বীজ বোমা (Seed Bomb) : গছ্পুলি ৰোপণৰ এক অভিনৱ উপায়

10 Jul 2019

পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই। আধুনিকীকৰণ, ঔদ্যোগীকৰণ, জনসংখ্যা বৃদ্ধিকে ধৰি বিভিন্ন কাৰকৰ বাবে গছ-গছনিৰ পৰিমাণ হ্ৰাস হ’ব ধৰিছে, ফলত জৈৱবৈচিত্ৰতাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। পৰিৱেশ ৰক্ষাৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰশাসনৰ দ্বাৰা চৰকাৰী নীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমী সকলেও এই ক্ষেত্ৰত আগভাগ লৈ আহিছে। পৰিৱেশ সজাগতা, পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ কৰণীয় সম্পৰ্কেও বিভিন্ন চৰ্চা সঘনে চলি আছে।

গছপুলি ৰোপণৰ বাবে লোৱা বিভিন্ন পদক্ষেপসমূহৰ ভিতৰত এক বিশেষ প্ৰক্ৰিয়া হৈছে বীজ বোমাবৰ্ষণ (Seed Bombing) প্ৰক্ৰিয়া।

 

বীজ বোমা (Seed Bomb) কি?

বীজ বোমা (Seed Bomb) হৈছে এবিধ জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা লাড়ু য’ত বিভিন্ন গছৰ বীজ সুমুৱাই মুকলি ঠাইত ইয়াক পেলোৱা হয়। পৰিৱেশ সেউজীকৰণৰ দিশত এই পদ্ধতিয়ে ভাৰতকে ধৰি বিভিন্ন দেশত ইতিমধ্যে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই পদ্ধতিক ‘আকাশী বনানীকৰণ’ (Aerial Forestation) হিচাবেও জনা যায়।

 

কেনেদৰে প্ৰস্তুত কৰিব?

  • ব্যৱহাৰ কৰিবলগীয়া বীজসমূহ প্ৰথমে ধুই লৈ শুকুওৱা হয়। কিন্তু ইয়াত কিছু আৰ্দ্ৰতা থকাটো দৰকাৰী।
  • তিনি চতুৰ্থাংশ মাটি, এক চতুৰ্থাংশ গোবৰ আৰু বিভিন্ন ঔষধিযুক্ত গছ অথবা ফলৰ গুটি লৈ কিছুমান সৰু সৰু লাড়ু তৈয়াৰ কৰি কিছু সময়ৰ বাবে শুকুৱাই ৰখা হয়।
  • ইয়াৰ পাছত এই বীজযুক্ত লাড়ুসমূহ মুকলি ঠাইত পেলোৱা হয়।

এই বীজৰ লাড়ু বোমা প্ৰস্তুতকৰণ প্ৰক্ৰিয়া বাৰিষাৰ সময়ত উপযোগী। এই পদ্ধতিৰে ৰোপণ কৰা বীজ নষ্ট হোৱাৰ হাৰ প্ৰায় ৫০% কমি যায়। বিভিন্ন ঔষধিযুক্ত গছকে ধৰি বিভিন্ন ফলৰ বীজ এই প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব পৰা যায়।

Total Comments - 0

Leave a Reply