You don't have javascript enabled. Please Enabled javascript for better performance.

বানপানীৰ পাছত দেখা দিয়া কিছুমান মাৰাত্মক ৰোগ

26 Jul 2019

বানপানী শেষ হোৱাৰ পাছতে সাধাৰণতে বিভিন্ন ঠাইত বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱে দেখা দিয়ে। পানী শুকুৱাৰ পাছত বিভিন্ন অঞ্চল অস্বাস্থ্যকৰ  হৈ পৰে। বানপানীয়ে কঢ়িয়াই অনা আৱৰ্জনা আদিয়ে পানী শুকুওৱাৰ পাছত এক দূৰ্গন্ধময় পৰিস্থিতৰ সৃষ্টি কৰে আৰু এই অস্বাস্থ্যকৰ পৰিৱেশে বিভিন্ন ৰোগেৰে মহামাৰী সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিয়ে। গতিকে এইক্ষেত্ৰত আমি সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী হৈ পৰে।

সাধাৰণতে বানপানীৰ পাছত বিভিন্ন অঞ্চলত সততে দেখা দিয়া কিছুমান ৰোগ হৈছে – কলেৰা, টাইফয়দ, হেপাটাইটিছ A, কনজাংটিভিটিচ, লেপ্টস্পাইৰচিচ্, ডেঙ্গু, জণ্ডিচ্‍ ইত্যাদি। এই ৰোগসমূহৰ বেছিভাগেই যদি সঠিক সময়ত নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে ই মহামাৰীৰ ৰূপ ধাৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। পানী কমাৰ পাছত সাধাৰণতে দুই ধৰণৰ বেমাৰে দেখা দিয়ে। এবিধ হৈছে – Vector-Borne Diseases আৰু আনবিধ Waterborne Diseases| ম’হকে ধৰি বিভিন্ন কীট-পতঙ্গৰ দ্বাৰা বিয়পা বেমাৰসমূহক Vector-Borne Diseases হিচাবে জনা যায়। সাধাৰণতে ডেংগু, মেলেৰিয়া, চিকুনগুনিয়া আদি ৰোগ এই প্ৰকাৰৰ বেমাৰ। আনহাতে দুষিত পানীৰ দ্বাৰা বিয়পা ৰোগসমূহ যেনে জণ্ডিচ, টাইফয়ড, কলেৰা, লেপ্টস্পাইৰছিছ আদি ৰোগ Waterborne Diseases হিচাবে জনা যায়।

এই ৰোগসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছুমান সাৱধানতা আমি অৱলম্বন কৰাটো প্ৰয়োজনীয়। আমাৰ এই সাৱধানতাই ৰোগসমূহ মহামাৰী হিচাবে বিয়পাৰ ক্ষেত্ৰত বাধা দিব পাৰে।

বানপানীৰ পাছৰ সময়ছোৱাত ল’বলগীয়া কিছু সাৱধানতা :

  • খাদ্য গ্ৰহণ কৰা সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই প্ৰয়োজনীয়।
  • কুহুমীয়া পানী সেৱন কৰাটো জৰুৰী। বানপানী হোৱা অঞ্চলত খোৱাপানীত ক্লৰিণ টেবলেট মিলাই খোৱা প্ৰয়োজন।
  • সঘনাই ORS সেৱন কৰি থকা প্ৰয়োজন।
  • আহাৰ গ্ৰহণ কৰা আগতে ভালদৰে চাবোনেৰে হাত ধোৱক।
  • খাদ্যবস্তু ঢাকি ৰখা প্ৰয়োজন।
  • বানৰ পানী শুকুৱাৰ পাছতো যাতে ঘৰৰ ওচৰে পাজৰে পানী জমা হৈ নাথাকে তাৰ ওপৰত নজৰ ৰখা প্ৰয়োজন।
  • বানপানীৰ সংস্পৰ্শৰ পৰা নিজকে যিমান পাৰি বচাই ৰাখক, কাৰণ বেমাৰৰ বহু বীজাণু লেতেৰা পানীৰ জৰিয়তে দেহত প্ৰৱেশ কৰে।
  • ৰোগত আক্ৰান্ত ৰোগীৰ পৰা সুস্থ লোকক আঁতৰাই ৰখা প্ৰয়োজন। কাৰণ এনে বহু ৰোগ সোঁচৰাৰ লক্ষণযুক্ত।
  • শোৱাৰ সময়ত মহৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা আদি ব্যৱহাৰ কৰাটো জৰুৰী।

তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমিভাৱ, চকু ৰঙা পৰা, ডায়েৰিয়া, ভোক নলগা আদি লক্ষণসমূহে দেখা দিলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন। তাৰোপৰি বিভিন্ন চিকিৎসাজনিত পৰামৰ্শ তথা সহায়ৰ বাবে অসম চৰকাৰৰ ‘সাৰথি’ হেল্পলাইন নম্বৰ ১০৪ উপলব্ধ। ছৌব্বিশ ঘন্টাই উপলব্ধ এই নম্বৰত ডায়েল কৰি চিকিৎসাজনিত যিকোনো পৰামৰ্শ গ্ৰহণ কৰিব পৰা যায়।

 

 

Total Comments - 0

Leave a Reply