অসম ৰাজ্যিক অসামৰিক বঁটা : সমাজৰ বাটকটীয়াসকললৈ সন্মান

02 Feb 2022

সমাজ এখনৰ বিকাশত প্রতিগৰাকী ব্যক্তিৰ অৱদান গুৰুত্বপূৰ্ণ। ইতিবাচক পৰিৱৰ্তনেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তিবিশেষক সন্মান আৰু স্বীকৃতি জনোৱাটো নিতান্তই প্রয়োজনীয়। এনে স্বীকৃতিয়ে তেখেতসকলক কৰি থকা কাম অব্যাহত ৰাখিবলৈ তথা উন্নত কৰিবলৈ উৎসাহ যোগোৱাত সহায়কৰ ভূমিকা পালন কৰে। তদুপৰি এজন যোগ্য ব্যক্তিক যোগ্য সন্মানেৰে সন্মানিত কৰা কথাটিয়ে সম্ভাৱনাপূর্ণ আন বহুজনক সমাজৰ বাবে লাভজনক কর্ম পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্রতো অনুপ্ৰাণিত কৰে।

বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা ভিন্ন খণ্ডত প্রদান কৰা বঁটা-বাহনৰ সংখ্যা বহুত যদিও অসামৰিক লোকসকলৰ বাবে একপ্ৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ প্ৰয়োজন আছিল। এই কথাৰ প্রতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে তেখেতসকলৰ নিজ নিজ খণ্ডত ব্যক্তিসকলৰ প্ৰচেষ্টা আৰু অৱদানৰ স্বীকৃতিস্বৰূপে সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা– অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ সূচনা কৰিছে।

২০২২ চনত এই বঁটা প্ৰথম সংস্কৰণত মানৱ সেৱা, ৰাজহুৱা সেৱা, স্বাস্থ্য, শিক্ষা, উদ্যোগ, কৃষি আদি বিভিন্ন ক্ষেত্ৰত সমাজলৈ অসামান্য অৱদান আগবঢ়োৱা ১৯গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। এজন প্ৰখ্যাত উদ্যোগপতিৰ পৰা অলিম্পিক পদক বিজয়ীলৈ, বন্যপ্ৰাণী সংৰক্ষকৰ পৰা আশা/এ এন এম কৰ্মীলৈ সমাজৰ প্রতিটো বর্গৰ ব্যক্তিৰে বিভিন্ন ক্ষেত্ৰৰ পৰা বঁটা বিজয়ীসকলক বাছনি কৰা হৈছিল।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই বর্ষৰ ২৪ জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে উক্ত বঁটাসমূহ প্ৰদান কৰে। বঁটাত প্ৰতিগৰাকী প্রাপকলৈ আলংকাৰিক পদক, মানপত্র আৰু ধনৰাশি আগবঢ়োৱা হয়। অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা বিজয়ীসকলৰ বাবে নির্ধাৰিত ধনৰাশি হ’ল ক্ৰমে ৫ লাখ, ৪ লাখ আৰু ৩ লাখ টকা।

তদুপৰি বঁটাপ্ৰাপকসকলে তেখেতসকলৰ জীৱনকালৰ বাবে কিছুমান বিশেষ লাভালাভ, যেনে- চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু পেয়িং কেবিনত থকাৰ সুবিধা; ৰাজ্য চৰকাৰৰ আৱর্ত ভৱন, অতিথিশালা আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা; বিশিষ্ট অতিথি হিচাপে চৰকাৰী অনুষ্ঠানসমূহলৈ নিয়মীয়া আমন্ত্ৰণ; গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ২ লাখলৈকে চিকিৎসা ব্যয় আৰু প্ৰস্তাৱিত যাত্ৰা সম্পর্কে ২৪ ঘণ্টা আগতীয়াকৈ জনোৱাৰ সাপেক্ষে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধাও লাভ কৰিব।

ৰাজ্যিক সৰ্বোচ্চ অসামৰিক বঁটা ২০২২ লাভ কৰা সমূহ বঁটাপ্ৰাপকৰ সম্যক বিৱৰণ সহিতে এখন তালিকা তলত আগবঢ়োৱা হৈছে।

