ক’ভিড-১৯ – হতাশাগ্ৰস্ততা আৰু ইয়াৰ প্ৰতিকাৰ

06 Apr 2020

ক’ভিড -১৯ -ৰ সংক্ৰমণৰ ফলত বৰ্তমান বিশ্বজুৰি স্বাস্থ্যজনিত এক জৰুৰী অৱস্থা চলি আছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা ২৪ মাৰ্চত দেশজুৰি ২১ দিনৰ বাবে ‘লকডাউন’ ঘোষণা কৰিছে। আমাৰ দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ ব্যাপক পৰিসৰত হোৱাৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ দৰে এখন জনবহুল দেশত লকডাউনৰ প্ৰয়োজনীয়তা আছে।

যদিও ২১ দিনৰ লকডাউন বৰ্তমান এক সময়ৰ আহ্বান, তথাপি আমি এই সময়ছোৱা ঘৰৰ ভিতৰতে থাকি অতিবাহিত কৰিবৰ বাবে নিজকে মানসিকভাৱে সাজু কৰাটোও খুবেই জৰুৰী। লকডাউনৰ সময়ছোৱাত দেখা দিব পৰা আমাৰ হতাশাগ্ৰস্ততা, মানসিক অৱসাদ, ভয়, শংকা আদিয়ে শাৰীৰিকভাৱেও ক্ষতি কৰিব পাৰে। এই শংকা আৰু হতাশাগ্ৰস্ততা আঁতৰ কৰিবৰ বাবে আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰো।

মানসিক অৱসাদ, ভয়-শংকা অথবা হতাশাগ্ৰস্ততা কেনেদৰে আঁতৰ কৰিব?

  • পৰিয়ালৰ লোকৰ সৈতে ঘৰতে একেলগে সময় অতিবাহিত কৰক। আত্মীয় স্বজনৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰক।

  • যদি ঘৰৰ পৰা আঁতৰত অকলশৰে আছে তেন্তে পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে সম্পৰ্কত থাকক, পৰাপক্ষত ভিডিঅ’ কল যোগে। ছ’চিয়েল মিডিয়াযোগে বন্ধু-বান্ধৱীৰ সৈতে ভাবৰ আদান-প্ৰদান কৰক।
  • পৰিয়ালৰ লোকসকলক সজাগ কৰক, কিন্তু তেওলোকৰ সৈতে সঘনাই ক’ভিড-১৯ সম্পৰ্কীয় বাতৰি আলোচনা নকৰিব।

  • এই সময়খিনি আপোনাৰ সৃষ্টিশীল কামত খটুৱাওক। লগতে লেখা-মেলা, চিত্ৰাংকণ, গান-শুনা, চিনেমা চোৱা, কিতাপ পঢ়া আদি বিভিন্ন ৰুচি সমূহত ব্যস্ত হৈ থাকক।
  • দৈনিক ব্যায়াম, যোগাভ্যাস আদি কৰক। ই আপোনাৰ শৰীৰ আৰু মন দুয়োটাই শান্ত কৰি ৰখাত সহায় কৰিব।
  • ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰক, কিন্তু ইয়াত সঘনাই প্ৰচাৰ হৈ থকা সকলো বাতৰি, সত্যাসত্য নিৰূপণ নকৰাকৈ বিশ্বাস নকৰিব। বাতৰিৰ সত্যাসত্যৰ বাবে চৰকাৰী ৱেবচাইটসমূহ অনুসৰণ কৰক।
  • অতিমাত্ৰা ক’ভিড-১৯ সম্পৰ্কীয় বাতৰি সমূহ পঢ়া আৰু চোৱাৰ পৰা আঁতৰত থাকক।
  • পুষ্টিকৰ খাদ্য গ্ৰহণৰ লগতে নিয়মীয়াকৈ সঠিক সময়ত শোৱাটো খুবেই প্ৰয়োজন।
  • দৈনন্দিন কৰ্মব্যস্ততাৰ বাবে আপোনাৰ খেলিমেলি হৈ থকা খাদ্যাভাস, এইখিনি সময়তে ঠিক কৰি লোৱাৰ বাবে ই এক সুন্দৰ সুযোগ।
  • যিসকলে ঘৰত থাকি কাৰ্যালয়ৰ কাম কৰি আছে তেওঁলোকে সঠিক খাদ্যাভাস, নিয়মীয়া সাময়িক বিৰতিৰ সৈতে এক নিৰ্দিষ্ট কৰ্মসূচী প্ৰস্তুত কৰি লওক।

এটা কথা আমি মনত ৰখাটো খুবেই জৰুৰী, এই লকডাউন আৰু সামাজিক দূৰত্ব এক নিৰ্দিষ্ট সময়ৰ বাবেহে, যিটো আমাৰ সকলোৰে সুৰক্ষিত ভৱিষ্যতৰ দিশত মংগলজনক। সমগ্ৰ বিশ্বজুৰি এই ৰোগৰ চিকিৎসা আৰু সংক্ৰমণ ৰোধৰ গৱেষণাত চিকিৎসা বিজ্ঞানীসকল ব্যস্ত হৈ আছে। গতিকে ভয়-শংকাৰে হতাশগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। সাময়িকভাৱে কিছুদিন ঘৰতে থাকি পৰিয়ালৰ সৈতে কিছু ভাল লগা মুহুৰ্ত কটাও আহক।

 

 

Total Comments - 0

Leave a Reply