কনকলতা মহিলা নগৰীয়া সমবায় বেংক – নাৰী সৱলীকৰণৰ এক অন্যতম উদাহৰণ

23 Jun 2018

যোৰহাটত অৱস্থিত অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক হৈছে কনকলতা মহিলা নগৰীয়া সমবায় বেংক। কাৰ্যপ্ৰণালী অন্য সকলো বেংকৰ দৰেই, কিন্তু ইয়াৰ সকলো বিষয়া-কৰ্মচাৰী মহিলা।

১৯৯৮ চনৰ ২২ মে তাৰিখে স্থাপিত সমবায় সমিতি আইন-১৯৪৯ ৰ অধীনত স্থাপন কৰা হৈছিল কনকলতা মহিলা নগৰীয়া সমবায় বেংক লিমিটেড। স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতাৰ নামেৰে নামাংকিত কৰা এই বেংকক ২০০০ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰিজাৰ্ভ বেংকে বেংকিং ব্যৱসায় আৰম্ভ কৰিবলৈ লাইচেঞ্চ প্ৰদান কৰে।

এই বেংকৰ মূল উদ্দেশ্য হৈছে মহিলা সৱলীকৰণ আৰু সমবায় বেংকিং মাধ্যমেৰে ইয়াৰ দুৰ্বল শ্ৰেণীৰ মহিলা সদস্যা সকলক বিত্তীয় শিক্ষাপ্ৰদান কৰা। এই বেংকে আৰ্থিক লাভালাভতকৈ বেছি গুৰুত্ব প্ৰদান কৰে স্বাৱলম্বীকৰণত। মহিলা সৱলীকৰণ, সমাজৰ দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ জনমূৰি আয় বৃদ্ধিৰে দেশৰ অৰ্থনৈতিক প্ৰগতি তড়ান্বিত কৰাৰ ক্ষেত্ৰত এই বেংকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই বেংক Deposit Insurance and Credit Guarantee Corporation ৰ তালিকাভুক্ত বেংক আৰু NACH, NPCI ৰ অধীনত CBS, CTS ব্যৱস্থাৰে কাৰ্যক্ষম। ২০০৪ চনৰ পৰা এই বেংকৰ মূল্যায়ন শ্ৰেণী হৈছে A+।

বেংকে আত্মসহায়ক গোটসমূহকে ধৰি মহিলাক NBCFDC আঁচনিৰ অধীনত ৩.৭৫ কোটি টকা ৪% সূতৰ হাৰত প্ৰদান কৰি আহিছে, যিয়ে কৃষি, ক্ষুদ্ৰ উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ বিভিন্ন গঠনমূলক কাৰ্যাৱলীক উত্সাহ যোগোৱাৰ উদ্দেশ্যে NEDFI য়ে এই বেংকৰ এক শ্বেয়াৰ অংশীদাৰ হিচাবে সঁহাৰি জনাইছে। North East Small Scale Industries Association (NESSIA)ও বৰ্তমান এই বেংকৰ শ্বেয়াৰ অংশীদাৰ আৰু বিভিন্ন সময়ত আত্মসহায়ক গোটসমূহলৈ প্ৰশিক্ষণ আগবঢ়াই আহিছে। ইয়াৰ লগতে এই বেংকে SIDBI, RMK, NEDFi আৰু NABARD ৰ পৰা বিভিন্ন কাম কাজ আৰু আত্মসহায়ক গোটৰ বাবে বিত্তীয় সহযোগিতাও লাভ কৰি আহিছে।

এই বেংকৰ দ্বাৰা মহিলাসকলক বিভিন্ন বিত্তীয় কাৰ্যব্যৱস্থাৰ লগতে ক্ষুদ্ৰ সঞ্চয়, ক্ষুদ্ৰ বীমা, অৰ্থ-সঞ্চয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি আদিৰ ওপৰতো গুৰুত্ব দি আহিছে। বৰ্তমান নিম্ন পৰ্যায়ত সদস্যসকলৰ ঋণ ক্ষমতা হাজাৰ টকাৰ পৰা পঞ্চাশ হাজাৰ টকালৈ বৃদ্ধি পাইছে। কনকলতা মহিলা নগৰীয়া সমবায় বেংকত শূণ্য বেলেঞ্চৰ একাউণ্ট মুকলি কৰাৰ সুবিধা উপলব্ধ আছে আৰু যিকোনো সৰ্বনিম্ন অৰ্থ (২০ টকা হ’লেও) জমা ৰাখিব পাৰে।

বিষয়া কৰ্মচাৰী সকলৰ দক্ষতা, সততা আৰু কৰ্মস্পৃহা এই বেংকৰ অন্যতম প্ৰধান সম্পদ। ভাৰতৰ ৰিজাৰ্ভ বেংকে বিষয়া কৰ্মচাৰীসকলক সময়ে সময়ে প্ৰশিক্ষণো প্ৰদান কৰি আহিছে।

কনকলতা মহিলা নগৰীয়া সমবায় বেংক বিগত বৰ্ষসমূহত বিভিন্ন সন্মান আৰু বঁটাৰে বিভূষিত হৈছে। বেংকৰ অধ্যক্ষ শ্ৰীযুতা শকুন্তলা দেৱী তত্বাৱধানত বেংকে বিভিন্ন দিশত সফলতা লাভ কৰিছে। অসম চৰকাৰে এই বিত্তীয় প্ৰতিষ্ঠানক এখন আদৰ্শ সমবায় বেংক হিচাবে স্বীকৃতি প্ৰদান কৰিছে। ২০১৬ চনৰ আন্ত:ৰাষ্ট্ৰীয় মহিলা দিৱসত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ে এই বেংকলৈ নাৰী সৱলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বাবে ‘নাৰী শক্তি বঁটা’ প্ৰদান কৰিছে। পৰিচালন সঞ্চালিকা শ্ৰীযুতা লখিমী বৰুৱাই বেংকৰ হৈ পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা নতুন দিল্লীত ‘দেৱী অহল্যাবাই হোলকাৰ বঁটা’ গ্ৰহণ কৰিছিল। অসম চৰকাৰেও কনকলতা মহিলা বেংকক শ্ৰেষ্ঠ সমবায় সমিতি হিচাবে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে।

কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰসাৰৰ এক অংগ হিচাবে ইয়াক ৰাজ্যিক বেংক হিচাবে প্ৰতিষ্ঠা কৰা হ’ব আৰু প্ৰতিখন জিলাত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ লগতে গুৱাহাটীত মুখ্য কাৰ্যালয় স্থাপন কৰা হ’ব। বেংকৰ দীৰ্ঘম্যাদী পৰিকল্পনা হিচাবে নিজাকৈ যুৱ পৰামৰ্শদান কেন্দ্ৰকে ধৰি মহিলা আৰু শিশু বিকাশ কাৰ্যসূচীৰো পৰিকল্পনা আছে।

 

Total Comments - 0

Leave a Reply