You don't have javascript enabled. Please Enabled javascript for better performance.

অতীজত প্ৰচলিত অসমৰ কিছু বস্ত্ৰ সম্ভাৰ

05 Aug 2019

অসমৰ বস্ত্ৰ সম্ভাৰে অতীজৰে পৰা এক বিশেষ বৈশিষ্ট্য বহন কৰি আহিছে। অতীজতে অধোবস্ত্ৰ (Lower garments) হিচাবে একবস্ত্ৰৰ প্ৰচলন আছিলসমাজৰ বৰমূৰীয়া সকলে একবস্ত্ৰৰ লগতে উত্তৰীয় বস্ত্ৰ (Upper Garments) আৰু পাগুৰি পৰিধান কৰিছিল। মধ্যযুগত অসমৰ বস্ত্ৰ শিল্পৰ যথেষ্ট পৰিৱৰ্তন ঘটে। ইয়াৰ মুলতে আছিল ইছলামিক আৰু উত্তৰ ভাৰতীয় প্ৰভাৱ আৰু লগতে দক্ষিণ এছীয় দেশসমুহ আৰু বিভিন্ন জনজাতীয় প্ৰভাৱ। মধ্যযুগত চিলাই কৰা চোলা পৰিধান কৰাৰ প্ৰচলন আৰম্ভ হয়। বিশেষকৈ বিভিন্ন ৰজা আৰু ৰজাঘৰীয়া বিষয়ববীয়া সকলে এনে চোলা পিন্ধিবলৈ আৰম্ভ কৰেএই চোলা সমূহ সাজি উলিওৱা হৈছিল কপাহ, এৰী, মুগা, টছ আদিৰ সূতাৰে। ইয়াৰ লগতে অসমলৈ বাহিৰৰ পৰা বিশেষকৈ চুবুৰীয়া ভূটানৰ পৰা উমাল কাপোৰ আমদানি কৰা কাৰ্যও আৰম্ভ হয়

অসমৰ বিভিন্ন বস্ত্ৰ সম্ভাৰৰ কিছু বৰ্ণনা তলত উল্লেখ কৰা হ :

চুৰিয়া বা ধুতি :

অধোবস্ত্ৰ হিচাবে পৰিচিত এই বস্ত্ৰ মুলত: পুৰুষসকলে পৰিধান কৰিছিলকঁকালৰ পৰা আঁঠুৰ তললৈকে পৰা আছিল এই চুৰিয়া সমাজৰ বিশেষ ব্যক্তিসকলে ৰেচম মুগা আদিৰে তৈয়াৰী চুৰিয়া পৰিধান কৰিছিল। চুৰিয়াক ভুনি হিচাবেও জনা গৈছিলচুৰিয়াৰ দৈৰ্ঘ্য আৰু পিন্ধাৰ ধৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ মৰ্যদা নিৰূপন কৰিছিল

মেখেলা :

মহিলাসকলে পৰিধান কৰা মেখেলা অধোবস্ত্ৰ হিচাবে পৰিচিতসাধাৰণতে কঁকালৰ পৰা তলৰ অংশ আৱৰি ৰখা মেখেলা বুকু ঢাকি পৰিধান কৰিলে ইয়াক মেথনি মৰা হিচাবে জনা যায়। বিভিন্ন জনজাতীয় মহিলাই এনেধৰণে মেথনি মাৰি মেখেলা পৰিধান কৰে। কপাহী, মুগা, এৰী আদি সূতাৰে তৈয়াৰী মেখেলা শব্দৰ উপত্তি সংস্কৃত মেখলা শব্দৰ পৰা অহা বুলি কোৱা হয়।   

 ঘাগৰা, ঘূৰি :

ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰেই কঁকালত পিন্ধা ঘাগৰা সাধাৰণতে বিভিন্ন ভাওনা, সংগীত নাটক আদি প্ৰদৰ্শনত পৰিধান কৰা হয়এবিধ অধোবস্ত্ৰ হিচাবে পৰিচিত ঘূৰি ভাওনাৰ সূত্ৰধৰ, গায়ন-বায়ন পৰিৱেশন কৰা শিল্পী সকলে পৰিধান কৰিছিল। 

চেলেং :

উত্তৰীয় বস্ত্ৰ হিচাবে পৰিচিত এবিধ সন্মানীয় বস্ত্ৰ হৈছে চেলেংপ্ৰায় ২৭৪ ছে:মি: দীঘল আৰু ১৩০ ছে:মি: বহল এই বস্ত্ৰৰ দুটা মুৰত ফুল তোলা থাকে। দেহৰ সন্মুখৰ ফালে এটা অংশ ৰাখি লৈ বাঁও কান্ধেৰে পিঠিৰ ফালে আনটো অংশ ওলোমাই লোৱা হয়। বৈবাহিক কাৰ্যত দৰায়ে পাটৰ চেলেং চাদৰ পৰিধান কৰে।

