মিউক’ৰমাইকোচিছ অথবা ব্লেক ফাংগাছৰ বিষয়ে কিছু কথা

31 May 2021

ব্লেক ফাংগাছ হৈছে এক ভেঁকুৰৰ সংক্ৰমণ যি মুলতঃ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন বা স্বাস্থ্যজনিত সমস্যাৰ বাবে ঔষধ গ্ৰহণ কৰি থকা লোকসকলক প্ৰভাৱিত কৰে, যিয়ে বিভিন্ন কাৰকৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা হ্রাস কৰে। প্ৰদূষিত বায়ুৰ পৰা উশাহৰ মাধ্যমেৰে এই ভেঁকুৰ এজন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে যাৰ ফলত কেতিয়াবা এনে ব্যক্তিৰ চাইনাছ বা হাঁওফাঁও আক্ৰান্ত হয়৷ অতি কম সংখ্যক লোকৰ ইয়াৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে যি মাৰাত্মকো হ’ব পাৰে।

লক্ষণসমূহ

  • মুখফুলা (সাধাৰণতে এফালৰ)
  • নাক বা ছাইনাছৰ বিষ
  • মুৰৰ বিষ
  • নাকৰ ওপৰৰ অংশত আৰু মুখৰ ভিতৰৰ ওপৰৰ অংশত হোৱা ক’লা ঘাঁ,
  • যি দ্ৰুত গতিৰে অধিক গুৰুতৰ হৈ পৰে
  • জ্বৰ, কাহ, বুকুৰ বিষ আৰু উশাহ চুটি হোৱা
  • ফোঁহা বা আলচাৰ আৰু সংক্ৰমিত স্থান ক’লা হ’ব পাৰে
  • কোনো ঘাঁৰ চাৰিওফালে বিষ হোৱা আৰু গৰম অনুভৱ কৰা বা অত্যাধিক ৰঙা পৰা
  • ওকালি অহা, বমি হোৱা বা গেষ্ট্ৰোইন্টেষ্টাইনেল ৰক্তক্ষৰণ

ৰোগৰ কাৰকসমূহ

  • অনিয়ন্ত্ৰিত ডায়েবেটিচ, বিশেষকৈ কিটোএচিডোচিছৰ সৈতে ডায়েবেটিচ
  • কৰ্কট ৰোগ
  • অংগ সংৰোপণ
  • ষ্টেম কোষ সংৰোপণ
  • শ্বেত ৰক্ত কণিকাৰ কম সংখ্যা
  • ষ্টেৰ’ইডৰ দীৰ্ঘকালীন ব্যৱহাৰ
  • শৰীৰত অত্যধিক আইৰণ
  • অষ্ট্ৰোপচাৰ বা পোৰা আঘাতৰ ফলত হোৱা ছালৰ ঘাঁ

প্ৰতিৰোধ

  • ধূলিময় এলেকা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক যদি আপুনি ইয়াক এৰাই চলিব নোৱাৰে তেন্তে এন৯৫ মাস্ক পৰিধান কৰক
  • পানী জমা হোৱা অট্টালিকা বা বানপানীৰ ফলত জমা হোৱা লেতেৰা পানীৰ সৈতে পোনপটীয়া সংস্পৰ্শ পৰিহাৰ কৰক
  • বাহিৰৰ কাৰ্যকলাপ যেনে বাগিছাৰ তদাৰক আদি কৰোতে জোতা, দীঘল পেণ্ট আৰু দীঘল হাতৰ চাৰ্ট পৰিধান কৰক
  • মাটিৰ কাম কৰা সময়ত হাত মোজা পিন্ধিব
  • চাবোন আৰু পানীৰে ছালৰ আঘাত ভালদৰে পৰিষ্কাৰ কৰক

উৎস: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম

Total Comments - 0

Leave a Reply