এখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সৰ্বাংগসুন্দৰ ৰাজ্যৰ দিশত অসম

03 Jul 2018

২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল। এই অভিযানৰ মূল লক্ষ্য আছিল- ভাৰতবৰ্ষক পৰিষ্কাৰ-পৰিচ্ছন্নৰূপে গঢ়ি তোলাৰ লগতে অনাময় ব্যৱস্থাত পৰিৱৰ্তন অনা আৰু মুকলিভাৱে শৌচ-প্ৰস্রাৱ কৰা বন্ধ কৰা।

এখন ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বহুখিনি দিশ নিৰ্ভৰ কৰে। মুকলি ঠাইত মলত্যাগ কৰাৰ ফলত প্ৰতি বছৰে আমাৰ দেশৰ বৃহৎ সংখ্যক লোকে বিভিন্ন ৰোগত আক্ৰান্ত হয় আৰু গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ প্ৰতি বিশেষকৈ ভাবুকিৰ সৃষ্টি কৰে।

এই সকলো দিশ বিবেচনা কৰি, অসম চৰকাৰে গ্ৰাম্যাঞ্চলসমূহত সু-স্বাস্থ্য ব্যৱস্থা উপলব্ধ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। ২০১৬-১৭ চনৰ ভিতৰত ৰাজ্যখনত ১০.৫৪ লাখটা ব্যক্তিগত শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু বহু সংখ্যক ব্যক্তিগত তথা ৰাজহুৱা শৌচালয় নিৰ্মাণৰ কাম বৰ্তমান দ্ৰুতগতিত চলি আছে। গাৱে-ভূঁয়ে, চহৰে-নগৰে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ত সচেতনতা আনিবলৈ ৰাজ্য চৰকাৰে প্ৰচলন কৰিছে “শ্ৰেষ্ঠ স্বচ্ছ গাঁও”-ৰ বঁটা। ইতিমধ্যে স্বচ্ছতাৰ ক্ষেত্ৰত আদৰ্শ দাঙি ধৰা গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁৱক এই বঁটাৰে সন্মানিত কৰা হৈছে।

অসমক এখন পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাজ্য হিচাবে গঢ়ি তুলিবলৈ এইখন চৰকাৰে সু-পৰিকল্পিতভাৱে কঠোৰ পৰিশ্ৰম কৰি আহিছে। আমি প্ৰতিজন সচেতন নাগৰিকে স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ হৈ ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই আহিলেহে এই পৰিৱৰ্তন সম্ভৱ হৈ উঠিব। আহঁক আমি সকলোৱে হাতে হাত ধৰি নিজৰ ৰাজ্যখনক এখন সৰ্বাংগসুন্দৰ ৰাজ্য হিচাবে গঢ়ি তোলো।

Total Comments - 0

Leave a Reply