You don't have javascript enabled. Please Enabled javascript for better performance.

মিচিং সমাজৰ উলাহৰ উৎসৱ – আলি আঃয়ে লৃগাং আৰু পঃৰাগ

21 Feb 2020

অসমৰ ঐতিহ্যময়, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে চহকী এক জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। অতীজৰে পৰা মিচিং সমাজে অসমত সম্প্ৰীতি আাৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীৰে নিজৰ স্বকীয় পৰিচয় বহন কৰি আহিছে। চহকী মিচিং জনগোষ্ঠীৰ সংস্কৃতিৰ এক অন্যতম উপাদান হৈছে ইয়াৰ বাৰেৰহণীয়া উৎসৱ তথা পৰম্পৰাসমূহ।
মিচিং জনগোষ্ঠীয়ে মূলতঃ দুই ধৰণৰ কৃষিভিত্তিক উৎসৱ পালন কৰে – আলি আঃয়ে লৃগাং আৰু পঃৰাগ। এই দুয়োটা উৎসৱেই যথেষ্ট উলহ মালহেৰে পালন কৰা হয়। আলি আঃয়ে লৃগাং শস্য ৰোপণৰ আগত আাৰু পঃৰাগ খেতিৰ সফল সমাপ্তিৰ পাছত পালন কৰা হয়। দুয়োটা উৎসৱতেই সকলোৰে মঙ্গল কামনাৰে মিচিং সমাজৰ ইষ্টদেৱতাক প্ৰাৰ্থনা জনোৱা হয়।

আলি আঃয়ে লৃগাং
মিচিং জনগোষ্ঠীৰ এক অন্যতম পৰিচয় দাঙি ধৰা উৎসৱ হৈছে আলি আঃয়ে লৃগাং। কৃষিভিত্তিক এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’। এই উৎসৱত মিচিং লোকসকলে শস্য সিঁচাৰ লগতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷ ঘৰখনৰ মূল ব্যক্তিগৰাকীয়ে আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে শস্যপথাৰৰ মংগল আৰু খেতিৰ শ্ৰীবৃদ্ধি কামনা কৰি ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰাৰ্থনা কৰা হয়। উলাহৰ এই আয়োজনত তৰাপাতেৰ মেৰিয়াই সিদ্ধ কৰা বিশেষ আঠাজাতীয় চাউলৰ ভাত পুৰাং আপিন, আৰু চাউলেৰে তৈয়াৰী পৰম্পৰাগত পেয় আপং পৰিৱেশন কৰা হয়। গাঁৱৰ ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ পদূলিমুখত গুমৰাগ চঃমেন নৃত্য-গীত পৰিৱেশন কৰে। আলি আঃয়ে লৃগাং উৎসৱ পৰম্পৰাগতভাৱে পাঁচদিনীয়াকৈ পালন কৰা হয়। এই উৎসৱৰ সৈতে সংগতি ৰাখি মিচিং সমাজত বিভিন্ন লোকবিশ্বাসৰো প্ৰচলন আছে। উদাহৰণস্বৰূপে, উৎসৱৰ চতুৰ্থ দিনা মাটি খন্দা, গছ কটা, কণী, ফল-মূল, ভজা পোৰা আদি খাদ্য খোৱা, মাছ মৰা, পথাৰত জুই ধৰা আদিৰ ক্ষেত্ৰত বাধা নিষেধৰ নিয়ম প্ৰচলিত আছে। এই বাধা নামানিলে পথাৰত শস্যৰ উৎপাদন ভাল নহয় বুলি মিচিং সমাজত বিশ্বাস কৰা হয়।

পঃৰাগ
মিচিং সমাজত প্ৰচলিত অন্য এক প্ৰধান কৃষিভিত্তিক উৎসৱ হৈছে পঃৰাগ। শস্যৰ উৎপাদন ভাল হ’লে খেতি চপোৱাৰ পাছত পালন কৰা এই উৎসৱ বাৰ্ষিকভাৱে পালন কৰা নহয়। এই উৎসৱত গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা সৃষ্টিকৰ্তা তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হয়। এই উৎসৱত গাঁৱৰ সকলোৱে মিলি ভোজ-ভাত খায়, য’ত গাহৰিৰ মঙহ আৰু পঃৰ আপং নামৰ ছাই মদ পৰিৱেশন কৰা হয়। এই উৎসৱৰ এক অন্যতম বৈশিষ্ট্য হৈছে নিজৰ গাঁও এৰি অন্য ঠাইত বিবাহসূত্ৰে বাস কৰা জীয়ৰী সকলক উৎসৱলৈ নিমন্ত্ৰণ, লগতে কাষৰীয়া ঠাইৰ গণ্য-মান্য ব্যক্তিসকলকো ভোজলৈ নিমন্ত্ৰণ কৰা হয়। এই উৎসৱ তিনিদিন ধৰি নৃত্য-গীতৰ মাজেৰে উদযাপন কৰা হয়।

Total Comments - 0

Leave a Reply