বৰদৈবাম বিলমুখ পক্ষী উদ্যান

25 Jul 2018

অসম জৈৱ বৈচিত্ৰতাত চহকী এখনি মনোৰম ৰাজ্য। গছ-গছনিৰে ভৰা ৰাজ্যখনৰ সেউজীয়া বাতাবৰণে সকলোৰে মন প্ৰাণ উদ্ভাসিত কৰে। অসমৰ বিভিন্ন বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহত থকা বিভিন্ন প্ৰজাতিৰ স্থানীয়, পৰিভ্ৰমী পক্ষী, বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আৰু উদ্ভিদ আদিয়ে পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে।

ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান অৱস্থিত। চৰকাৰৰ প্ৰস্তাৱিত এ‌ই পক্ষী উদ্যানত বিভিন্ন স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটে। পক্ষীকুলৰ বাহিৰেও বিলখন বিভিন্ন জলজ প্ৰাণী যেনে বিভিন্ন থলুৱা মাছ, কাছ, সাপ আদি আৰু বিভিন্ন জলজ উদ্ভিদেৰে ভৰা। তথ্য অনুসৰি, বৰদৈবাম হ’ল ১৮১ বিধ প্ৰজাতিৰ পক্ষীৰ বিচৰণথলী। এই উদ্যানত দেখা পোৱা পৰিভ্ৰমী আৰু দেশীয় পক্ষীসমূহৰ ভিতৰত হাড়গিলা, মাছোৰোকা, পানী কাউৰী, বৰশৰালি, তিল কপৌ আদি উল্লেখযোগ্য। চহৰৰ হুলস্থুলীয়া পৰিৱেশৰ পৰা নিলগত অৱস্থিত এই বৰদৈবাম বিলমুখ পক্ষী উদ্যান প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটনৰ বাবে এক মনোৰম ঠাই। এই উদ্যানলৈ অহা-যোৱা কৰিব পৰাকৈ যাতায়াতৰ ব্যৱস্থাও সুচল।

 

সমীপৰ  বিমানবন্দৰ হ’ল : লখিমপুৰ

সমীপৰ ৰেলৱে ষ্টেচন : গোগামুখ

পথসেৱা : বাছ আৰু টেক্সিৰ নিয়মীয়া সেৱা উপলব্ধ

Total Comments - 0

Leave a Reply