অসম বৈভৱ

ৰতন নৱল টাটা

পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মানেৰে সন্মানিত, সমাজহিতৈষী তথা দেশৰ এগৰাকী বিশিষ্ট উদ্যোগপতি শ্ৰীৰতন নৱল টাটা। সমাজলৈ উল্লেখনীয় অৱদানেৰে শ্ৰীটাটাই সকলোৰে বাবে আদৰ্শ স্থাপন কৰিছে।

অসমত কৰ্কট ৰোগ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অভুতপূৰ্ব বৰঙণিৰ বাবে শ্ৰীটাটাক অসম বৈভৱ সন্মানেৰে সন্মানিত কৰা হৈছে। অসমত ৰাজ্য চৰকাৰ আৰু টাটা গোটৰ যৌথ উদ্যোগত অসম কৰ্কট নিৰাময় ফাউণ্ডেচনৰ অধীনত ১৬খনকৈ হাস্পতাল নিৰ্মাণ হৈ আছে।

অসম সৌৰভ

ডঃ কমলেন্দু দেৱ ক্ৰোৰী

অধ্যাপক কমলেন্দু দেৱ ক্ৰোৰী ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ একাডেমী (১৯৯২-২০০৩)ৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু নিউৰ্য়ক একাডেমী অৱ ছায়েন্সৰ সদস্য। অধ্যাপক ক্ৰোৰীয়ে ১৯৮৭ৰ পৰা ১৯৯১লৈ কটন মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।

ডাঃ লক্ষ্মণন এছ

ডাঃ লক্ষ্মণন এছে বৰ্তমানে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক হিচাপে সেৱা আগবঢ়াই আহিছে। অসমত ক’ভিড-১৯ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ডাঃ এছে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল।

অধ্যাপক দীপক চান্দ জৈন

অধ্যাপক দীপক চান্দ জৈন বেংককৰ চুলালংকৰ্ন বিশ্ববিদ্যালয়ৰ অধীনস্থ ছাচিন গ্ৰেজুৱেট ইনষ্টিটিউট অৱ বিজনেছ এডমিনষ্ট্ৰেচনৰ প্ৰাক্তন সঞ্চালক (ডীন)ৰ আসন শুৱনি কৰাৰ লগতে মাৰ্কেটিঙৰ ‘ইনছীড চেয়াৰ্ড প্ৰফেছৰ’। তদুপৰি ২০০১ৰ পৰা ২০০৯লৈ অধ্যাপক জৈন নৰ্থ-ৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ কেল্ল’গ স্কুল অৱ মেনেজমেণ্টৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লাভলীনা বৰগোহাঁই

টকিঅ’ অলিম্পিকত অনবদ্য প্ৰদৰ্শনৰে দেশবাসীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা শ্ৰীমতী লাভলীনা বৰগোহাঁই এটি পৰিচিত নাম। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জনেৰে শ্ৰীমতী বৰগোহাঁই অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী হিচাপে পৰিগণিত হৈছে।

শ্ৰীমতী বৰগোহাঁয়ে ২০১৮ আৰু ২০১৯ বৰ্ষত অল ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকৰ লগতে ফাৰ্ষ্ট ইণ্ডিয়া অপেন ইণ্টাৰেনচনেল বক্সিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। লাভলীনা বৰগোহাঁই প্ৰথমগৰাকী অসমীয়া হিচাপে খেলৰত্ন বঁটা আৰু ষষ্ঠগৰাকী অসমীয়া হিচাপে অৰ্জুন বঁটাৰে সন্মানিত হৈছে।

নীলপৱন বৰুৱা

নীলপৱন বৰুৱা অসমৰ কলা আৰু সংস্কৃতি জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী বৰুৱাদেৱে ১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত বৃন্দাবনী বস্ত্ৰৰ কলা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

অসম গৌৰৱ

মুণিন্দ্ৰ নাথ ঙাটে

শ্ৰীমুণিন্দ্ৰ নাথ ঙাটেই স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ)ৰ সঞ্চালক হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছে। অসমত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান অভিযান সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত শ্ৰীঙাটেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

