অসমৰ পৰা অলিম্পিক যাত্ৰা

26 Jul 2021

“দা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ” হিচাপে পৰিগণিত বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰাটো প্ৰতিগৰাকী খেলুৱৈৰ বাবে এক বৃহৎ প্ৰাপ্তি হোৱাৰ লগতে অলিম্পিকত পদক অৰ্জন কৰাটো এক সপোন। বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ শক্তিশালী দেশসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই শ্ৰেষ্ঠত্ব অৰ্জন কৰি নিজৰ দেশ তথা স্ব-নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ প্ৰতিগৰাকী খেলুৱৈয়ে অলিম্পিকত নিজৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। ভাৰতবৰ্ষৰ পৰা ইতিমধ্যে বহুসংখ্যক ক্ৰীড়াবিদে অলিম্পিকত সফলতা লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

২০২১ চনৰ টকিঅ’ অলিম্পিকৰ এই সময়ছোৱাত আমি কেইগৰাকীমান বিখ্যাত অসমীয়াৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিসকলে ইতিমধ্যে বিভিন্ন সময়ত অলিম্পিকৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ সম্ভাৱনাপূৰ্ণ ক্ৰীড়া ক্ষেত্ৰলৈ যথেষ্ট আশা আৰু অনুপ্ৰেৰণাৰ ধল বোৱাই অনা এইসকল ক্ৰীড়াবিদৰ অলিম্পিক যাত্ৰাৰ বিষয়ে কিছু কথা—

লাভলীনা বৰগোহাঁই

১৯৯৭ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা লাভলীনা বৰগোহাঁই অসমৰ প্ৰথমগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন মহিলা বক্সাৰ। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতবৰ্ষ তথা অসমলৈ সুনাম কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই বৰ্তমানৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ স্ৰোত।

২০২১ চনৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগে লাভলীনা বৰগোহাঁই অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে পৰিগণিত হয় আৰু শিৱ থাপাৰ পাছত দ্বিতীয়গৰাকী অসমীয়া বক্সাৰ হিচাপে পৰিগণিত হয়। ২০২০ চনৰ মাৰ্চ মাহত লাভলীনা বৰগোহাঁয়ে Asia & Oceania Boxing Olympic Tournamentত উজবেকিস্তানৰ মাফতুনাখন মেলিয়ভাৰ বিৰুদ্ধে ৫-০ৰ ব্যৱধানত জয়লাভ কৰি টকিঅ’ অলিম্পিকত নিজৰ স্থান সুৰক্ষিত কৰে। ইয়াৰ পূৰ্বে ২০১৮ চনত অনুষ্ঠিত Asian Olympic Qualifiersত ব্ৰঞ্জৰ পদক অৰ্জনেৰে লাভলীনা বৰগোহাঁয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছিল। বৰ্তমান ১৩০০ পইন্টৰে AIBAৰ বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ খেলুৱৈ লাভলীনা বৰগোহাঁই বৰ্তমান অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰে গৌৰৱ।

শিৱ থাপা

অসমৰ বক্সিং ক্ষেত্ৰখনৰ উল্লেখযোগ্য বক্সাৰ শিৱ থাপাই বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুনাম অৰ্জন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছিল ২০১২ চনৰ লণ্ডন অলিম্পিকত। ২০১২ চনত লণ্ডন অলিম্পিকৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ২০১২ চনত কাজাখাস্তানত অনুষ্ঠিত Asian Olympic Qualifiersত সোণৰ পদক লাভ কৰাৰ লগে লগে শিৱ থাপাৰ ২০১২ চনত লণ্ডন অলিম্পিকত স্থান নিশ্চিত হৈছিল।  শিৱ থাপাই লণ্ডন অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ লগে লগে অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। ২০১২ চনত শিৱ থাপাই প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ বিদায় ল’বলগীয়া হৈছিল। দ্বিতীয়বাৰৰ বাবে শিৱ থাপাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল। কিন্তু ২০১৬ চনতো তেওঁ ২০১২ লণ্ডন অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কিউবাৰ ৰবিছে ৰেমিৰেজৰ হাতত পৰাজয়বৰণ কৰে।

জয়ন্ত তালুকদাৰ

জয়ন্ত তালুকদাৰৰ জন্ম হৈছিল ১৯৮৬ চনত গুৱাহাটীত । দেশৰ এগৰাকী অন্যতম প্ৰতিভাৱান আৰ্চাৰ জয়ন্ত তালুকদাৰ ২০০৪ চনত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ অংশ আছিল৷ জয়ন্ত তালুকদাৰে ২০০৬ চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰি দেশজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে তেওঁ ২০০৬ চনত ফিটা মেটেকাস্কান বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল আৰু সেই বছৰেই ড’হা এছিয়ান গেমছৰ দলগত প্ৰতিযোগিতাত দক্ষিণ এছিয়ান গেমছত সোণৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। জয়ন্ত তালুকদাৰে প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল ২০১২ চনত লণ্ডন অলিম্পিকত। লণ্ডন অলিম্পিকত তেওঁ ব্যক্তিগত আৰু দলীয় দুয়োটা শাখাতেই অংশগ্ৰহণ কৰিছিল। জয়ন্ত তালুকদাৰে ২০০৭ চনত সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছিল আৰু এই সন্মান লাভ কৰা অসমৰ তৃতীয়গৰাকী এথলীট হিচাপে পৰিগণিত হৈছিল।

