নামফাকে

17 Jul 2018

ডিব্ৰুগড় জিলাত অৱস্থিত নামফাকে গাঁও হৈছে আটাইতকৈ বেছি সংখ্যক টাই-ফাকে বসতি থকা অঞ্চল। নামফাকে গাঁৱৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং নদীৰ সূৰ্যাস্তৰ নৈসৰ্গিক দৃশ্যৰাজিয়ে গাঁওখনৰ সৌন্দৰ্য বঢ়াই তোলে। শুকান টকৌ পাতেৰে নিৰ্মিত পৰম্পৰাগত চাং-ঘৰ সমূহে গোটেই গাঁওখনৰ এক প্ৰধান আকৰ। শান্তিপ্ৰিয় গাঁওবাসীৰ মাজত নাই কোনো হিংসাৰ বুৰঞ্জী।

টাই-ফাকে লোকসকল সাধাৰণতে দ্বিভাষিক আৰু তেওঁলোকৰ এক নিজস্ব লিপি আছে। নামফাকে গাঁৱত বৰ্তমান ১৫০ টা টাই-ফাকে পৰিয়াল আছে, যি সকল বৌদ্ধধৰ্মত বিশ্বাসী। নাম ফাকে গাঁৱৰ টাই-ফাকে লোকসকলে নিজৰ আহাৰৰ এটা সৰু পৰিমান বৌদ্ধ ভিক্ষু সকললৈ আগবঢ়াই দিনটোৰ শুভাৰম্ভ কৰে। এই পৰম্পৰা অতীজৰ পৰা চলি অহা এক পৰম্পৰা আৰু লোকসকলৰ দৈনন্দিন জীৱনৰ এক অংগ।

টাই-ফাকে লোকসকল নিজৰ কৃষ্টি- সংস্কৃতি, পৰম্পৰা, ঐতিহ্য আদিক লৈ সদায়েই সচেতন আৰু পৰ্যটক সকলকে সদায়েই হাঁহিমুখে আদৰণি জনাই নিজৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিবলৈ।

নামফাকেৰ আশে পাশে

  • বুঢ়ীদিহিং নদীৰ পাৰ এক জনপ্ৰিয় পিকনিক স্থলী।
  • ১৮৫০ চনত স্থাপিত বৌদ্ধবিহাৰ।
  • বৌদ্ধবিহাৰত অৱস্থিত দৰ্শনস্থলী মুচুলিন্দা টেংক, অশোক স্তম্ভ আৰু বৌদ্ধ পেগোডা।
  • বুঢ়ীদিহিং নদীত সূৰ্যাস্ত আৰু সুস্বাদু তাই ফাকে ব্যঞ্জন।

যাতায়াতৰ সুবিধা

সমীপৰ বিমানবন্দৰ : ডিব্ৰুগড়

সমীপৰ ৰেল ষ্টেচন : নাহৰকটীয়া

পথ পৰিবহণ : কাষৰীয়া অঞ্চলৰ পৰা নামফাকে গাঁৱলৈ অটো ৰিক্সা আৰু টেক্সিৰ সুবিধা উপলব্ধ।  

 

Total Comments - 0

Leave a Reply