আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা – সুস্থ জীৱনৰ দিশে আৰু এখোজ

25 Oct 2018

ভাৰতবৰ্ষক এখন শক্তিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঠনৰ দিশত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিভিন্ন জনকল্যানমূলক আঁচনি গ্ৰহণ কৰি আহিছে। এই আঁচনি সমূহে সমাজৰ সকলো স্তৰৰ জনতাক সমানেই উপকৃত কৰিছে।

সদ্যহতে ভাৰতৰ স্বাস্থ্যখণ্ডৰ ধনাত্মক দিশত ব্যাপক পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে। স্বাস্থ্যখণ্ডত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ দ্বাৰা বিশেষকৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে উন্নত চিকিৎসা সেৱা, মহিলাৰ বাবে বিশেষ চিকিৎসা সেৱা, দূৰ্বল শ্ৰেণীৰ লোকৰ বাবে স্বাস্থ্য বীমা সেৱা আদিৰ সুবিধাৰে দেশৰ চিকিৎসা খণ্ডত ব্যাপক পৰিৱৰ্তন আহিছে।

 

আয়ুষ্মান ভাৰত কি?

ভাৰতৰ স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পদক্ষেপ হিচাবে চিহ্নিত আয়ুষ্মান ভাৰতৰ যোগেদি সকলো ভাৰতীয়ক ১,৫০,০০০ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জৰিয়তে স্বাস্থ্য সেৱাক জনসাধাৰণৰ বাবে সহজলভ্য কৰি তুলিবলৈ এক লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। ইয়াৰ অন্য এক পৰ্যায় হিচাবে দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে স্বাস্থ্য বীমা সেৱা ইয়াৰ আন এক উদ্দেশ্য।

২৩ চেপ্তেম্বৰ ২০১৮ চনত আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভই এক নতুন দিগন্তৰ সূচনা কৰিলে। এই আঁচনিৰ যোগেদি দেশৰ মুঠ ১০ কোটি পৰিয়ালৰ ভিতৰত অসমৰ ২৭ লাখ পৰিয়ালে এই সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত ২০১৮-১৯ বৰ্ষৰ বাজেটৰ যোগেদি ঘোষিত এই আঁচনিয়ে প্ৰতিটো পৰিয়ালৰ বাবে প্ৰতি বছৰে পাঁচ লাখ টকালৈ চিকিৎসা ব্যয় বহন কৰিব। দৰিদ্ৰ সীমাৰেখাৰ লোকসকলক এই আঁচনিৰ জৰিয়তে সৰ্বাধিক গুৰুত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কিছু তথ্য :

  • প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই ৫০ কোটি হিতাধিৰাকীক সাঙুৰি ল’ব।
  • অসমত এই আঁচনিয়ে ১.৩৫ কোটি হিতাধিৰাকীক (আৰ্থ সামাজিক শ্ৰেণী জনগণনা, ২০১১-ৰ ওপৰত ভিত্তি কৰি) সাঙুৰি ল’ব।
  • প্ৰতি বছৰে এটা পৰিয়ালক পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা।
  • পৰিয়ালৰ আকাৰ, বয়স আৰু লিংগভিত্তিক কোনো সীমাবদ্ধতা নাই।
  • আৰ্থ সামাজিক শ্ৰেণী জনগণনাৰ অন্তৰ্ভুক্ত সকলো অৰ্হতাসম্পন্ন পৰিয়ালৰ সদস্যই এই সুবিধা লাভ কৰিব পাৰে।
  • নগদবিহীন লেনদেন।
  • চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বৰ আৰু পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসা খৰছ অন্তৰ্ভূক্ত।
  • চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাসেৱা উপলবদ্ধ।
  • এই সুবিধা লাভ কৰিবৰ বাবে যিকোনো চৰকাৰী পৰিচয়পত্ৰ প্ৰদৰ্শন জৰুৰী ।

 

Total Comments - 0

Leave a Reply