হাফলং : প্ৰকৃতিৰ এক অনন্য সৃষ্টি

19 Jul 2018

প্ৰকৃতিৰ অনুপম সম্পদেৰে ভৰা ডিমা হাচাও জিলাত অৱস্থিত হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰ। সমুদ্ৰপৃষ্ঠৰ পৰা ২,৩০০ ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূ-স্বৰ্গ। পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হিচাবে হাফলং জনপ্ৰিয়।

হাফলঙৰ ওচৰে পাজৰে:

হাফলঙৰ ওচৰে পাজৰে ভ্ৰমণ কৰিবলগীয়া কেইবাখনো ঠাই আছে। ইয়াৰ ভিতৰত –

হাফলং হ্ৰদ : প্ৰাকৃতিক এই হ্ৰদ পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয়। বিশেষকৈ বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটক সকল ইয়ালৈ আহে।

বৰাই হিলত পৰ্বতাৰোহণ : বৰাইল ৰেঞ্জত অৱস্থিত অসমৰ দ্বিতীয় উচ্চতম পাহাৰ বৰাই হিলৰ পৰা প্ৰকৃতিৰ অনুপম দৃশ্যৰাজি উপভোগ কৰিব পাৰি।

ফিয়াংপুই গীৰ্জা : হাফলঙৰ পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা।

জাতিংগা উপত্যকা : হাফলং নগৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন সৰু গাঁও জাতিংগা। চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ ৰহস্যৰ বাবে বিখ্যাত এই অঞ্চলটো এটা চৰ্চাৰ কেন্দ্ৰ।

মাইবং : ১৬ শ শতিকাৰ ডিমাচা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা মাইবং হৈছে এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ডিমাচা ৰাজবংশৰ ৰাজধানী হিচাবে জনাজাত এই ঠাইত বহু ভগ্নাৱশেষ দেখা পোৱা যায়।

যাতায়াত :

সমীপৰ বিমানবন্দৰ : শিলচৰ

সমীপৰ ৰেল ষ্টেচন : হাফলং

পথ পৰিবহন : সকলো ঠাইৰ পৰা হাফলঙলৈ সুচল পথসেৱা উপলব্ধ

Total Comments - 0

Leave a Reply