ওৰাং ৰাষ্ট্ৰীয় উদ্যান : এক মনোৰম প্ৰাকৃতিক স্থলী

03 Aug 2018

দৰং আৰু শোণিতপুৰ জিলাক সাঙুৰি অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ পৰ্যটন মানচিত্ৰত এখন গুৰুত্বপূৰ্ণ স্থলী। অসমৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান ওৰাঙক ১৯৮৫ চনত অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়৷ ইন্দো-মালয় জৈৱবৈচিত্ৰ হটস্পটৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰজাতিৰ বন্য প্ৰাণী আৰু উদ্ভিদ পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইন্দো-মালয় জৈৱবৈচিত্ৰ হটস্পটৰ অন্তৰ্গত প্লাৱনভূমিৰ এক অবিচ্ছেদ্য অংগ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানক এখন কৃত্ৰিম অৰণ্য হিচাবেও জনা যায়। প্ৰায় ১৯০০ চনলৈকে ই আছিল জনবসতিৰে ভৰা এটা অঞ্চল। কিন্তু এই অঞ্চলত হোৱা এক মহামাৰীত বহু লোকৰ মৃত্যু ঘটে ফলত অৱশিষ্ট লোকসকলে এই ঠাই পৰিত্যাগ কৰে। ইয়াৰ ফলত এই অঞ্চলটো বন্যপ্ৰাণীৰ বিচৰণেৰে এক অৰণ্যৰ ৰূপ লয়। উদ্যানৰ ভিতৰত বহুকেইটা মানুহে খন্দা পুখুৰীকে বহুককেইটা জলাশয় অৱস্থিত।

বহু দূৰ্লভ প্ৰজাতিৰ চৰাই আৰু বন্যপ্ৰাণীৰ বাসস্থান ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। এশিঙিয়া গড়কে ধৰি ঢেঁকীয়াপটীয়া বাঘ, হাতী, নল গাহৰি, খটিয়া পহু, বন গাহৰি, লতামাকৰি, জহামল, বন মেকুৰী আদি বন্যপ্ৰাণী পোৱা যায়। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰীয় উদ্যানখনত ২২২ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই উপলব্ধ।
পৰ্যটকৰ বাবে বাৰিষা কালৰ সময়খিনি বাদ দি এই ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ সুবিধা উপলব্ধ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থলী হিচাবে পৰিগণিত হৈছে। অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহ এই ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ আটাইতকৈ অনুকূল সময়।

যাতায়াত
সমীপৰ বিমানবন্দৰ : শালনিবাৰী (তেজপুৰ)
সমীপৰ ৰেল ষ্টেচন : ৰাঙাপাৰা
পথসেৱা : বিভিন্ন ঠাইৰ পৰা ওৰাঙলৈ সূচল পথসেৱা উপলব্ধ

Total Comments - 0

Leave a Reply