বন মহোত্সৱ: অসমৰ উল্লেখযোগ্য গছ-গছনি সমূহ

12 Jul 2018

৭৮,৪৩৮ বৰ্গকিলোমিটাৰ জুৰি আৱৰি থকা অসমভূমিৰ প্ৰায় ৩৫.৮৩ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে অৰণ্যৰে। অসমৰ সাৰুৱা ভূমিত আছে বহু গছ-লতিকা, যিবোৰ কেৱল ঔষধি গুণসম্পন্নই নহয়, অৰ্থনৈতিক দিশৰ ফালৰ পৰাও সমানেই গুৰুত্বপূৰ্ণ।

অসমৰ সেউজ ভূমিক চিৰ সেউজ কৰি ৰখাৰ বাবে প্ৰতিবছৰৰ জুলাই মাহত অনুষ্ঠিত হৈ আহিছে বন মহোত্সৱ। এই মহোত্সৱে গছপুলি ৰোপণ, পৰিৱেশ সংৰক্ষণেৰে সজাগতা বৃদ্ধি আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৫০ চনতে আৰম্ভ হোৱা এই মহোত্সৱৰ জৰিয়তে পৰিৱেশ সংৰক্ষণেৰে ইতিমধ্যে দেশজুৰি এক বৃহতসংখ্যক গছপুলি ৰোপণ কৰি অহা হৈছে। জৈৱ বৈচিত্ৰতা ৰক্ষাৰ মূল বিষয়বস্তুৱেই হৈছে অৰণ্য সংৰক্ষণ।

অসম চৰকাৰৰ উদ্যোগত অসমৰ থলুৱা গছ-গছনি আৰু ঔষধি গছসমূহৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ‘বন মহোত্সৱ ২০১৮’ য়ে আগভাগ লৈছে।

অসমত সততে পোৱা কিছুমান থলুৱা উদ্ভিদৰ বিৱৰণ তলত দিয়া হ’ল:

এৰা

  • এৰা গছৰ ৰোপণে পৰিৱেশ ৰক্ষাত সহায় কৰে।
  • এড়ী সূতাৰ উত্পাদনেৰে ই স্বাৱলম্বী কৰি তোলাত সহায় কৰে।

লেতেকু

  • এই গছৰ শিপা, বাকলি আৰু কাঠ বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ হিচাবে পৰিচিত।
  • লেতেকু ফল স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।
  • লেতেকু ফল ভিটামিন, মিনাৰেল আৰু আইৰণ সমৃদ্ধ।
  • শৰীৰৰ হাড় আৰু পেশী শক্তিশালী কৰাত সহায় কৰে।

ব্ৰাহ্মী

  • Bacopa monnieri বৈজ্ঞানিক নামেৰে জনাজাত ব্ৰাহ্মী ঔষধি উদ্ভিদ সেমেকা ঠাইত গজে।
  • আয়ুৰ্বেদিক চিকিত্সা হিচাবে আলচাৰ, টিউমাৰ, কুষ্ঠ, এজমা আদি বিভিন্ন ৰোগত ব্ৰাহ্মী শাক ব্যৱহৃত হয়।
  • এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ব্ৰাহ্মী শাকে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে লগতে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক অৱসাদ আঁতৰ কৰে।

তুলসী

  • অসমৰ বিভিন্ন জনগোষ্ঠীৰ ধাৰ্মিক কাৰ্যৰ বাবে তুলসী এবিধ অতি পৱিত্ৰ গছ।
  • অসমৰ কাতি বিহুত তুলসী গছৰ তলত বন্তি জ্বলাই সেৱা আগবঢ়োৱা হয়।
  • ডিঙিত হোৱা কফ, জ্বৰ, চালৰ ৰোগ আদিত তুলসী মহৌষধ।

মানিমুনি

  • অসমৰ থলুৱা খাদ্য সম্ভাৰৰ ভিতৰত মানিমুনি এবিধ উল্লেখযোগ্য উদ্ভিদ, যি ঔষধি গুণেৰে সমৃদ্ধ।
  • অসমত দুই প্ৰকাৰৰ মানিমুনি উদ্ভিদ দেখা পোৱা যায় – বৰ মানিমুনি (Asiatic pennywort) আৰু সৰু মানিমুনি (Hydrocotyle sibthorpioides)
  • মানিমুনি গছৰ ৰস পেটৰ বিষ, তেজ হাগনি, জ্বৰ, চৰ্মৰোগৰ বাবে মহৌষধ।

নিম

  • ছালত হোৱা যিকোনো ধৰণৰ সংক্ৰমণ, জ্বলা পোৰা অথবা অন্যান্য চৰ্মৰোগৰ বাবে নিম পাত মহৌষধ।
  • চুলিত হোৱা উফিৰ সমস্যা সমাধানৰ বাবেও নিম উপকাৰী।
  • নিমৰ ঠানি দাঁত ঘঁহিবলৈও ব্যৱহাৰ কৰা হয়।
  • নিম তেল হৈছে মহ প্ৰতিৰোধী এক দ্ৰব্য।
  • নিম ফুলৰ তেল বিভিন্ন প্ৰসাধন দ্ৰব্য, সুগন্ধি দ্ৰব্য প্ৰস্তুতকৰণত সহায়ক।

অসমৰ নেমু

  • অসমীয়া ৰন্ধন-প্ৰকৰণৰ বাবে এক উল্লেখযোগ্য টেঙাজাতীয় ফল।
  • অসমৰ নেমুৰ দুটা প্ৰকাৰ – গোল নেমু আৰু কাজি নেমু।
  • নেমুত প্ৰচুৰ পৰিমানে থকা ‘খাদ্যপ্ৰাণ-গ’ ৰ বাবে ই স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।
  • নেমুৰ জৰিয়তে আচৰকে আদি কৰি বিভিন্ন খাদ্যসামগ্ৰী তৈয়াৰ কৰি বিভিন্নজন স্বাৱলম্বী হৈ আছে।

হোলোং

  • অসমৰ ৰাজ্যিক গছ।
  • হোলোং গছৰ কাঠ গৃহ নিৰ্মাণকাৰ্যত ব্যৱহৃত হয়।
  • প্লাইউড, ৰেলৱে শ্লীপাৰ ইত্যাদি সাজিবলৈ এই গছৰ কাঠ ব্যৱহৃত হয়।
  • এই গছৰ পৰা নিৰ্গত অলিয়ৰেচিন চাবোন নিৰ্মাণ, জলনিৰোধক কাগজ, নাৱত দিয়া ৰং প্ৰস্তুত কৰিবলৈ ব্যৱ্হৃত হয়।

বাঁহ

  • বিভিন্ন ধৰণৰ আচবাব প্ৰস্তুত কৰিবলৈ ব্যৱহৃত হয়।
  • বাঁহ গাজ পুষ্টিকৰ আৰু বিভিন্ন ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা হয়।
  • বাঁহৰ পাতলীয়া পাত ঘৰচীয়া জন্তুৰ এক আহাৰ।

 

Total Comments - 0

Leave a Reply