অসমৰ পৰম্পৰাগত পুতলা শিল্প

Blog By - Team MyGov,
July 15, 2021

সভ্যতাক প্ৰায়ে শিল্পকলাৰ দ্বাৰা সংজ্ঞায়িত কৰা হয় আৰু কাৰুশিল্প হৈছে এটা নিৰ্দিষ্ট সময়ৰ অধিবাসীসকলৰ নিৰন্তৰ অনুশীলন আৰু বিশ্বাসৰ প্ৰতিফলন। কাৰুশিল্পৰ ভিতৰত পুতলা শিল্পই অতীজৰে পৰা যিকোনো নিৰ্দিষ্ট সময়ৰ মানৱ সভ্যতাৰ জীৱনশৈলী সম্পৰ্কে আভাস দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । পুতলা শিল্পই কেৱল কোনো অঞ্চলৰ প্ৰচলিত লোকসংস্কৃতিৰ ধাৰণা দিয়াই নহয় বৰঞ্চ ভৌগোলিক এলেকা বিশেষে প্ৰচলিত সামগ্ৰী, কলা-সংস্কৃতি  পৰম্পৰাৰ বিষয়েও সম্যক ধাৰণা প্ৰদান কৰে।

অসমৰ বৈচিত্ৰ্যপূৰ্ণ সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত পুতলা আৰু পুতলা নিৰ্মাণ কলাই বিশেষ স্থান অধিকাৰ কৰি আহিছে। ( অসমৰ বিভিন্ন প্ৰান্তত) অঞ্চলবিশেষে পৃথক বৈশিষ্ট্য বহন কৰি পুতলা শিল্প বিস্তাৰিত হৈ আছে। ইতিহাসৰ পাতত বহুতো কাহিনী আৰু লোককথাক সামৰি ৰখা অসমৰ পুতলা শিল্প মূলতঃ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় আৰু সেইকেইটা হ’ল –

  • মাটিৰে নিৰ্মিত পুতলা
  • কুঁহিলাৰে নিৰ্মিত পুতলা
  • বাঁহ, কাঠ আৰু অন্যান্য সামগ্ৰীৰে নিৰ্মিত পুতলা

মাটিৰে নিৰ্মিত পুতলা

মাটিৰে নিৰ্মিত পুতলাসমূহ অসমীয়া সমাজৰ লোকপুতলাৰ প্ৰকাৰবোৰৰ ভিতৰত আটাইতকৈ বহুলভাৱে প্ৰচলিত। সংখ্যা আৰু বৈচিত্ৰ্য — এই দুয়োটা ক্ষেত্ৰতে মাটিৰে নিৰ্মিত পুতলাসমূহে বিশেষ স্থান অধিকাৰ কৰি আহিছে। মূলতঃ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰস্তুত হোৱা মাটিৰে নিৰ্মিত পুতলাসমূহ দীৰ্ঘদিন ধৰি পুতলা আৰু বাচন নিৰ্মাণৰ অনুশীলন কৰি অহা কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকলে প্ৰস্তুত কৰি আহিছে।

মাটিৰ পুতলাবোৰৰ আৰ্হি প্ৰস্তুত কৰাৰ পাছত মাটিৰ লেপন দিয়া হয়। তাৰ পাছত কিছুসময় ৰ’দত দিয়াৰ পাছত জুইত সেকি শুকুৱাই স্থায়িত্ব প্ৰদান কৰা হয়। সাধাৰণতে মাটিৰে নিৰ্মিত পুতলাবোৰ ৮ৰ পৰা ৯ ইঞ্চি উচ্চতাৰ হয়।

অসমৰ মাটিৰে নিৰ্মিত পুতলাসমূহ সাধাৰণতে দেশৰ বাকী অংশৰ দৰে ৰীতি-নীতিৰ সৈতে জড়িত নহয়। মাটিৰে নিৰ্মিত পুতলাবোৰৰ ক্ষেত্ৰত সাধাৰণতে মানুহৰ চিত্ৰবোৰ বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় হৈছে বৰ-কইনা পুতলা ( দৰা আৰু কইনা পুতলা) বা কইনা পুতলা। দক্ষিণ কামৰূপৰ ফালে পুতলাবোৰত জীৱ-জন্তুৰ চিত্ৰ সঘনাই দেখা যায় আৰু আটাইতকৈ সচৰাচৰ হাতী, ঘোঁৰা, হৰিণ আৰু চৰাইৰ চিত্ৰ দেখা যায়।

কুঁহিলাৰে নিৰ্মিত পুতলা

এসময়ত নামনি অসমৰ অধিকাংশ অঞ্চলতে বিস্তাৰিত হৈ থকা কুঁহিলা শিল্প বৰ্তমান ৰাজ্যখনৰ পশ্চিম অংশত সীমাবদ্ধ হৈ আছে, য’ত বৰ্তমানেও অন্যান্য সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক পুতলা নিৰ্মাণ হৈ আহিছে। কাৰিকৰী নৈপুণ্য, ৰচনামূলক সমতা আৰু উজ্জ্বলতাৰ বাবে বিশেষভাবে প্ৰচলিত

