যোৰহাটৰ আশে পাশে

21 Dec 2018

যোৰহাট হৈছে অসমৰ এখন উল্লেখযোগ্য নগৰ। আহোম ৰাজত্বৰ শেষৰ ৰাজধানী হিচাবে প্ৰখ্যাত যোৰহাট নগৰ চাহ পৰ্যটনৰ বাবেও খ্যাত। বৃটিছ আৰু আহোম স্থাপত্য শিল্পৰে ভৰা এই নগৰৰ বৃটিছৰ দিনৰ চাহবাগিচাৰ বাংলো সমূহে সততে পৰ্যটকক আকৰ্ষণ কৰে। তলত যোৰহাটৰ কিছুমান উল্লেখযোগ্য স্থান উল্লেখ কৰা হ’ল :

চুকাফা সমন্বয় ক্ষেত্ৰ: (১৫ কি:মি: )

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুঙ-ছ্যু-কাফাৰ সোঁৱৰণত নিৰ্মাণ কৰা এই ক্ষেত্ৰত আহোম ৰাজত্বকালৰ স্থাপত্য শিল্প আৰু ঐতিহ্যমণ্ডিত কলা-সংস্কৃতিক বিস্তৃত ৰূপত প্ৰতিফলিত কৰা হৈছে।

হোলোঙাপাৰ গিবন অভয়াৰণ্য (১৫ কি: মি:)

পূৰ্বতে গিবন অভয়াৰণ্য হিচাবে পৰিচিত হোলোঙাপাৰ গিবন অভয়াৰণ্য হলৌ বান্দৰৰ বাবে বিখ্যাত। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰকে ধৰি সেন্দুৰী বান্দৰ, মলুৱা বান্দৰ, নাহৰফুটুকী বাঘ, বনৰীয়া গাহৰি আদি জন্তুকে ধৰি হোলোং, নাহৰ, গমাৰী, শিঙৰি আদি বিভিন্ন মূল্যবান উদ্ভিদ দেখা পোৱা যায়।

চিনামৰা চাহ বাগিচা (১০ কি:মি: )

ভাৰতৰ প্ৰথমগৰাকী চাহ ব্যৱসায়ী মণিৰাম দেৱানে ১৮৫০ চনত আৰম্ভ কৰা এই বাগিচা হৈছে অসমৰ প্ৰথমখন চাহ বাগিচা। চাৰিওদিশে সেউজ চাহগছেৰে ভৰা এই বাগিচাখনে চাহ পৰ্যটনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ঠেঙাল ভৱন (১৩ কি: মি: )

বৃটিছৰ সময়ত নিৰ্মিত এই ভৱন বৰ্তমান দেশৰ এখন লেখত ল’বলগীয়া হেৰিটেজ হোটেল হিচাবে প্ৰতিষ্ঠিত হৈছে। ঠেঙাল ভৱনতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হৈছিল। প্ৰকৃতিৰ এক অনুপম পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহ্যমণ্ডিত ভৱনৰ চহকী ঐতিহ্যই পৰ্যটকক বিশেষভাবে আকৰ্ষিত কৰে।

লাচিত মৈদাম (১৬ কি: মি: )
আহোম সেনাপতি মহাবীৰ লাচিত বৰফুনৰ সমাধিক্ষেত্ৰ। ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাট যুদ্ধত অসীম পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুঁজি অসম মাতৃক ৰক্ষা কৰা এগৰাকী বীৰ যোদ্ধা হিচাবে লাচিত বৰফুকনক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে।

 

যোৰহাটৰ কাষৰীয়া পৰ্যটন স্থলী সমূহ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (১১৩ কি:মি:, গোলাঘাট আৰু নগাঁও জিলা)
মাজুলী নদী দ্বীপ (৪৫ কি:মি:, মাজুলী জিলা)
কাকচাং জলপ্ৰপাত (৬৮ কি: মি:, গোলাঘাট জিলা)

Total Comments - 0

Leave a Reply