অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আগবঢ়োৱা বঁটাসমূহ

31 Jul 2018

স্বকীয় চিন্তা-ভাৱনা আৰু কৰ্মৰাজীৰে অসমৰ সাংস্কৃতিক জগতখনলৈ অনদব্য অৱদান আগবঢ়াই অহা নমস্য ব্যক্তিসকলক স্বীকৃতি জনাই অসমৰ সাংস্কৃতিক বিভাগে তেখেতসকলক বিভিন্ন বঁটাৰে সন্মানিত কৰি আহিছে। অসমৰ থলুৱা আৰু শাস্ত্ৰীয় গীত-নৃত্য, নাটক, চলচ্চিত্ৰ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত আাগবঢ়োৱা বৰঙণিৰ বাবে সেইসকল বিশিষ্ট ব্যক্তিক বিভিন্ন সময়ত চৰকাৰীভাৱে এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰি অহা হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাসমূহ :

প্ৰতি দুবছৰৰ অন্তৰালত – আজান পীৰ বঁটা, ফখৰুদ্দিন আলি আহমেদ বঁটা, কে.কে.সন্দিকৈ বঁটা, গোপীনাথ বৰদলৈ বঁটা, কালিচৰণ ব্ৰহ্ম বঁটা

প্ৰতি তিনি বছৰৰ অন্তৰালত – শ্ৰীমন্ত শংকৰদেৱ বঁটা, মাধৱদেৱ বঁটা, চ্যুকাফা বঁটা, বীৰ চিলাৰায় বঁটা

শ্ৰীমন্ত শংকৰদেৱ বঁটাত আছে নগদ ৩ লাখ টকাৰ লগতে স্মাৰক আৰু সোণৰ পদক

অন্যান্য ৰাষ্ট্ৰীয় বঁটাসমূহৰ ক্ষেত্ৰত স্মাৰকৰ সৈতে ২ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হয়।

 

যোগ্যতা

সকলো জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে সকলো যোগ্য ভাৰতীয় নাগৰিকক(পুৰুষ-মহিলা)এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।

যিকোনো সংগঠন, প্ৰতিষ্ঠান অথবা সংস্থাও এই বঁটাৰ বাবে যোগ্য হিচাবে বিবেচিত হ’ব পাৰে।

বয়স – ৫০ বছৰৰ উৰ্ধ্বৰ হোৱাটো বাঞ্চনীয়।

মৰণোত্তৰভাৱে প্ৰদান কৰাৰ ব্যৱস্থা উপলব্ধ।

এগৰাকী ব্যক্তিৰ জীৱনকালত এবাৰৰ বাবে এই সন্মান আগবঢ়োৱা হয়।

 

দীঘলীয়া সময়ৰ বাবে কাম কৰাৰ অভিজ্ঞতা তথা সফলতাৰ ভিত্তিত এই বঁটা আগবঢ়োৱা হয়

 

নিৰ্বাচনৰ প্ৰক্ৰিয়া

অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এটা নিৰ্দিষ্ট তাৰিখত নিন্মোক্ত সংস্থাসমূহৰ পৰা মনোনয়ন বিচাৰে

১. ভাৰতীয় সংগীত নাটক অকাডেমী

২. ভাৰতীয় ললিত কলা অকাডেমী

৩. মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ

৪. মানৱ সম্পদ মন্ত্ৰ্যালয়,ভাৰত চৰকাৰ

৫. ভাৰতৰ সাহিত্য অকাডেমী

৬. অসম সাহিত্য সভা

৭. ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ কলা বিভাগৰ মুৰব্বী/ডিন

৮. তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰ্যালয়

৯. বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ

 

ৰাজ্যিক পৰ্য্যায়ৰ বঁটা

বছৰেকীয়া সন্মান – শিল্পী বঁটা, বিষ্ণু ৰাভা বঁটা, নটসূৰ্য ফণি শৰ্মা বঁটা, শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা

প্ৰতি তিনি বছৰৰ অন্তৰালত আগবঢ়োৱা বঁটা – সাহিত্যচাৰ্য অটুল চ ন্দ্ৰ হাজৰিকা বঁটা, ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা, বীৰেন্দ্ৰ কুমাৰ ভট্টচাৰ্য বঁটা, অমল প্ৰভা দাস বঁটা, চন্দ্ৰ প্ৰভা শইকীয়া বঁটা, গণেশ গগৈ বঁটা, মামনি ৰয়চম গোস্বামী বঁটা, অসম ৰত্ন বঁটা, বীৰাংগণা সতী সাধনী বঁটা, বাচকান্দি শ্বেইখ আহমেদ আলি বঁটা, ছৈয়দ আব্দুল মালিক বঁটা

অসম ৰত্ন বঁটাত আছে  নগদ ৩ লাখ টকাৰ লগতে স্মাৰক, ফলক আৰু এখন অংগ বস্ত্ৰ

অন্যান্য ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহৰ ক্ষেত্ৰত ষ্মাৰক আৰু এখন অংগবস্ত্ৰৰ সৈতে ১ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হয়।

যোগ্যতা

সকলো জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে সকলো ভাৰতৰ সকলো যোগ্য ব্যক্তিক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়।

যিকোনো সংগঠন, প্ৰতিষ্ঠান অথবা সংস্থাক এই বঁটাৰ বাবে নিৰ্বাচন কৰা নহয়

বয়্স – ৫০ বছৰৰ ঊৰ্দ্ধৰ হোৱাটো বাঞ্চনীয়

মৰণোত্তৰভাৱে প্ৰদান কৰাৰ ব্যৱস্থা উপলব্ধ

এগৰাকী ব্যক্তিৰ জীৱনকালত এবাৰৰ বাবে এই সন্মান

 

নিৰ্বাচনী প্ৰক্ৰিয়া

অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এটা নিৰ্দিষ্ট তাৰিখত নিন্মোক্ত সংস্থাসমূহৰ পৰা মনোনয়ন বিচাৰে

১. অসম সাহিত্য সভা

২. বড়ো সাহিত্য সভা

৩. তিৱা সাহিত্য সভা

৪. মিচিং সাহিত্য সভা

৫. ৰাভা সাহিত্য সভা

৬. কাৰ্বি সাহিত্য সভা

৭. ডিমাচা সাহিত্য সভা

৭. ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ কলা বিভাগৰ মুৰব্বী/ডিন

৮. তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰ্যালয়

৯. অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ অধীনৰ সাংস্কৃতিক কেন্দ্ৰসমূহ

 

Total Comments - 0

Leave a Reply