গোৱালপাৰা : প্ৰকৃতি আৰু শৈলভাস্কৰ্যৰ এক অনুপম স্থলী

22 Nov 2018

অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত গোৱালপাৰা জিলা পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ স্থলী। বৈষ্ণৱ কৃষ্টি-সংস্কৃতিকে ধৰি প্ৰাকৃতিক ৰম্যভূমি আৰু প্ৰত্নত্বাতিক শিলৰ ভাস্কৰ্যৰে পৰিপূৰ্ণ গোৱালপাৰা জিলা পৰ্যটনৰ ক্ষেত্ৰত অসমৰ এখন অন্যতম আগবঢ়া জিলা।

গোৱালপাৰাৰ আশে পাশে থকা পৰ্যটন ক্ষেত্ৰসমূহ

শ্ৰীসূৰ্য পাহাৰ : হিন্দু, জৈন আৰু বুদ্ধ ধৰ্মৰ বিভিন্ন শৈল স্তুপ আদিৰে সমৃদ্ধ এই পাহাৰ গোৱালপাৰা নগৰৰ পৰা ১২ কিমি নিলগত অৱস্থিত। শ্ৰীসূৰ্য পাহাৰৰ ভগ্নাৱশেষ আৰু স্থাপত্যশিল্পই ইয়াৰ এক ঐতিহ্য বহন কৰি আহিছে। সকলো ধৰ্মৰ এক পুৰাত্বাতিক স্থলী হিচাবে ই এক বিশেষ পৰিচয় বহন কৰি আহিছে। এই পাহাৰ আৰু কাষৰীয়া অঞ্চলত অৱস্থিত ৯৯৯৯ টা শিৱলিংগ ইয়াৰ এক অন্যতম বৈশিষ্ট।

উৰ্পদ বিল : গোৱালপাৰা জিলাৰ পৰা ৯ কিমি দূৰত অৱস্থিত এই প্ৰাকৃতিক বিল পশ্চিম অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ। চহকী প্ৰাকৃতিক পৰিৱেশৰে পূৰ্ণ এই হ্ৰদ ভেঁট, মেটেকাকে ধৰি মাছ আৰু পৰিভ্ৰমী পক্ষীৰে পূৰ্ণ।

কুমৰী হ্ৰদ : সেউজ দৃশ্যৰাজিৰে ভৰপূৰ কুমৰী হ্ৰদ নৰনাৰায়ণ সেঁতুৰ পৰা এক কিলোমিটাৰ আঁতৰত অৱস্থিত। এই হ্ৰদ পৰ্যটক আৰু ফটোগ্ৰাফাৰসকলৰ বাবে এক প্ৰিয় স্থান।

দাদন পাহাৰ : শিলৰ ভাস্কৰ্যৰ বাবে প্ৰখ্যাত ই এক প্ৰত্নতাত্বিক স্থান। এই পাহাৰৰ ওপৰত এক শিৱ মন্দিৰ আছে যিটো দাদন নামেৰে এগৰাকী শিৱভক্তই নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে। এই পাহাৰৰ চাৰিওদিশে থকা সেউজীয়া শোভাই সকলোকে আকৰ্ষিত কৰে। ট্ৰেকিঙৰ বাবে ই এক উল্লেখযোগ্য স্থান।

অন্যান্য স্থলী সমুহ:

শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ আদৰ্শেৰে স্থাপিত এখন সত্ৰ। এই সত্ৰতে গুৰুজনাৰ চিতাভস্ম সংৰক্ষণ হৈ আছে।

মাজাৰ শ্বৰীফ : পীৰ ছৈয়দ আবুল কাছেমৰ সোঁৱৰণত নিৰ্মিত এই স্তম্ভ এক শান্তিপূৰ্ণ আৰু প্ৰাকৃতিকভাবে সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত।

Total Comments - 0

Leave a Reply