প্ৰাকৃতিক ৰঙেৰে ফাকুৱাৰ আনন্দ

06 Mar 2020

ৰঙৰ উৎসৱ ফাকুৱায়ে কঢ়িয়াই আনে উচাহৰ জোৱাৰ। ঐক্য-সংহতি আৰু সমন্বয়ৰ ক্ষেত্ৰত এই ৰঙৰ উৎসৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

এই বিশেষ দিনটোত আবাল-বৃদ্ধা-বনিতা সকলোৱে ৰং বিৰঙী আবিৰেৰে আনন্দ মনেৰে ফাকুৱা উৎসৱ পালন কৰে। বজাৰত উপলব্ধ এই ৰংবোৰৰ অধিকাংশতেই ৰাসায়নিক পদাৰ্থ মিহলি কৰা থাকে। যাৰ ফলত সাধাৰণতে ছালৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত এই সমস্যা অতি গুৰুতৰ হৈ পৰা দেখা যায়। গতিকে এই পৰিপ্ৰেক্ষিতত যদি আমি গভীৰভাৱে চিন্তা-চৰ্চা কৰো তেন্তে, ঘৰুৱাভাৱে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী তথা প্ৰকৃতিৰ অনন্য অৱদান যেনে গছ-গছনি, ফুল, ফল, পাত আদিৰ পৰা প্ৰাকৃতিকভাৱে ৰঙা, নীলা, হালধীয়া ইত্যাদি বিভিন্ন ৰং প্ৰস্তুত কৰিব পৰা যায়। এই ৰং ছালৰ বাবে কেতিয়াও ক্ষতিকাৰক নহয়।

তলত প্ৰাকৃতিক ৰঙৰ প্ৰস্তুত প্ৰণালী সন্দৰ্ভত এক সৰু বিৱৰণ আগবঢ়োৱা হ’ল –

ৰঙা ৰং – ৰঙা জবা অথবা ৰঙা গোলাপৰ পাহি, বিট আৰু গাজৰ ভালদৰে সিজাই ৰঙা  ৰং প্ৰস্তুত কৰিব পৰা যায়।  সেইদৰে বিলাহী আৰু গাজৰৰ ৰস, ডালিমৰ ৰঙা বাকলি, পুৰৈ শাকৰ গুটি, সেন্দুৰী গছৰ গুটি,ৰঙা চন্দন গুৰি কৰিও ৰঙা ৰং প্ৰস্তুত কৰিব পৰা যায়।

হালধীয়া ৰং – সহজেই পোৱা নাৰ্জি ফুলৰ পাহিবোৰ সিজোৱাৰ পাছত হালধীয়া ৰং উৎপন্ন হয়। সেইদৰে হালধি গুৰিৰ সৈতে বেছন অথবা পিঠাগুড়ি মিহলি কৰিও এই ক্ষেত্ৰত ভাল ফল পাব পাৰি ।

নীলা ৰং – নীলা অপৰাজিতা তথা নীলা ৰঙৰ ফুলৰ পাহিবোৰ ভালদৰে সিজাই লোৱাৰ ফলত প্ৰস্তুত হোৱা পানীখিনি ফাকুৱাত ব্যৱহাৰ কৰিব পৰা যায় ৷

গুলপীয়া ৰং – গুলপীয়া ৰঙৰ ফাকু প্ৰস্তুত কৰিবলৈ গোলাপ, গধূলি গোপাল, নয়নতৰা ফুলৰ প্ৰয়োজন। ইয়াৰ উপৰিও বিট পাতলকৈ কাটি  পানীত সিজাই সুন্দৰ গুলপীয়া ৰং পাব পাৰি। সেইদৰে পিঁয়াজৰ বাকলি পানীত উতলাই থৈও সুফল পাব পৰা যায়।

সেউজীয়া ৰং –  বিভিন্ন সেউজীয়া শাক যেনে – পালেং, লাই, ধনিয়া ইত্যাদি ভালদৰে সিজাই লৈ প্ৰাকৃতিক সেউজীয়া ৰং তৈয়াৰ কৰিব পাৰি। এই ক্ষেত্ৰত নিম পাতৰ দৰে বিভিন্ন ঔষধি গুণযুক্ত গছ পাতো যথেষ্ট উপকাৰী।

সুমথিৰা ৰং – সুমথিৰা ৰঙৰ ফাকুৰ বাবে সাধাৰণতে পলাশ ফুল, জেতুকা ইত্যাদি ফলদায়ক।

ইয়াৰ উপৰিও আমলখি, শিলিখা, জামু ইত্যাদি বিভিন্ন ফল-মূলসমূহো প্ৰাকৃতিক ৰং প্ৰস্তুতকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হিচাবে বিবেচিত হয়। বজাৰত উপলব্ধ সকলো ধৰণৰ কৃত্ৰিম ৰং পৰিহাৰ কৰি ছালৰ বাবে উপকাৰী প্ৰাকৃতিক ৰঙেৰে নিৰাপদভাৱে ফাকুৱা উৎসৱ উদযাপনৰ ক্ষেত্ৰত আমি সকলোৱে মনোনিৱেশ কৰাটো খুবেই জৰুৰী।

 

Total Comments - 0

Leave a Reply