অসমৰ জলাশয়সমূহ

05 Mar 2019

বিল তথা জলাশয়সমূহ হ’ল জৈৱ বৈচিত্ৰতাৰ এক প্ৰধান আধাৰ। বিভিন্ন পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদ আৰু প্ৰাণীৰে ভৰা এই জলাশয়সমূহ। এই জলাশয়সমূহৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত অপৰিসীম গুৰুত্ব আছে৷

জলাশয়ৰ উপকাৰিতা –
ক) বানপানী প্ৰতিৰোধ কৰাত সহায়ক
খ) বিভিন্ন জলজ উদ্ভিদে পানীৰ সোঁত প্ৰতিৰোধ কৰাৰ লগতে পানী প্ৰদূষণ ৰোধ কৰাত সহায় কৰে
গ) জৈৱ-বৈচিত্ৰতা সংৰক্ষণত সহায়ক

অসমৰ কেইখনমান উল্লেখযোগ্য জলাশয় –

দীপৰ বিল


দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়। পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ল এই বিললৈ জাকে জাকে আগমন ঘটা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই । পানীমেটেকা, পদুম, পানীত ওপঙি থকা ঘাঁহ আদি বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদে দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি কৰে। দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ জীৱিকাৰ এক অন্যতম উৎস এই দীপৰ বিল।

পানী দিহিং, শিৱসাগৰ

এই বিল শিৱসাগৰ জিলাৰ পানী দিহিং বন্যপ্ৰাণী অভয়াৰণ্যত অৱস্থিত। বনৰীয়া হাঁহ,কাঠ শালিকা, কাম চৰাই আদি বিভিন্ন পৰিভ্ৰমী আৰু চিকাৰী পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ পৰে এই পানী দিহিং বিল।

চামগুৰি বিল

নগাঁও জিলাৰ পৰা পূবে ১৬ কিঃমিঃ নিলগত অৱস্থিত এক মনোমোহা জলাশয়। কলং নৈৰ সমীপতে অৱস্থিত এই বিল পৰ্যটকৰ বাবে এক মনোৰম ঠাই।

সোণ বিল

 

কৰিমগঞ্জ জিলাত অৱস্থিত সোণ বিল হৈছে অসমৰ সৰ্ববৃ্হৎ জলাহভূমি। সেউজ পাহাৰেৰে আৱৰি থকা সোণ বিলত বিভিন্ন প্ৰকাৰৰ মাছ দেখা পোৱা যায়।

বাথা বিল

বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আন এক অন্যতম বিচৰণ স্থলী হ’ল বাথা বিল। ছিপাঝাৰৰ হাজৰিকাপাৰাৰ সমীপত অৱস্থিত এই বিলৰ চৌপাশৰ দৃশ্যও অতি বিতোপন। এই বিলৰ ঐতিহাসিক তাৎপৰ্যও আছে।

কাপলা বিল
বৰপেটা জিলাত অৱস্থিত প্ৰায় ৮০ হেক্টৰ পৰিসৰেৰে আৱৰা কাপলা বিল অসমৰ এক অন্যতম বৃ্হৎ বিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত অৱস্থিত আৰু পৰ্যটনৰ দিশেৰে গুৰুত্বপূৰ্ণ এই বিল অসমৰ থলুৱা মাছ আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী।এই বিলখনে বহু হাজাৰ মাছমৰীয়াক জীৱিকা নিৰ্বাহৰ পথ দেখুৱাই আহিছে।

ধীৰ বিল আৰু দিপলাই বিল
চক্ৰশীলা অভয়াৰণ্যত অৱস্থিত ধীৰ বিল আৰু দিপলাই বিলে অভয়াৰণ্য্ খনৰ পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বিচৰণ পৰিলক্ষিত হোৱাৰ লগতে এই বিল বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদেৰে ভৰা।

উৰপদ বিল
গোৱালপাৰা জিলাত অৱস্থিত জৈৱ বৈচিত্ৰতাত চহকী এই হ্ৰদ বিভিন্ন জলজ উদ্ভিদ, মাছ আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণ স্থল।

Total Comments - 0

Leave a Reply