চাহ পৰ্যটন

28 Sep 2018

বিশ্বৰ বৃ্হত্তম চাহ উৎপাদনকাৰী অঞ্চল অসমৰ পূৱ প্ৰান্তত অৱস্থিত ঔপনিৱেশ শাসনৰ সময়ছোৱাৰ অসংখ্য ডাক বঙলাই পৰ্যটন খণ্ডলৈ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা সততে অহা পৰ্যটকসকলে সেউজ চাহ বাগিছাৰ নৈসৰ্গিক পৰিৱেশৰ লগতে বৃটিছ স্থাপত্যকলাৰ বিমল আনন্দ উপভোগ কৰি আহিছে।

কাজিৰঙা গল্ফ ৰি’জৰ্ট, যোৰহাট
পূৰ্বে বুঢ়া চাহেব বাংলো হিচাবে জনাজাত আছিল কাজিৰঙা গল্ফ ৰি’জৰ্ট। সেউজীয়া চাহ বাগানেৰে আবৃত্ত এই ঐতিহ্যমণ্ডিত ডাক বঙলাটো ১২০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। অঞ্চলটোৰ চাহ খণ্ডক এক পৰ্যটন হিচাবে জনপ্ৰিয় কৰি তুলিবলৈ প্ৰসিদ্ধ চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই যোৰহাট জিলাৰ কাষতেই থকা শেনচোৱা চাহ বাগিছাত অৱস্থিত এই ডাক বঙলাটো স্থাপন কৰিছিল। পৰ্যটকক বিশেষ অভিজ্ঞতা আহৰনৰ সুযোগ দিয়াৰ বাবে চাহ বাগিছাখনৰ মধ্যভাগত এখন গল্ফ ক’ৰ্ছ আছিল।

বনিয়ান গ্ৰোভ, যোৰহাট
যোৰহাটৰ গাটোংগা চাহ বাগিছাৰ মাজত থকা শতিকা পুৰণি ডাক বঙলাটোৱে ঐতিহ্য বহন কৰি আহিছে। মনোমোহা প্ৰাকৃতিক পৰিৱেশত বৃটিছ শাসনকালৰ এই ডাক বঙলাটোৱে ঔপনিৱেশ শাসনৰ এক অভিজ্ঞতা প্ৰদান কৰে।

ৱাথাই হেৰিটেজ বাংলো, তিনিচুকীয়া
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ৫ কিঃমিঃ নিলগৰ লিম্বুগুৰি চাহ বাগিছাত অৱস্থিত ৱাথাই হেৰিটেজ ডাক বঙলা। এই বঙলাত নিশা যাপন কৰাৰ উপৰিও কাষৰ উদ্যানৰ চৰাইৰ কলৰোলৰ মাজত কটোৱা সময়বোৰ অতিশয় আনন্দদায়ক।

ৱাইল্ড মাহচিৰ, শোণিতপুৰ
বৃটিছ অসম চাহ কোম্পানীয়ে ১৮৬৪ চনত আদাবাৰী চাহ বাগিছাৰ বালিপাৰা সংমণ্ডলত ৱাইল্ড মাহচিৰ নিৰ্মাণ কৰিছিল। বিশ্বৰ কঠিনতম গেম ফিছৰ পাছত এই ডাক বঙলাৰ নাম ৱাইল্ড মাহচিৰ হিচাবে জনা যায়। চিৰসেউজ পৰিৱেশ, বহুমুখী কাৰ্যকলাপেৰে সমৃদ্ধ অতি আকৰ্ষণীয় এই ৱাইল্ড মাহচিৰ ঔপনিৱেশ স্থাপত্যৰ অনুপম নিদৰ্শন।

ঠেঙাল মেনৰ, যোৰহাট
যোৰহাট জিলাৰ পৰা ১৫কিঃমিঃ নিলগত অৱস্থিত, ১৯২৯ চনত নিৰ্মিত ঠেঙাল মেনৰ হ’ল এক ঐতিহ্যমণ্ডিত চাহ বাগিছাৰ ডাক বঙলা।বৃটিছ শাসনকালত সংগৃ্হীত বিভিন্ন সামগ্ৰীৰ বাবে এই ডাক বঙলাটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ৰ শুভাৰম্ভণি এই বঙলাটোৰ পৰাই হৈছিল।

Total Comments - 0

Leave a Reply