মাছ পালন কৰা পুখুৰীত দ্ৰৱীভূত অক্সিজেনৰ নাটনিৰ সমস্যা আৰু ল’বলগীয়া ব্যৱস্থা

22 Jul 2021

মীন পালনৰ ক্ষেত্ৰত পুখুৰীত দ্ৰৱীভূত অক্সিজেনৰ সঠিক স্তৰ বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। এই দিশটো নিশ্চিত নহ’লে মাছৰ উৎপাদন হ্ৰাস হোৱাৰ লগতে মাছৰ মৃত্যু হোৱাৰো যথেষ্ট সম্ভাৱনীয়তা থাকে। সেয়েহে মীনপালকসকলে খাদ্য আৰু সাৰৰ উপৰি পানীত দ্ৰৱীভূত অক্সিজেনৰ সঠিক স্তৰ বজাই ৰখাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী।

মাছ পালন কৰা পুখুৰীত দ্ৰৱীভূত অক্সিজেনৰ অভাৱ হোৱাৰ সম্ভাব্য কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—

১) ডাৱৰীয়া বতৰত সূৰ্যৰ পোহৰ পৰ্যাপ্ত নোহোৱাৰ বাবে সেউজীয়া জলজ উদ্ভিদৰ সালোক সংশ্লেষণৰ দ্বাৰা অক্সিজেন উৎপাদন প্ৰক্ৰিয়া হ্ৰাস পায়। ফলত কেইবাদিনো একেৰাহে ডাৱৰীয়া বতৰ হৈ থাকিলে মাছৰ উশাহ-নিশাহৰ বাবে পানীত দ্ৰৱীভূত অম্লজানৰ নাটনি হ’ব পাৰে আৰু অম্লজান বিচাৰি পানীৰ উপৰিভাগলৈ উশাহ ল’বলৈ আহি এনেদৰে মাছে কাপ কাপকৈ কমাব পাৰে। তাৎক্ষণিকভাৱে নিৰাময়ৰ ব্যৱস্থা নল’লে বহুত মাছ মৰি যাব পাৰে। বিশেষকৈ ডাঙৰ আকাৰৰ মাছখিনি বেছি সোনকালে মৰিব পাৰে।

২) পুখুৰীত মাছৰ সংখ্যা পুখুৰীৰ পানীৰ আয়তন (কালি×গভীৰতা) অনুপাতে অত্যধিক হ’লে পানীৰ দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ মাছৰ অনুপাতে পৰ্যাপ্ত নহয়।

৩) মাছৰ সংখ্যা বেছি হোৱাৰ লগে লগে মাছৰ মলৰ পৰিমাণো বেছি হয় । লগতে প্ৰয়োগ কৰা মাছৰ খাদ্য, সাৰ বা আন জৈৱিক আৱৰ্জনাৰ পৰিমাণ বেছি হৈ পানীৰ গুণাগুণ নিম্নগামী হৈ দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ হ’ব পাৰে।

৪) আহাৰ প্ৰয়োগৰ পৰিমাণ অত্যধিক হোৱা অথবা আহাৰৰ গুণাগুণ নিম্নমানৰ হোৱাৰ বাবে মাছে নোখোৱাকৈ পচি যোৱাৰ ফলত বিষাক্ত গেছ উৎপন্ন হৈ পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমি যাব পাৰে।

৫) পুখুৰীত খুব জলজ অপতৃণৰ বৃদ্ধি হৈ পুখুৰীটো জলজ উদ্ভিদে ছাটি ধৰিলে ৰ’দ-বতাহৰ চলাচল বাধাগ্ৰস্ত হৈ পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়।

৬) কাষৰীয়া ঠাইৰ পৰা বৈ অহা
বৰষুণৰ পানীয়ে প্ৰদূষিত সামগ্ৰী বোৱাই আনিব পাৰে, যিয়ে পুখুৰীৰ পানীৰ গুণাগুণ অৱনমিত কৰি দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমাই দিব পাৰে।

