ক’ভিড -১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ঘৰুৱা মুখাৱৰণ

23 Apr 2020

বৰ্তমান বিশ্বজুৰি ক’ভিড -১৯ -য়ে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। আমাৰ দেশতো ইতিমধ্যে এই ৰোগ বিভিন্ন স্তৰত সংক্ৰমিত হৈছে। কেন্দ্ৰীয় চৰকাৰকে ধৰি ৰাজ্য চৰকাৰসমূহেও এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। ক’ভিড -১৯ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টাসমূহৰ উপৰিও আমাৰ নিজা কিছুমান সজাগতা এই ক্ষেত্ৰত যথেষ্ট উপকাৰী। সামাজিক দূৰত্ব বৰ্তাই ৰখা, সঘনাই চাবোন আৰু পানীৰে হাত ধুই থকা, এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰা ইত্যাদি এই সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ হিচাবে পৰিগণিত হৈছে।

ক’ভিড- ১৯ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত অন্য এটা গুৰুত্বপূৰ্ণ দিশ হৈছে মুখাৱৰণ (face cover)-ৰ ব্যৱহাৰ। আমি বাহিৰলৈ ওলোৱাৰ সময়ত মুখাৱৰণ পিন্ধি ওলোৱাটো এক সুৰক্ষা কবচ হিচাবে পৰিগণিত হৈছে। সুৰক্ষিত মুখাৱৰণৰ ব্যৱহাৰে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায়। বজাৰত উপলব্ধ মুখাৱৰণৰ চাহিদা যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে, কিন্তু আমি এই মুখাৱৰণ ঘৰুৱা পদ্ধতিৰে অতি সহজে প্ৰস্তুত কৰি ল’ব পাৰো। ঘৰতে উপলব্ধ পৰিষ্কাৰ কপাহী কাপোৰৰ সহায়ত চিলাই মেচিন অথবা হাতেৰেই আমি ইয়াক সহজে সাজি ল’ব পাৰো।

ঘৰুৱাভাৱে প্ৰস্তুত কৰা মুখাৱৰণৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ দিশঃ

১. এখন মুখাৱৰণ কেৱল এজন লোকেই পৰিধান কৰাটো প্ৰয়োজনীয়। পৰিয়ালৰ সকলো সদস্যৰেই নিজা নিজা মুখাৱৰণ থকাটো খুবেই জৰুৰী।

২. মুখাৱৰণ সাজি উলিওৱাৰ আগতে কাপোৰ ভালদৰে পৰিষ্কাৰ কৰি লোৱাটো জৰুৰী।

৩. মুখাৱৰণ পিন্ধাৰ আগতে সদায় হাত ভালদৰে ধুই ল’ব লাগে।

৪. মুখাৱৰণ সমূহ য’তে ত’তে পেলাই নিদি সুৰক্ষিত স্থানত ৰখাটো প্ৰয়োজন।

৫. মুখাৱৰণখন পিন্ধোতে নাক আৰু মুখ, কোনো ফাক নোহোৱাকৈ ভালদৰে আৱৰি থকাটো গুৰুত্বপূৰ্ণ কথা।

৬. মুখাৱৰণখন তিতি অথবা সেমেকি গ’লে লগে লগে আন এখন মুখাৱৰণ ব্যৱহাৰ কৰক। পিন্ধি থকাখন চাবোন অথবা নিমখ মিহলি উতলা পানীৰে পৰিষ্কাৰ কৰক।

ঘৰুৱাভাৱে মুখাৱৰণ প্ৰস্তুত কৰাৰ সম্পূৰ্ণ সুৰক্ষিত প্ৰণালী আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ ইয়াত ক্লিক কৰকঃ চাৰ্চ

ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত ৰোগৰ কোনো ভেকচিন বৰ্তমানলৈ উপলব্ধ হোৱা নাই। ইয়াক ৰোধ কৰিবলৈ বৰ্তমান একমাত্ৰ উপায়টো হৈছে আমাৰ সজাগতা। গতিকে আহক আমি সকলোৱে সজাগ হৈ বিভিন্ন চৰকাৰী স্বাস্থ্য নীতি-নিৰ্দেশনাসমূহ মানি চলি এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বদ্ধ পৰিকৰ হও।

Total Comments - 0

Leave a Reply