ডাঃ বসন্ত হাজৰিকা

ডাঃ বসন্ত হাজৰিকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শ্বাস-প্ৰশ্বাস মেডিচিনৰ বিশেষজ্ঞ। ক’ভিড-১৯ৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত ৰাজ্যিক ন’ডেল বিষয়া হিচাপে নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দিয়ে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ডাঃ হাজৰিকাই কৰ্মদক্ষতাৰ পৰিচয়ৰ দি সুচাৰুৰূপে ৩০০০ ক’ভিড ৰোগীক সেৱা প্ৰদান কৰাৰ লগতে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত চিকিৎসক/চিকিৎসা কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

আকাশ জ্যোতি গগৈ

শ্ৰীআকাশ জ্যোতি গগৈ মালিকানাধীন কৃষি ব্যৱসায়ী কোম্পানী হৈছে নৰ্থ ইষ্ট এগ্ৰ’ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেজ যিয়ে প্ৰতিদিনে ৫০০০০টাকৈ জনপ্ৰিয় ‘ বাহুবলী’ কণী উৎপাদন কৰে। তেখেতে ১০০০ টন বাৰ্ষিক প্ৰক্ৰিয়াকৰণ ক্ষমতাৰ সৈতে জৈৱিক সাৰ ‘ঠন ধৰা’ লেয়াৰ আৱৰ্জনা (মুৰ্গীৰ মল-মূত্ৰ) প্ৰক্ৰিয়াকৰণ কৃতিত্ব অৰ্জন কৰিছে।

মনোজ কুমাৰ বসুমতাৰী

ছিমবায়’টিক ফুডছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক মনোজ কুমাৰ বসুমতাৰীয়ে তেখেতৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ অধীনত প্ৰত্যক্ষভাৱে ৩০গৰাকী আৰু পৰোক্ষভাৱে ১০০গৰাকী লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে।

নেদাৰলেণ্ড আৰু বেলজিয়ামত বাণিজ্যিক গাহৰি পামত প্ৰশিক্ষিত শ্ৰীবসুমতাৰী অসমত “পিংক বিপ্লৱ”ৰ বাটকটীয়া। তেখেতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, ঠেলামৰা আৰু বালিপৰাত গাহৰি পালনৰ বাবে গোট স্থাপন কৰিছে। মাৰ্চ, ২০২২ পৰ্যন্ত এই গোটসমূহে ২০০ গাহৰি পালকৰ বেংক ক্ৰেডিট ব্যৱস্থাৰ সৈতে সংযোগ স্থাপন কৰিছে।

খৰছিং তেৰাং

এগৰাকী প্ৰসিদ্ধ পৰ্বতাৰোহী শ্ৰীখৰছিং তেৰাঙে ২০১৬ চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ লগতে হিমালয়ান ক্ষেত্ৰত ভালেসংখ্যক শৃংগ/পৰ্বত আৰোহণ কৰিছে।

ববী হাজৰিকা

মিলিজুলি আত্মসহায়ক গোটৰ এগৰাকী সদস্য শ্ৰীমতী ববী হাজৰিকাই লকডাউনৰ সময়ছোৱাত যথেষ্ট কম পৰিমাণে খাদ্য বিতৰণ সেৱা আৰম্ভ কৰিছিল। বৰ্তমানে শ্ৰীমতী হাজৰিকাই বেংকৰ শাখা আৰু চৰকাৰী কাৰ্যালয়সমূহলৈ দুপৰীয়াৰ আহাৰ যোগান ব্যৱস্থা অব্যাহত ৰাখিছে। তদুপৰি নগৰাঞ্চলৰ বেকাৰী দোকানত সুলভ মূল্যত পিঠা আৰু লাড়ু যোগান ধৰি আহিছে।

হেমপ্রভা চুতীয়া

শিপিনী হিচাপে প্রসিদ্ধ হেমপ্রভা চুতীয়াই শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ আৰু শ্রীশ্রীমাধৱদেৱ বিৰচিত ‘নামঘোষা’ৰ অসমীয়া সংস্কৰণবোৰ নিজ হাতেৰে কাপোৰত বৈ উলিয়াইছিল। তদুপৰি ইংৰাজীত ‘ভগবদ্গীতা’ৰ বোৱা কার্য সম্পূৰ্ণ হোৱাৰ নিচেই কাষত আছে। তেখেতে ইতিমধ্যে ২০১৬ চনত অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰিছে।