৭) ডাঙৰ আকাৰৰ পৈণত মাছবোৰক উশাহ-নিশাহৰ বাবে অধিক অক্সিজেনৰ প্ৰয়োজন হয়। পৈণত মাছবোৰৰ দেহত প্ৰজনন সম্বন্ধীয় হৰমনৰ ক্ৰিয়াৰ খেলিমেলি হৈ তেনে মাছবোৰ চাপত থাকে। তাৰ লগতে দ্ৰৱীভূত অক্সিজেনৰ তাৰতম্যই মাছখিনিক অধিক দুৰ্বল কৰি সোনকালে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।

নিৰাময়ৰ ব্যৱস্থা হিচাপে তাৎক্ষণিকভাৱে ল’বলগীয়া পদক্ষেপসমূহ হ’ল এনেধৰণৰ:

১) পুখুৰীৰ পানীলৈ যিকোনো প্ৰকাৰে বায়ু যোগানৰ বা পুখুৰীলৈ বতাহ সঞ্চালনৰ ব্যৱস্থা কৰিব লাগে। বায়ু যোগান যন্ত্ৰ (Aerator)ৰ ব্যৱহাৰ এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ।

২) বায়ু যোগান যন্ত্ৰ (Aerator) নাথাকিলে পানী সিঁচা পাম্পৰ সহায়ত পুখুৰীৰ পানীকে তুলি পুনৰ পুখুৰীত সিঁচৰতি কৰি পেলাব লাগে।

৩) পুখুৰীত হাঁহ মেলি সাঁতোৰাই বা গোটা বাঁহেৰে পানীৰ ওপৰত মৰিয়ায়ো পানীলৈ বতাহ সঞ্চালনৰ সুবিধা কৰি দি কিছুপৰিমাণে ভাল ফল পাব পাৰে।

৪) নাও থাকিলে ডাঙৰ পুখুৰীত কেইবাবাৰো ব’ঠা মাৰি মাৰি পুখুৰীৰ ইমূৰৰ পৰা সিমূৰলৈ নাও চলাই দিব পাৰে। ব’ঠা এনেকৈ মাৰিব যাতে পানীলৈ বতাহ যিমান পাৰি সোমায়।

৫) পাম্পৰ সহায়ত ভাল উৎসৰ পৰা পৰিষ্কাৰ পানী ওপৰৰ পৰা ভাগ ভাগ কৰি/ সিঁচৰতি কৰি পৰিবলৈ দিলে সুফল পোৱা যায়।

৬) জলজ উদ্ভিদ আঁতৰাই, পাৰৰ গছ-গছনি মুকলি কৰি ৰ’দ-বতাহ চলাচল কৰাৰ সুবিধা কৰি দিব লাগে।

৭) অৱস্থাৰ উন্নতি নোহোৱালৈকে যিকোনো সাৰ বা পৰিপূৰক আহাৰ যোগান সাময়িকভাৱে বন্ধ ৰাখিব লাগে।

৮) যদি মাছৰ সংখ্যা জোখতকৈ অধিক আছে জাল মাৰি ডাঙৰ মাছখিনি ধৰি পুখুৰীটোত মাছৰ সংখ্যা যিমান পাৰে কমাই দিব লাগে। বিক্ৰীৰ যোগ্য মাছখিনি ধৰি বিক্ৰী কৰিলে কিছু হ’লেও লোকচানৰ পৰা হাত সাৰিব।

৯) পুখুৰীত নিয়মিতভাৱে অনুমোদিত হাৰত চূণ প্ৰয়োগ কৰি থাকিব লাগে। চূণে পানীৰ অন্যান্য ৰাসায়নিক গুণ ঠিকে ৰখাৰ লগতে পানীৰ আন্তঃআণৱিক স্থান উলিয়াই দি দ্ৰৱীভূত অম্লজান ধৰি ৰখাতো সুচল কৰে।

১০) আজিকালি বজাৰত পুখুৰীৰ পানীত তাৎক্ষণিকভাৱে অক্সিজেন বৃদ্ধি কৰা দৰব পোৱা যায়। মীন বিভাগৰ লোক অথবা মীন বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি এনেবোৰ দ্ৰব্য প্ৰয়োগ কৰিব লাগে।

মনত ৰাখিব : মাছ পালনত অনাৱশ্যক ৰাসায়নিক দ্ৰব্য, সাৰ আদি প্ৰয়োগ কৰাটো সমীচীন নহয়।

Total Comments - 0

Leave a Reply