দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা স্বাধীনতা সংগ্ৰামী

12 Aug 2020

 

দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ-মহিলা উভয়েই জপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, থগী সুঁত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল।

অসমত পুৰুষৰ দৰেই মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে বৃটিছৰ বিৰুদ্ধাচৰণ কৰিছিল, ইয়াৰে  বহুকেইগৰাকীয়ে নিজৰ প্ৰাণ আহুতি দিছিল।

বৃটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ কেইগৰাকীমান মহিলা স্বাধীনতা সংগ্ৰামীৰ বিষয়ে কিছু কথা তলত উল্লেখ কৰা হ’ল-

কনকলতা বৰুৱা, গহপুৰ

‘মৃত্যু বাহিনী’ৰ এগৰাকী সক্ৰিয় সদস্যা, কনকলতা বৰুৱাই ২০ ছেপ্তেম্বৰ ১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি বৃটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল মাথোঁ ১৮ বছৰ।

মালতী মেম (মাংৰি ওৰাং), লালমাটি, দৰং

চাহ বাগিছাৰ মদ নিবাৰণী আন্দোলনৰ এগৰাকী অন্যতম নেত্ৰী আছিল মালতী মেম ওৰফে মাংৰি ওৰাং। বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বেচ্ছাসেৱক সকলক সহায় কৰাৰ কথা গম পাই মালতী মেমক ১৯২১ চনত দৰং জিলাৰ লালমাটিত চৰকাৰী পক্ষই হত্যা কৰে।

দাৰিকী দাসী বৰুৱা, গোলাঘাট

আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকী দাসী বৰুৱায়ে নিচা বিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত তেখেতক বৃটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ৬ মাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এই গৰাকী সংগ্ৰামী মহিলাই চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা অগ্ৰাহ্য কৰি দেশপ্ৰেমৰ এক অতুলনীয় চানেকি দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ ২৬ এপ্ৰিল, ১৯৩২ চনত তেখেতে মৃত্যুবৰণ কৰে।

ভোগেশ্বৰী ফুকননী, নগাওঁ

নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক আছিল ভোগেশ্বৰী ফুকননী। ভাৰত ত্যাগ আন্দোলনৰ সময়ত বঢ়মপুৰত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল ভোগেশ্বৰী ফুকননীয়ে। ১৯৪২ চনৰ ১৮ ছেপ্তেম্বৰত বঢ়মপুৰত ত্ৰিৰংগা পতাকা উত্তোলন  কৰিবলৈ আগবাঢ়ি যাওতে পুলিচৰ গুলীত গুলীবিদ্ধ হয়। গুলীবিদ্ধ হোৱাৰ তিনিদিনৰ পাছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

তিলেশ্বৰী বৰুৱা, ঢেকিয়াজুলি

ঢেকিয়াজুলিত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লৈছিল তিলেশ্বৰী বৰুৱাই। ১৯২০ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা। উল্লেখযোগ্য যে একেদিনাই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই।

ৰেৱতী লাহন, টিয়ক

স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী সেনানী ৰেৱতী লাহনে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্ৰহণ কৰি তেখেতে কাৰাবাস খাটিবলগীয়া হয় আৰু এই সময়ছোৱাতেই নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ তেখেতৰ স্বাস্থ্য ভাগি পৰে। কাৰাবাস অন্ত পৰাৰ কিছুদিনৰ পাছতেই তেখেতৰ মৃত্যু ঘটে।

খহুলী দেৱী, ঢেকিয়াজুলি

২০ ছেপ্তেম্বৰ, ১৯৪২ চনত ঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ খহুলী দেৱী আঘাতপ্ৰাপ্ত হয় আৰু পাছত মৃত্যুক সাবটি লয়।গুলীবিদ্ধ হোৱাৰ সময়ত খহুলী দেৱী আছিল সন্তানসম্ভৱা।

কুমলী দেৱী, ঢেকিয়াজুলি

তিলেশ্বৰী বৰুৱা আৰু খহুলী দেৱীৰ সৈতে মৃত্যুবৰণ কৰা অইন এগৰাকী সাহসী মহিলা আছিল কুমলী দেৱী। ভাৰত ত্যাগ আন্দোলনৰ বৃটিছ বিৰোধী সমদলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল কুমলী দেৱীয়ে।

পদুমী গগৈ, ঢেকিয়াজুলি

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ ঢেকিয়াজুলিৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰা পদুমী গগৈ পুলিচৰ লাঠী চালনাত আঘাতপ্ৰাপ্ত হৈছিল। পাছত তেখেতক গ্ৰেপ্তাৰ কৰি ছমাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ শৰীৰ ভাঙি পৰাত কাৰাবাসৰ অন্ত পৰাৰ পাছতে মৃত্যুবৰণ কৰে।

গোলাপী চুতিয়ানী, ঢেকিয়াজুলি

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰিছিল ঢেকিয়াজুলিৰ গোলাপী চুতিয়ানীয়ে। পুলিচে বাধা দিবলৈ গুলীচালনা কৰাৰ লগতে লাঠী চালনাও কৰিছিল। এই লাঠীচালনাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গোলাপী চুতিয়ানী। পাছত এই আঘাতৰ ফলতে তেখেতৰ মৃত্যু ঘটে।

 লীলা নেওগনী, লখিমপুৰ

স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এগৰাকী মহিলা আছিল লীলা নেওগনী। লখিমপুৰত ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ বৃটিছৰ বিৰুদ্ধে আন্দোলন চলাই গৈছিল। ১৯৪২ চনৰ অক্টোবৰ মাহত বৃটিছ বিৰোধী একআন্দোলনত অংশগ্ৰহণ কৰি পুলিচৰ লাঠীচালনাত লীলা নেওগনী আঘাতপ্ৰাপ্ত হয় আৰু দুমাহৰ পাছত শেষ নিশ্বাস ত্যাগ কৰে।

থুনুকী দাস, ঢেকিয়াজুলি

ঢেকিয়াজুলিত ২০ ছেপ্তেম্বৰ (১৯৪২)ৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰি লাঠীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল থুনুকী দাস। কিছুদিনৰ পাছতে আঘাতপ্ৰাপ্ত থুনুকী দাসে শেষ নিশ্বাস ত্যাগ কৰে।

জালুকী কছাৰীয়নী, ঢেকিয়াজুলি

ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল জালুকী কছাৰীয়নী। ১৯৪২ চনত ২০ ছেপ্তেম্বৰৰ সমদলত অংশগ্ৰহণ কৰি পুলিচৰ দ্বাৰা বাওঁকান্ধত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰে।

কন চুতিয়ানী, ঢেকিয়াজুলি

১৯৪২ চনত ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি পুলিচ থানাত হোৱা লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এইগৰাকী স্বাধীনতা সংগ্ৰামী। সেই আঘাততে শৰীৰ ভাগি পৰাত কিছুদিনৰ পাছতে তেখেতে মৃত্যুবৰণ কৰে।

Total Comments - 0

Leave a Reply