ধুবুৰী জিলাৰ আশে পাশে

04 Jan 2019

চহকী সাংস্কৃতিক ঐতিহ্যৰে পৰ্যটকৰ আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰস্থল ধুবুৰী জিলা।

ধুবুৰীৰ উল্লেখযোগ্য পৰ্যটন স্থলীসমূহ :

চক্ৰশিলা অভয়াৰণ্য

এই অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে প্ৰখ্যাত। জৈৱ বৈচিত্ৰতাত চহকী এই চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ উপৰিও অজগৰ, কাচ আদিৰ বাবে উল্লেখযোগ্য। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ চৰাইৰ দৃশ্য উপভোগ, ৱাইল্ড লাইফ ফটোগ্ৰাফি, ট্ৰেকিং আদিৰ বাবেও ই এক মনোৰম স্থান।

মহামায়া থান

 

ধুবুৰী নগৰৰ পৰা ৩০-৩৫ কিঃমিঃ পূৱ প্ৰান্তত অৱস্থিত বগৰীবাৰীৰ মহামায়া থান হ’ল অসমৰ এখন প্ৰখ্যাত শক্তিপীঠ।

ৰঙামাটি মছজিদ
বংগৰ শাসক হুচেইন শ্বাহে নিৰ্মাণ কৰা ৰঙামাটি মছজিদ হ’ল ১৭ শতিকাৰ স্থাপত্য শিল্পৰ এক অনন্য নিদৰ্শন। এই মছজিদৰ ভাস্কৰ্যসমূহত প্ৰাক মোগল যুগৰ স্থাপত্য কলাৰ প্ৰভাৱ সুস্পষ্ট হৈ ৰৈছে। মোগলৰ শাসন কালত এই ৰঙামাটি মছজিদ মোগল সেনাৰ দুৰ্গ হিচাবে জনা গৈছিল। মছজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল।

শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ
ধুবুৰীত অৱস্থিত শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ স্মৃতিত নিৰ্মাণ কৰা এক ইতিহাসপ্ৰসিদ্ধ তীৰ্থস্থান। ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ অহা যাত্ৰা পথত গুৰু নানকে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্য লাভ কৰা বুলি এক বিশ্বাস আছে। সোতৰ শতিকাত নৱম শিখগুৰু টেগ বাহাদুৰ এই স্থানলৈ আহি এই গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰতিবছৰে চাহিদি গুৰু পৰ্বৰ দিনা এই মছজিদলৈ অগণন শিখ ধৰ্মাৱলম্বী লোকৰ আগমন ঘটে।

মাটিয়াবাগ পেলেচ

গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ৰাজপ্ৰসাদ মাটিয়াবাগ পেলেচ সেই সময়ত হাৱাখানা হিচাবে জনা গৈছিল। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে আৰু হস্তীৰ কন্যা পাৰ্বতী বৰুৱাৰ বাসগৃহ জনাজাত।

ধীৰ বিল আৰু দিপলাই বিল
এই দুটা জলাশয় চহকী জৈৱবৈচিত্ৰৰ বাবে বিখ্যাত। লগতে পৰিভ্ৰমী আৰু থলুৱা পখীৰ বিচৰণস্থলী।

অন্যান্য উল্লেখযোগ্য ঠাইসমূহ হ’ল :
নেতাই ধুবুনী ঘাট
দ্বিতীয় বিশ্বযুদ্ধৰ বিমানবন্দৰ
সোৰেশ্বৰ বিল
দুধনাথ মন্দিৰ
ৰামৰাইকুটি

Total Comments - 0

Leave a Reply