টিলিঙা মন্দিৰ

30 Jul 2018


তিনিচুকীয়া নগৰৰ পৰা ৭ কিঃমিঃ নিলগৰ বৰডুবিত অৱস্থিত এটা শিৱ মন্দিৰ। চহৰৰ হুলস্থূলীয়া পৰিৱেশৰ পৰা কিছু আঁতৰত এক শান্ত পৰিৱেশত অৱস্থিত এই মন্দিৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্য্টনৰ স্থলী। এই মন্দিৰৰ প্ৰাংগনত সমাগম হোৱা অজস্ৰ ভক্তই টিলিঙা বন্ধাৰ পৰম্পৰা আছে। মন্দিৰৰ চৌপাশে হাজাৰ হাজাৰ টিলিঙা ওলমি থকা বাবে এই মন্দিৰ টিলিঙা মন্দিৰ নামেৰে জনপ্ৰিয়।

সত্তৰ দশকত নিৰ্মিত এই মন্দিৰটোলৈ অসমকে ধৰি অসমৰ বাহিৰৰ বিভিন্নঠাইৰ পৰা দৈনিক শতাধিক ভক্তৰ সমাগম হয়। সেইবাবে ই বৰ্তমান তিনিচুকীয়া জিলাৰ এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে চিহ্নিত হৈছে।

টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ বাবে মন্দিৰৰ দাঁতিকাষৰীয়া মনোমোহা অঞ্চলসমূহ পৰিদৰ্শনৰ সুবিধা উপলব্ধ। ইয়াৰ আশে-পাশে থকা ৰুক্মিণী দ্বীপ, দিহিং পাটকাই অভয়াৰণ্য, আই থান আদিৰ লগতে সমীপৰ চাহ বাগানসমূহৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।

 

সমীপৰ বিমানবন্দৰ : ডিব্ৰুগড়
সমীপৰ ৰেলষ্টেচন : তিনিচুকীয়া
পথসেৱা : টিলিঙা মন্দিৰলৈ বিভিন্ন ঠাইৰ পৰা সুচল পথসেৱা উপলব্ধ

Total Comments - 0

Leave a Reply