ডিমা হাছও জিলাৰ বেনদাও বাইগলাই জলপ্ৰপাত : এক অন্যতম ট্ৰেকিং স্থলী

21 May 2019

অসমৰ বিভিন্ন জিলাত এনে কিছুমান প্ৰাকৃতিক সৌন্দৰ্য লুকাই আছে যাক হয়তো নিজে প্ৰত্যক্ষ নকৰালৈকে অনুভৱ কৰিব নোৱাৰি। অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম এখন জিলা হৈছে দক্ষিণ প্ৰান্তত থকা ডিমা হাছাও জিলা। ডিমাছা, জেমি নগা, ৰংখল, মাৰ, কুকি, বিয়াটে, জয়ন্তীয়া, কাৰ্বি, ভাইফেই, খেলমা আদি বিভিন্ন জনজাতি লোকৰ বাসস্থান এইখন জিলা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত। জিলা সদৰ মনোমোহা হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া নগৰ। কিন্তু হাফলঙৰ বাহিৰেও এইখন জিলাত এনে কিছুমান বিতোপন ঠাই আছে যিবোৰ ঠাই হয়তো আমাৰ দৃষ্টিগোচৰ নোহোৱাকৈ থাকি যায়।

হাফলঙ নগৰৰ পৰা ১৩ কি:মি: দূৰত অৱস্থিত চামপাৰিডিচা গাঁও। অসমৰ অন্যতম এক স্বচ্ছ গাঁও হিচাবে এই গাঁওখনে ইতিমধ্যে অসম চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰিছে। চামপাৰিডিচা গাঁৱৰ পৰা প্ৰায় তিনি কি:মি: দূৰত্বত অৱস্থিত বেনদাও বাইগলাই জলপ্ৰপাত। ডিমা হাছাওৰ অৰণ্যৰ মাজত অৱস্থিত তিনিটা জলপ্ৰপাতৰ সমষ্টি হৈছে এই জলপ্ৰপাত।

ডিমাচা ভাষাত যায় ‘বেনদাও’ৰ অৰ্থ হৈছে- দুই ভনী আৰু ‘বাইগলাই’ৰ অৰ্থ হৈছে- জপিওৱা। জনবিশ্বাসমতে ইয়াৰে এটা জলপ্ৰপাতৰ পৰা দুগৰাকী বায়েক-ভনীয়েকে জপিয়াই আত্মহত্যা কৰিছিল। ইয়াৰ পৰাই জলপ্ৰপাতটোৰ নাম বেনদাও বাইগলাই হৈ পৰাৰ কথা বিশ্বাস কৰা হয়।

ট্ৰেকিং কৰি ভাল পোৱা আৰু দু:সাহসিক অভিযানৰ প্ৰতি আগ্ৰহী পৰ্যটক সকলৰ বাবে ই হৈছে স্বৰ্গভূমি। চামপাৰিডিচা গাঁৱৰ পৰা তিনি কিলোমিটাৰ দূৰত্ব গভীৰ অৰণ্যৰ মাজেৰে ট্ৰেকিঙৰ দ্বাৰা এই জলপ্ৰপাত কেইটাৰ কাষ চাপিব পাৰি। সম্পূৰ্ণ ট্ৰেকিংটো সমাপ্ত কৰিবলৈ প্ৰায় পাঁচ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। যাত্ৰাটো অলপ কষ্টকৰ যদিও জলপ্ৰপাতৰ মনোমোহা দৃশ্যই এই ক্লান্তি আঁতৰাই দিয়ে। ডিমা হাছাও জিলাৰ অন্যতম পৰ্যটনস্থলী হিচাবে বৰ্তমান এই জলপ্ৰপাতটো জনপ্ৰিয় হৈ পৰিছে।

কেইটামান মনত ৰাখিবলগীয়া কথা:

  • চামপাৰিডিচা গাঁৱৰ পৰা বেনদাও বাইগলাই জলপ্ৰপাতলৈ যোৱা বাটছোৱা কঠিন হোৱা বাবে ভ্ৰমণকাৰীসকল শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হৈ যোৱা আৱশ্যক।
  • সম্পূৰ্ণ ট্ৰেকিং সাজত যোৱাটো বাঞ্চনীয়। বিশেষকৈ ট্ৰেকিঙৰ বাবে উপযুক্ত জোতা পিন্ধি যোৱাটো খুবেই প্ৰয়োজনীয়।
  • এই স্থানলৈ যোৱাৰ বাবে গাইডৰ প্ৰয়োজন হয়। স্থানীয় চামপাৰিডিচা গাঁৱৰ ইক’ টুৰিজিম ছোচাইটিয়ে স্থানীয় গাইড পৰ্যটক সকলৰ সৈতে প্ৰেৰণ কৰে।
  • লগত খোৱাপানী আৰু খাদ্যবস্তু লৈ যোৱাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু পানীৰ বটল, খাদ্য সামগ্ৰীৰ পেকেট আদি যাতে সেই অঞ্চলত পেলাই অপৰিষ্কাৰ নকৰে।
  • শাৰীৰিকভাৱে অসুস্থ লোকসকলে এই ট্ৰেকিঙত ভাগ লোৱাৰ পৰা বিৰত থকা উচিত।
  • ট্ৰেকিং আৰম্ভ কৰাৰ আগতে স্থানীয় গাঁওবাসীৰ পৰা যাত্ৰাটোৰ কিছু আভাস লোৱাটো সহায়কাৰী।
  • গাঁওবাসীৰ আচাৰ-ব্যৱহাৰ, জীৱ্নশৈলীৰ প্ৰতি সন্মান জনাই সৌহাৰ্দ্যপূৰ্ণ ভাবে কথা-বতৰা পতাটো প্ৰতিগৰাকী ভ্ৰমণকাৰীৰ এক কৰ্তব্য।
  • কোনো কাৰণতে যাতে গাঁওখনত আৱৰ্জনা নেপেলায় সেই ক্ষেত্ৰত ধ্যান দিয়াটো জৰুৰী। গাঁওবাসী এই ক্ষেত্ৰত খুবেই সজাগ।
  • ভ্ৰমণৰ উপযুক্ত সময় জুলাইৰ পৰা ছেপ্তেম্বৰ।

কেনেদৰে যাব?

  • গুৱাহাটীৰ পৰা হাফলঙৰ দূৰত্ব প্ৰায় ৩৩০ কি:মি:। পথেৰে প্ৰায় ছয় ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিব পাৰি। গুৱাহাটীৰ পৰা হাফলং ৰেলপথেৰেও সংযুক্ত।
  • হাফলঙৰ পৰা চামপাৰিডিচা গাঁৱলৈ দূৰত্ব ১৩ কি:মি:। পথেৰে প্ৰায় ৪৫ মিনিট সময়ত এই দূৰত্ব অতিক্ৰম কৰিব পাৰি।
  • ট্ৰেকিঙৰ আৰম্ভণী স্থলী চামপাৰিডিচা গাঁও।

Total Comments - 0

Leave a Reply