আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিভিন্ন সংস্কাৰমূলক ঘোষণা

25 May 2020

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ সংক্ৰমণৰ ফলত দেশৰ অৰ্থনীতত এক জটিল প্ৰভাৱ পেলাইছে। এই জটিল সময়তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক আশ্বস্ত কৰি ঘোষণা কৰিছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক অভিলাষী পৰিকল্পনা। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ১০% ৰ সমানকৈ ২০ লাখ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণাই দেশৰ অৰ্থনীতি পুনৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে। দেশৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে বিভিন্ন ক্ষেত্ৰত এই বিশেষ আৰ্থিক পেকেজৰ বিভিন্ন দিশসমূহ ধাৰাবাহিক সংবাদমেলযোগে ফঁহিয়াই দাঙি ধৰে।

‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ সংক্ষেপে তলত আগবঢ়োৱা হ’ল –

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগত প্ৰাণ সঞ্চাৰ

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগকে ধৰি বিভিন্ন ব্যৱসায়ৰ বাবে ৩ লাখ কোটি টকাৰ জৰুৰীকালীন মূলধন প্ৰদানৰ সিদ্ধান্তকে ধৰি বিভিন্ন উন্নয়নমূলক কাৰ্যপন্থা ঘোষণা কৰিছে মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইয়াৰ ভিতৰত ব্যৱসায় আৰু সংগঠিত খণ্ডৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি, কৰ্মচাৰী আৰু নিয়োজনকৰ্তাসকলৰ বাবে ৩ মাহৰ বাবে ইপিএফ বৰঙণি হ্ৰাস, ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ধন দাখিলৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ, ২০২০লৈ বৃদ্ধি, MSME Fund of Fundsৰ যোগেদি ৫০,০০০ কোটি টকাৰ ইকুইটি সঞ্চালন (Equity Infusion) আদি প্ৰধান।

সবিশেষ তথ্যৰ বাবে ক্লিক কৰক : বিত্তমন্ত্ৰীৰ ঘোষণা, ১৩ মে’

প্ৰব্ৰজিত শ্ৰমিক, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ীকে ধৰি দৰিদ্ৰসকলৰ বাবে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সংস্কাৰ

প্ৰব্ৰজিত শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ কৃষক আদিয়ে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ সমাধানৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে আৰ্থিক পেকেজৰ দ্বিতীয় অংশ স্বৰূপে হ্ৰস্বকালীন তথা দীৰ্ঘকালীন কিছুমান পদক্ষেপৰ কথা ঘোষণা কৰে৷ ইয়াৰ ভিতৰত, ২ মাহৰ বাবে প্ৰব্ৰজকসকলৰ বাবে বিনামুলীয়া অন্ন যোগান, প্ৰব্ৰজিত শ্ৰমিক আৰু নগৰৰ দৰিদ্ৰ লোকসকলৰ বাবে কম খৰছী ভাৰাতীয়া হাউচিং কমপ্লেক্স আঁচনি, পথৰ ব্যৱসায়ীসকলৰ বাবে ৫,০০০ কোটি টকাৰ ঋণ, নাবাৰ্ডৰ জৰিয়তে কৃষকৰ বাবে ৩০,০০০ কোটি টকাৰ অতিৰিক্ত জৰুৰীকালীন মূলধন, কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত ২.৫ কোটি কৃষকলৈ ২ লাখ কোটি টকাৰ ঋণৰ সুবিধা আদিয়েই প্ৰধান।

সবিশেষ তথ্যৰ বাবে ক্লিক কৰক ঃ বিত্তমন্ত্ৰীৰ ঘোষণা, ১৪ মে’

কৃষি আন্তঃগাঁথনি, মীনপালন, খাদ্য সংসাধন আদিত সৱলীকৰণ

কৃষি, মীনপালন আৰু খাদ্য সংসাধন খণ্ডত ব্যাপক আৰ্থিক সংস্কাৰৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে। এই পদক্ষেপ সমূহৰ ভিতৰত, কৃষকসকলৰ বাবে ফাৰ্ম-গে’টৰ বাবে ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজি, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা(পিএমএমএছৱাই)ৰ যোগেদি মাছমৰীয়াসকললৈ ২০,০০০ কোটি টকা, পশুধন আন্তঃগাঁথনি বিকাশ পুঁজিলৈ ১৫,০০০ কোটি টকা, মৌ-পালনত ৫০০ কোটি টকা, কৃষকসকল কল্যাণাৰ্থে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধন, কৃষিজাত বিপণনৰ সংশোধন, কৃষিজাত উৎপাদনৰ মূল্য আৰু গুণগতমানৰ নিশ্চিতকৰণ আদিয়েই প্ৰধান।

সবিশেষ তথ্যৰ বাবে ক্লিক কৰক ঃ বিত্তমন্ত্ৰীৰ ঘোষণা, ১৫ মে’

উদ্যোগখণ্ডৰ গাঁথনিমূলক সংস্কাৰ

বিভিন্ন খণ্ডৰ নীতি সৰলীকৰণ কৰা লক্ষ্যৰে বিত্তমন্ত্ৰী গৰাকীয়ে উদ্যোগখণ্ডৰ গাঁথনিমূলক সংস্কাৰ সমূহৰ বিষয়েও উল্লেখ কৰে। ফাষ্ট ট্ৰেক বিনিয়োগৰ বাবে নীতিগত সংস্কাৰ তথা এই সংক্ৰান্তত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়৷ ইয়াৰ ভিতৰত, কয়লা, খনি, প্ৰতিৰক্ষা, অসামৰিক বিমান পৰিবহণ আৰু শক্তি খণ্ডত ব্যাপক সংস্কাৰৰ লগতে মহাকাশ সম্বন্ধীয় কাৰ্যকলাপত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি আৰু আণৱিক শক্তি সম্বন্ধীয় সংস্কাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

সবিশেষ তথ্যৰ বাবে ক্লিক কৰক ঃ বিত্তমন্ত্ৰীৰ ঘোষণা, ১৬ মে’

অন্যান্য সংস্কাৰমূলক পদক্ষেপসমূহ

কেন্দ্ৰীয় চৰকাৰৰ সংস্কাৰমূলক পদক্ষেপ সমূহৰ অন্তিমটো ঘোষণাত মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ্ম সংস্থাপন সৃষ্টি, ব্যৱসায় সৰলীকৰণকে ধৰি বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ সবিশেষ দাঙি ধৰে৷ বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা পদক্ষেপ সমূহৰ ভিতৰত, কৰ্ম সংস্থাপন বৃদ্ধিৰ ক্ষেত্ৰত এমজিএনৰেগাৰ বাবে ৪০,০০০ কোটি টকাৰ আৱণ্টন, ভৱিষ্যতৰ মহামাৰীৰ বাবে দেশক প্ৰস্তুত কৰি তুলিবলৈ ৰাজহুৱা স্বাস্থ্যখণ্ডত বিনিয়োগ, ক’ভিড-১৯ৰ পাছৰ সময়ছোৱাত প্ৰযুক্তিচালিত শিক্ষা, কৰ্পৰেট সমূহৰ বাবে ব্যৱসায় সৰলীকৰণ, আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নীতি আদিয়েই প্ৰধান।

সবিশেষ তথ্যৰ বাবে ক্লিক কৰক ঃ বিত্তমন্ত্ৰীৰ ঘোষণা, ১৭ মে’

Total Comments - 0

Leave a Reply