চাদৰ :

মহিলা সকলে পৰিধান কৰা চাদৰ দীঘলে প্ৰায় ২.৭৫ ৰ পৰা ২.৮১ মিটাৰ আৰু পুতলে প্ৰায় ১.০৩ ৰ পৰা ১.২৫ মিটাৰ হয়সাধাৰণতে মেখেলাৰ লগত কপাহী, মুগা আদি সূতাৰে তৈয়াৰী চাদৰ পৰিধান কৰা হয়।

ৰিহা :

মহিলাৰ এখনি মূল উত্তৰীয় বস্ত্ৰ হৈছে ৰিহা অথবা কাঁচলি। বুকু ঢাকিবলৈ ৰিহা পৰিধান কৰা হৈছিল। এই ৰিহা কেৱল বিবাহিতা মহিলাইহে পৰিধান কৰা নিয়ম প্ৰচলিত আছিল। এৰী, কপাহী অথবা মুগা সূতাৰে তৈয়াৰী ৰিহা, চাদৰ আৰু মেখেলাৰ সৈতে সমাজৰ সম্ভ্ৰান্ত শ্ৰেণীৰ মহিলাসকলে পৰিধান কৰিছিল।  

এৰী কাপোৰ :

আহোম যুগৰ পৰা প্ৰচলিত এৰী চাদৰ এৰী সূতাৰ পৰা তৈয়াৰ কৰা হয়। মহিলা সকল বুটা বচা ফুলেৰে সজ্জিত এৰী কাপোৰ গাত লৈছিল আৰু পুৰুষ সকলে সাধাৰণতে একৰঙী এৰী চাদৰ ব্যৱহাৰ কৰিছিল। এই এৰী চাদৰ শীতকালত শীতৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হৈছিল।

 চোলা :

অসমত অতীজৰে বিভিন্ন প্ৰকাৰৰ চোলা দেখিবলৈ পোৱা গৈছিলবুৰঞ্জীমতে আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহই পোনপ্ৰথমে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰং আৰু ডিজাইনৰ চিলাই থকা চোলা সংগ্ৰহ কৰিছিল। ৰজাকে ধৰি ৰজাঘৰীয়া উচ্চপদস্থ বিষয়ববীয়া সকলে পৰিধান কৰা চোলাক চাপকন হিচাবে জনা গৈছিল। আহোম স্বৰ্গদেউসকলে মেজাংকৰি, কিংখাপ আৰু গোমচেঙৰ সূতাৰে তৈয়াৰী আৰু সোণালী সূতাৰে বুটা বছা চাপকনৰ চোলা পৰিধান কৰিছিল। ইয়াৰ উপৰিও আভিজাত্যৰ প্ৰতীক হিচাবে চাপকনৰ ওপৰত চৌগা নামেৰে দীঘল চোলা পৰিধান কৰা হৈছিল। ইয়াৰোপৰি স্বৰৰ্গদেউসকলে মূল্যবান ৰূপৰ বেৰিদিয়া চোলা পৰিধান কৰিছিল যত ৰূপালী সূতাৰ ব্যৱহাৰ কৰা হৈছিলইয়াৰোপৰি অতীজতে গোমচেঙৰ চোলা, চোলা, হলৌ চোলা, এঙা চোলা, বুকু চোলা আদিৰ প্ৰচলন আছিল 

পাগুৰি, ফচৌ আৰু জামা :

অসমত বসবাস কৰা লোকৰ মাজত মূৰত পিন্ধিবৰ কাৰণে পাগুৰিৰ প্ৰচলন আছিল। ইয়াক পাগ হিচাবেও জনা যায়। সমাজৰ বৰমূৰীয়া সকলে বিশেষ ধৰণৰ পাগ ব্যৱহাৰ কৰিছিল। বিভিন্ন পাগৰ ভিতৰত মথুৰা পাগ, বৰ পাগ আদিয়েই প্ৰধান। আহোম স্বৰ্গদেউ গদাধৰ সিংহই মূৰত বান্ধিবলৈ ফচৌ নামেৰে একপ্ৰকাৰৰ পাগুৰি ব্যৱহাৰ কৰিছিল। আনহাতে স্বৰ্গদেউ ৰুদ্ৰসিংহই মোগল সম্ৰাট সকলে ব্যৱহাৰ কৰা পাগুৰিৰ আৰ্হিত জামা নামেৰে এক পাগ ব্যৱহাৰ কৰিছিল

উৎস : Ancient Assamese Costumes & Designs (Handloom Research & Designing Centre, Guwahati)

 

 

 

Total Comments - 0

Leave a Reply