কুঁহিলা শিল্প কলা মূলতঃ নামনি অসম আৰু উত্তৰ বংগত বিকশিত হৈছিল বুলি ধাৰণা কৰা হয় য’ত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা প্ৰাকৃতিক সম্পদ আৰু স্হানীয় শিল্পীসকলৰ প্ৰচেষ্টাত এই শিল্পৰ ক্ৰমবিকাশ সাধন হৈছিল। মালাকাৰ অথবা ফুলমালী বুলি জনাজাত শিল্পীসকলে চোলাৰে বিভিন্ন ধৰণৰ পুতলা, কৃত্ৰিম ফুল আৰু মালা নিৰ্মাণ কৰিছিল।

কুঁহিলা শিল্পত মূলতঃ দুইধৰণৰ সমান্তৰাল কলা প্ৰকাৰ দেখা যায়।

প্ৰথম প্ৰকাৰত সাধাৰণতে পুতলা আৰু বিভিন্ন চিত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু দ্বিতীয় প্ৰকাৰ হ’ল চিত্ৰকৰণ। কুঁহিলাৰে নিৰ্মিত মুখবোৰৰ অতি উৎকৃষ্ট কলাশিল্পৰ প্ৰদৰ্শিত হোৱা ভিতৰত কালী চন্দী মুখা আৰু মহাদেৱৰ আকৃতিত নিৰ্মিত মুখাবোৰ উল্লেখযোগ্য। উজ্জ্বল আৰু সন্তোষদায়ক ৰংৰ ব্যৱহাৰে কুঁহিলাৰে নিৰ্মিত পুতলাবোৰক এক অনন্য মাত্ৰা কৰে। সাধাৰণতে পুতলাসমূহত বিভিন্ন ধৰণৰ চিত্ৰ অংকন আৰু উজ্জ্বল কৰি তুলিবলৈ ৰঙা, হালধীয়া, নীলা আৰু সেউজীয়া আদি বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰ্মীয় আৰু লোকপ্ৰথাৰ সৈতে জড়িত অনুষ্ঠানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কুঁহিলাৰে নিৰ্মিত পুতলাসমূহ ব্যৱহাৰ কৰাৰ লগতে প্ৰদৰ্শিত কৰা হয়।

বাঁহ, কাঠ আৰু অন্যান্য সামগ্ৰীৰে নিৰ্মিত পুতলা

বনজ সম্পদত চহকী অসমৰ সত্ৰ আৰু নামঘৰসমূহত বাঁহ আৰু কাঠৰে নিৰ্মিত বহুতো প্ৰতীক তথা সাংস্কৃতিক পৰম্পৰাৰ ধ্বজাবাহক। দুৱাৰ ৰক্ষক, গৰুড়, হনুমান, বিষ্ণু, শিৱ আদি বহুতো প্ৰতিকী অৱয়ব কাঠত খোদিত কৰি লোকসমাজৰ বিশ্বাসমৰ্মে সযতনে ৰখা হয়। চৰাই আৰু জন্তুৰ পুতলাসমূহ সাধাৰণতে প্ৰশংসনীয় দক্ষতা আৰু শিল্পীত্বৰ নিদৰ্শনেৰে বাঁহেৰে নিৰ্মাণ কৰা হয়। গুড়েৰে নিৰ্মিত চৰাই আৰু জন্তু আকৃতিৰ পুতলাসমূহ স্থানীয় উৎসৱ-পাৰ্বণত অতি জনপ্ৰিয়।

অসমৰ পুতলা নিৰ্মাণৰ এক সমৃদ্ধ ইতিহাস আছে আৰু সেই ইতিহাসক অঞ্চলবিশেষে থকা বৈশিষ্ট্য আৰু আকৃতিয়ে এক নান্দনিক আকৰ্ষণ প্ৰদান কৰে। বিশ্বায়নৰ যুগত যান্ত্ৰিক পৃথিৱীৰ সৈতে আগবাঢ়ি যাওঁতে আমি আমাৰ সামাজিক আৰু সাংস্কৃতিক শিপাবোৰকো সমানে ধৰি ৰাখিব লাগিব অন্যথা বহুতো ঐতিহাসিক সমল সমাজৰ পৰা নিশ্চিহ্ন হৈ যাব।

উৎস –  বীৰেন্দ্ৰনাথ দত্তদেৱৰ “Folk Toys of Assam”

Dr. Birendranath Datta
Publisher: Directorate of Cultural Affairs, Govt. of Assam, 1986.