স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বিভিন্ন স্বাস্থ্য সেৱা উদ্যোগ

19 Jul 2018

ই-ৰক্তকোষ : এক কেন্দ্ৰীভূত ৰক্ত বেংক ব্যৱস্থাপনা পদ্ধতি

 ভাৰত চৰকাৰে ২০১৬ চনৰ ৭ এপ্ৰিল তাৰিখে আৰম্ভ কৰা ই-ৰক্তকোষে দেশৰ সমূহ ৰক্ত বেংক আৰু ৰক্ত সংৰক্ষণ কেন্দ্ৰৰ মাজত ডিজিটাইজ মাধ্যমেৰে সংযোগ স্থাপন আৰু কাৰ্য্য পৰিচালনা কৰে।

ই-ৰক্তকোষৰ অন্তৰ্ভূক্ত বিশেষ সেৱাসমূহ

  • সমীপৱৰ্তী ৰক্ত বেংকৰ তথ্য
  • ৰক্ত উপলব্ধতা
  • শিবিৰ ব্যৱস্থাপনা
  • ৰক্তদান

ই‌—ৰক্তকোষ Google PlayStore আৰু iOS ত উপলব্ধ

অধিক তথ্য উপলব্ধ www.eraktkosh.in

 

নিক্ষয় (NIKSHAY) : যক্ষ্মা ৰোগী সকলৰ নীৰিক্ষণৰ বাবে উপলব্ধ এক ৱেব সেৱা

ভাৰত চৰকাৰৰ এক অভিনৱ ৱেবসেৱা হৈছে নিক্ষয়, যিয়ে যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলৰ এক তথ্য ভঁৰাল প্ৰস্তুত কৰাৰ লগতে ৰোগীসকলৰ চিকিত্সা সম্পৰ্কীয় তথ্য নীৰিক্ষণ কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় যক্ষ্মা বিভাগ আৰু ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ (NIC)ৰ যুটীয়া উদ্যোগত স্থাপিত নিক্ষয়ে দেশক যক্ষ্মা ৰোগমুক্ত কৰাৰ লক্ষ্যৰে সকলো যক্ষ্মা ৰোগীৰ তথ্য ভঁৰাল প্ৰস্তুত কৰে।

নিক্ষয়ৰ উদ্দেশ্য :

  • ভাৰতত যক্ষ্মা ৰোগ নীৰিক্ষণ পদ্ধতিৰ উন্নীতকৰণ।
  • প্ৰতিগৰাকী যক্ষা ৰোগীৰ নীৰিক্ষণ আৰু চিকিত্সা পদ্ধতিৰ সবিশেষ অধ্যয়ন।
  • এবাৰ তথ্য অন্তৰ্ভূক্ত আৰু উন্নীতকৰণৰ পাছত স্বয়ংক্ৰিয় ৰিপোৰ্ট প্ৰস্তুতকৰণ।
  • বিভিন্ন ব্লক আৰু জিলাত সঠিক সময়ত তথ্য উপলব্ধকৰণ।
  • সকলো যক্ষ্মা ৰোগীৰ সম্পূৰ্ণ তথ্যপাতিৰ ইলেক্ট্ৰনিক পদ্ধতিত তথ্য ভঁৰাল প্ৰস্তুত কৰা, যিয়ে ৰোগ আৰু ৰোগীৰ ওপৰত গভীৰ গৱেষণাত সহায় কৰে।

অধিক তথ্য উপলব্ধ www.nikshay.gov.in ত।

 

কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য আঁচনি (CGHS) 

কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য আঁচনি (CGHS) হ’ল এক স্বাস্থ্য বীমা আঁচনি, যিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু পৰিয়ালৰ নিৰ্ভৰশীল ব্যক্তিসকলৰ সৰ্বাঙ্গীন স্বাস্থ্য বীমাৰ সেৱা আগবঢ়ায়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰী সকলক ফটো আৰু হিতাধিকাৰী ক্ৰমিক নম্বৰ সহ এখন কাৰ্ড প্ৰদান কৰা হয় যাক CGHS কাৰ্ড হিচাবে জনা যায়।

এই আঁচনিয়ে এলোপেথিক, হোমিঅ’পেথিক আৰু আয়ুষ পদ্ধতিৰ সকলো সেৱা সাঙুৰি লয়।

অনলাইন আবেদন পত্ৰৰ লগতে অধিক তথ্য উপলব্ধ www.cghs.nic.in আৰু www.cghs.gov.in

Total Comments - 0

Leave a Reply