পথৰুঘাটৰ কৃষক বিদ্ৰোহ

20 Aug 2018

পৰাধীন ভাৰতৰ ইতিহাসত এনে বহু ঘটনা লিপিবদ্ধ হৈ আছে যিয়ে দাঙি ধৰে বহু লোকৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন। দেশৰ বিভিন্ন প্ৰান্তত বৃটিছৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া অলেখ বীৰগাঁথাৰে ভৰি আছে অলেখ কাহিনী। বৃটিছৰ বিৰুদ্ধে এই যুঁজত অসমেও ভাগ লৈছিল অসীম বীৰত্বৰে। অত্যাচাৰ, শোষণ নিপীড়ণৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে স্বাধীনতা সংগ্ৰামৰ যুঁজত ভাগ লৈছিল। এনে এক বীৰত্বৰ গাঁথা হৈছে – পথৰুঘাটৰ ৰণ।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ কু-শাসনৰ বিৰুদ্ধে ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ ঘটিছিল দৰং জিলাত। অসমৰ দৰং জিলাত অৱস্থিত পথৰুঘাট (বৰ্তমান পাথৰিঘাট হিচাবেও পৰিচিত) নামে ঠাইত ১৮৯৪ চনত স্থানীয় কৃষক ৰাইজে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত আয়োজন কৰা এখন প্ৰতিবাদী সভাত বৃটিছ আৰক্ষী বিষয়াই প্ৰতিবাদকাৰী কৃষকসকলক ওপৰত গুলীচালনা কৰাৰ ফলত শতাধিক কৃষক নিহত হৈছিল। পথৰুঘাটত ঘটা এই কৰুণ ঘটনাক বুৰঞ্জীত ‘পথৰুঘাটৰ ৰণ’ হিচাবে জনা যায়।
পথৰুঘাটৰ কৃষকৰ বৃটিছৰ বিৰুদ্ধে ক্ষোভ কোনো নতুন কথা নাছিল। সঘনে বৃদ্ধি কৰা খাজনাৰ পৰিমানে কৃষকক খুবেই জুৰুলা কৰিছিল। দুখীয়া কৃষকে এই খাজনাৰ ভৰ সহিব পৰা নাছিল। ফলত বৃটিছৰ বিৰুদ্ধে কৃষকৰ মাজত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। সঘনে কৃষকৰ মাজত অনুষ্ঠিত হৈছিল ৰাইজমেল আৰু শেষত কোনো ধৰণৰ খাজনা বৃটিছক নিদিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছিল আৰু প্ৰয়োজনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈও সাজু হৈছিল পথৰুঘাটৰ কৃষকসকল।

১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে পথৰুঘাটত খাজনা বৃদ্ধিৰ প্ৰতিবাদত এখন ৰাইজমেল বহিছিল। পথৰুঘাট অঞ্চলৰ গাওঁসমূহৰ পৰা বহু হাজাৰ ৰাইজ ওলাই আহি এই ৰাইজমেলত একগোট হৈছিল। ৰাইজ মেল চলি থাকোতেই দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰচন, আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমিংটনো সশস্ত্ৰ বাহিনী সহিতে পথৰুঘাটত উপস্থিত হয়। ইংৰাজ বিষয়া সকলে কোনোপধ্যেই খাজনা কমোৱা নহ’ব বুলি ঘোষণা কৰাত উপস্থিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰী আৰক্ষী বাহিনীয়ে অধীক্ষক বেৰিংটনৰ আদেশমৰ্মে উপস্থিত ৰাইজৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। উপস্থিত কৃষকে হাতত থকা লাঠিৰে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল যদিও হঠাতে হোৱা গুলীচালনাত ১৪০ গৰাকী কৃষক থিতাতে নিহত হয় আৰু শতাধিক আহ্ত হয়।

এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন মোৰ দিয়ে। নিৰপৰাধী কৃষক ৰাইজক অতি নিৰ্মম ভাবে এনেদৰে কৰা হত্যাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ কৰি তোলে। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়।

Total Comments - 0

Leave a Reply