অসমীয়া জাতীয় জীৱনৰ এক অন্যতম প্ৰতীক – জাপি
অসমৰ লোক-সংস্কৃতিৰ এক অন্যতম পৰিচয় হৈছে – জাপি। জাপি মুলত: আছিল চহা কৃষকে ব্যৱহাৰ কৰা এবিধ পৰম্পৰাগত যতন। পুৰণি দিনত ছাতিৰ প্ৰচলন সীমিত হোৱা বাবে খেতিয়ক ৰাইজে আগতে ৰ’দ-বৰষুণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মুৰত জাপি পিন্ধি লৈছিল। গতিকে কৃষিকাৰ্যৰ বাবে জাপি আছিল এক প্ৰয়োজনীয় অংগ।
মুলত: বাঁহ আৰু টকৌ পাতেৰে সাজি উলিওৱা অসমৰ জাপি নিৰ্মাণ প্ৰক্ৰিয়া এক অন্যতম থলুৱা কুটীৰ শিল্প হিচাবেও পৰিচিত। বাঁহ আৰু টকৌ গছ এবিধ সহজলভ্য গছ হোৱা বাবে অসমৰ গ্ৰামাঞ্চলত জাপি সজা কুটীৰ শিল্প এতিয়াও বিৰাজমান, যদিও বৰ্তমান ফুলাম জাপি নিৰ্মাণ শিল্পহে বেছি জনপ্ৰিয়।
জাপি কেইবাপ্ৰকাৰৰো আছে। ইয়াৰ ভিতৰত – বৰ জাপি, উকা জাপি অথবা হালোৱা জাপি, সৰুদৈয়া জাপি অথবা ফুলাম জাপি আদিয়েই প্ৰধান।
বৰ জাপি সাধাৰণতে ব্যৱহাৰ কৰিছিল সমাজৰ বৰমূৰীয়া লোকসকলে। বিভিন্ন উৎসৱ-পাৰ্বন আদিত সম্ভ্রান্ত ঘৰৰ লোকসকলে বৰজাপি ব্যৱহাৰ কৰিছিল। জাপিৰ প্ৰচলন আহোম ৰাজত্ব কালতো আছিল। আহোম ৰাজঘৰৰ বিষয়বাবৰ ওপৰত ভিত্তি কৰি এই বৰজাপিৰ প্ৰচলন আছিল। বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্রগোঁহাই আদি পদবীৰ বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মিত জাপি ব্যৱহাৰ কৰিছিল, আনহাতে বৰফুকন পদবীৰ বিষয়াসকলে পিন্ধিছিল ৰূপৰ চুলাৰে নিৰ্মিত জাপি।
উকা জাপি মুলত: ব্যৱহাৰ কৰা হৈছিল কৃষক তথা বনুৱা সকলে বিভিন্ন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়ত ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ। এই জাপিক হালোৱা জাপি অথবা গৰখীয়া জাপি হিচাবেও জনা যায়। বৰ্তমান এই জাপিৰ প্ৰচলন খুবেই কম।
জাপিৰ বিভিন্ন শ্ৰেণীৰ ভিতৰত ফুলাম জাপি অথবা সৰুদৈয়া জাপি বৰ্তমান আটাইতকৈ জনপ্ৰিয়। সৰু বাঁহৰ দৈ অথবা মিহি কাঠীৰে এনে জাপি সজা হয় বাবে বাবে ইয়াক সৰুদৈয়া জাপি হিচাবেও জনা যায়। বৰ্তমান চৰাঘৰ শুৱনি কৰিবলৈ অথবা বিহুনৃত্যত এই জাপিৰ প্ৰচলন সৰ্বাধিক।
অসমৰ জাতীয় জীৱনত জাপিয়ে এক গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰি আছে। বিহুৰ লগত ই ওত:প্ৰোত:ভাৱে জড়িত হৈ আছে। বিহু নৃত্যৰ লগতে পৰম্পৰাগত বিহু গীতসমূহতো জাপিৰ উল্লেখ আছে। ফুলাম জাপি বৰ্তমান অসমৰ সংস্কৃতিৰ সন্মানৰ এক প্ৰতীক হিচাবে গণ্য কৰা হয়।