নমিতা কলিতা

সৰ্বাধিকসংখ্যক ক’ভিড টিকা (৯৯,৮২২ পালি) প্ৰদান কৰা তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ক’ভিড ১৯ টিকাকৰণ কেন্দ্ৰৰ বন্ধুত্বসুলভ আৰু নিৰ্ভৰযোগ্যতাৰ এটি নাম। তেখেতে উজনি নগৰীয়া জনস্বাস্থ্য কেন্দ্ৰৰ অন্তর্গত বঙৰা উপ-কেন্দ্ৰৰ অধীনস্থ আজাৰাৰ মইৰাপুৰ উপ-কেন্দ্ৰৰ দৰে ঠাইত অতি নিষ্ঠাৰে সমাজলৈ সেৱা আগবঢ়াই আহিছে।

বার্মিতা মমিন

এগৰাকী আশা কৰ্মী হিচাপে তেখেতে শোণিতপুৰৰ ফুলগুৰি গাৰো গাঁৱৰ বনবাসীসকলৰ ক’ভিড টিকাকৰণ সম্পৰ্কে অন্ধবিশ্বাস দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ সময়ত তেখেতে এখন সম্পূর্ণ গাঁৱক টিকাকৰণ কৰাইছিল।

ধৰণীধৰ বড়ো

এগৰাকী অৱসৰপ্ৰাপ্ত উপ-বন সংৰক্ষক। তেখেতে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতে চি এন এন-আ ইবি এন – ২০০৮ৰ ‘ৰিয়েল হিৰো বঁটা’ৰেও সন্মানিত হৈছিল।

কৌশিক বৰুৱা

ইটালী, ইংলেণ্ড ফ্ৰেংকফুর্ট, চৌদি আৰব, ডুবাই আৰু কাটাৰকে ধৰি কেইবাখনো দেশলৈ অসমৰ নেমু, ভোট জলকীয়া, পটল, জিকা, উৰহী, তামোল-পাণ, কঁঠাল, আনাৰস, লেটেকু আদি সামগ্ৰী ৰপ্তানি কৰি আহিছে। তেখেতে ২০১৯-২০ বৰ্ষত ৮৮.৭ মেট্রিক টন আৰু ২০২০-২১ বৰ্ষত ১৭৬.২১ মেট্রিক টন ৰপ্তানি কৰিছিল।

কল্পনা বড়ো

এগৰাকী অংগনৱাড়ী কৰ্মী হিচাপে সমাজৰ সৈতে দক্ষ সম্পৰ্ক গঢ়াৰ ক্ষেত্রত তেখেত জনাজাত। পৰিপূৰক পুষ্টি প্ৰদান আৰু এছ এ এম (গুৰুতৰ তীব্ৰ পুষ্টিহীনতা)ৰ শিশুসকলক চিনাক্ত কৰাত আৰু নিয়মীয়া বিকাশ নিৰীক্ষণ কৰাত তেখেতৰ প্ৰদৰ্শন শলাগিবলগীয়া। শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে প্ৰাক-বিদ্যালয় শিক্ষা পৰিচালনাতো তেখেতৰ অৱদান উল্লেখনীয়।

ডা: আছিফ ইকবাল

এগৰাকী দক্ষ ৰক্ত ৰোগ বিশেষজ্ঞ আৰু ৰক্তজনিত কর্কট বিশেষজ্ঞ। ডাঃ ইকবালে সফলতাৰে বহুসংখ্যক হাড়ৰ মজ্জা/ষ্টেম চেল সংৰোপণৰ অস্ত্ৰোপচাৰ কৰি সুনাম অর্জন কৰিছে।

ৰাজ্যিক সৰ্বোচ্চ অসামৰিক বঁটা পৰৱর্তী বর্ষৰ পাছত অনলাইন ভোটিং প্ৰণালীৰ জৰিয়তে ৰাইজে বঁটাপ্রাপকৰ নাম নিজাববীয়াকৈ বাছনি কৰিব। ৰাইজৰ পৰা পোনপটীয়াকৈ মনোনয়ন গ্ৰহণ কৰাৰ বাবে শীঘ্ৰেই এটা অনলাইন প’ৰ্টেল মুকলি কৰা হ’ব।

Total Comments - 0

Leave a Reply