দীপাংকৰ ভট্টাচাৰ্য

দেশৰ সৰ্বশ্ৰেষ্ঠ শ্বাটলাৰসকলৰ ভিতৰত অন্যতম দীপাংকৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৭২ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটীত। প্ৰথম অৱস্থাত পিতৃৰ ওচৰত বেডমিণ্টনৰ আদিপাঠ শিকাৰ পাছত তেওঁ পৰৱৰ্তী সময়ত বেংগালুৰুলৈ গমন কৰে। তাতে তেওঁ বিখ্যাত বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ বেডমিণ্টন একাডেমীত বেডমিণ্টনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু প্ৰকাশ পাডুকন আৰু বিমল কুমাৰৰ সৈতে প্ৰশিক্ষণ লৈছিল। দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি ১৩ বছৰ বয়সত যথেষ্ট সুনাম অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ অসমৰ ৰাজ্যিক বেডমিণ্টন দলৰ নিয়মীয়া সদস্য হৈছিল। তেওঁ অসমক ছাব জুনিয়ৰৰ লগতে জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত খিতাপ জয় কৰাত সহায় কৰিছিল। ১৯৯৪ চনত দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমটো ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন খিতাপ লাভ কৰিছিল। ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকত ভাৰতীয় পতাকা কঢ়িয়াই নিয়া দীপাংকৰ ভট্টাচাৰ্য বৰ্তমানলৈকে একমাত্ৰ ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈ যিয়ে একেৰাহে দুবাৰকৈ অলিম্পিকৰ মূল প্ৰতিযোগিতাত অংশ লৈছে। ১৯৯২ চনত বাৰ্চিলোনা অলিম্পিকত অংশগ্ৰহণ কৰাৰ পাছত ১৯৯৬ চনত তেওঁ আটলাণ্টা অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ১৯৯২ চনত বাৰ্চিলোনা অলিম্পিকত দীপাংকৰ ভট্টাচাৰ্যই সেই সময়ৰ বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানৰ খেলুৱৈ ঝান জিয়ানহুয়াৰ হাতত পৰাস্ত হোৱাৰ আগতে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। দীপাংকৰ ভট্টাচাৰ্যই ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত অংশগ্ৰহণ কৰে কিন্তু ইণ্ডোনেছিয়াৰ খেলুৱৈ হাৰিযান্তো আৰ্বিৰ হাতত পৰাস্ত হৈ প্ৰাৰম্ভিক পৰ্যায়তে বিদায় ল’বলগীয়া হয়।

ডা: টালিমেৰণ আও

ডা: টি আও নামেৰে প্ৰসিদ্ধ টালিমেৰণ আওক ভাৰতৰ সৰ্বকালৰ মহান ফুটবল খেলুৱৈসকলৰ ভিতৰত এজন হিচাপে গণ্য কৰা হয়। টালিমেৰণ আওৰ জন্ম হৈছিল ১৯১৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ নাগালেণ্ডত। তেওঁ মহাৰাণা ক্লাবক পাছলৈ প্ৰতিনিধিত্ব কৰাৰ সময়ত লাইমলাইটলৈ আহিছিল। প্ৰথম অৱস্থাত কলকাতাৰ বিখ্যাত মহাৰাণা ক্লাবত খেলাৰ পাছত ১৯৪৩ চনত আওে দেশৰ মোহন বাগানৰ গৈ খেলিবলৈ আৰম্ভ কৰে। তীক্ষ্ণ ফুটবল বোধ, সুন্দৰ দক্ষতা, সাহস আৰু খেলৰ প্ৰতি সমৰ্পণে তেওঁক জীৱন্ত কালতেই ভাৰতীয় ফুটবল তথা ক্ৰীড়া জগতৰ এগৰাকী কিংবদন্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল। আও স্বাধীন ভাৰতৰ প্ৰথম ফুটবল দলৰ অধিনায়ক আছিল আৰু ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ নেতৃত্ব বহন কৰিছিল। অলিম্পিকৰ প্ৰথমখন খেলত বাৰ্মাৰ (বৰ্তমানৰ ম্যানমাৰ) বিৰুদ্ধে ভাৰতীয় দলে ৱাকঅভাৰ লাভ কৰাৰ পাছত আওৰ নেতৃত্বত ১৯৪৮ চনত ভাৰতীয় দলে ফ্ৰান্সৰ বিৰুদ্ধে খেলপথাৰত নামিছিল। ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত আওৰ নেতৃত্বত ভাৰতীয় দলে স্বৰাজোত্তৰ কালৰ প্ৰথমখন আনুষ্ঠানিক আন্তৰ্জাতিক ফুটবল খেলত অৱতীৰ্ণ হৈছিল।

Total Comments - 0

Leave a Reply