰাৰে ভৰা। এই পাহাৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পাহাৰৰ শিখৰত অৱস্থিত এচটা ডাঙৰ শিল। এই পাহাৰ, ট্ৰেকিং, ফটোগ্ৰাফি আৰু কেম্পিং কৰি ভাল পোৱাসকলৰ বাবে এক ভূ-স্বৰ্গ। ভ্ৰমণৰ উপযুক্ত সময় হৈছে শীতকাল।

সোণবিল

 

কৰিমগঞ্জ জিলাত অৱস্থিত সোণবিল হৈছে অসমৰ সৰ্ববৃ্হৎ জলাহ ঠাই। পূৱ আৰু পশ্চিম দিশত  সেউজ পাহাৰেৰে আৱৰি থকা সোণবিলত বিভিন্ন প্ৰকাৰৰ মাছৰ প্ৰজাতি পোৱা যায়। বৰাক উপত্যকাৰ এক অন্যতম পৰ্যটনস্থলী হিচাবে পৰিচিত সোণবিল প্ৰকৃতিৰ এক অনুপম সৃষ্টি।

চানডুবি

গুৱাহাটীৰ পৰা ৬৫ কিমি নিলগত অৱস্থিত এক প্ৰাকৃতিক হ্ৰদ। ১৮৯৭ চনৰ বৰভুঁইকপৰ ফলত এই হ্ৰদৰ সৃষ্টি হৈছিল। ভুঁইকপৰ ফলত তললৈ বহি যোৱা হাবিৰ অস্তিত্ব আজিও দেখা পোৱা যায়। মেঘালয় পাহাৰৰ পাদস্থলীত অৱস্থিত এই হ্ৰদলৈ বছৰি অজস্ৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। ভ্ৰমণৰ উপযুক্ত সময় অক্টোবৰৰ পৰা এপ্ৰিল মাহ।

 

Total Comments - 0

Leave a Reply