নাৰীৰ সফলতাক উদযাপন কৰোঁ আহক

11 Jul 2018

এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ থীম্ আছিল- #PressforProgress। পুৰুষ আৰু মহিলা, ইজনে আনজনৰ অবিহনে অসম্পূৰ্ণ। কিন্তু বহুক্ষেত্ৰত নিজস্ব দক্ষতা-যোগ্যতা থকা স্বত্বেও নাৰীসকলে পুৰুষৰ তুলনাত পিছপৰি থকা দেখা যায়।

মহিলাকৰ্মী, মহিলা সংগঠনবোৰৰ অগ্ৰণী ভূমিকাৰ বাবেই হওঁক বা যুগৰ পৰিৱৰ্তনৰ বাবেই হওঁক, তুলনামূলকভাৱে লিংগ বৈষম্য কিছু পৰিমাণে হ’লেও হ্ৰাস পাইছে। তথাপিও এই বিষয়ত আৰু বহু দূৰ বাট যাবলৈ বাকী আছে, সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰে বহু কৰণীয় আছে।

যিদিনাখন পুৰুষ-মহিলাই সমান অধিকাৰ ভোগ কৰিব পাৰিব, যিদিনাখনেই নাৰীসকলে নিজৰ ভৰিত সম্পূৰ্ণৰূপে থিয় হৈ উঠিব, যিদিনাখনেই নাৰীয়ে স্বকীয় দৃষ্টিভংগীৰে জীয়াই থকাৰ সুযোগ লাভ কৰিব, তেতিয়াই সমাজত প্ৰকৃতাৰ্থত নাৰী সৱলীকৰণ সম্ভৱ হৈ উঠিব। এই ক্ষেত্ৰত পুৰুষ-মহিলা উভয়ে সন্মিলিত প্ৰচেষ্টাৰে আগভাগ ল’ব লাগিব।

#PressforProgress –ৰদ্বাৰা উদ্বুদ্ধ হৈ স্বাৱলম্বী ‌মহিলা, যুৱতীসকলে নিজৰ নিজৰ সমনীয়া, বান্ধৱী, সহকৰ্মীসকলকো স্বাৱলম্বী হোৱাৰ দিশত উৎসাহিত কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যমী মহিলাসকলৰ স্বাৱলম্বন আৰু কৰ্মদক্ষতাৰ সফল যাত্ৰা পোহৰলৈ আহিছে।
নিজৰ নিজৰ অঞ্চলৰ একোগৰাকী উদ্যমী মহিলা, যাৰ কৰ্মোদ্যমে আপোনালোকক প্ৰেৰণা যোগাইছে, তেখেতক আপোনালোকে মনোনয়ন কৰিব পাৰে।

লিংগ বৈষম্যই কেতিয়াও সমাজ এখনৰ সৰ্বাংগীণ বিকাশ সাধন কৰিব নোৱাৰে। বিভিন্ন ক্ষেত্ৰত স্বকীয় কৰ্মৰাজিৰে জিলিকি উঠা মহিলাসকলৰ জীৱন যাত্রাৰ ওপৰত আমি আলোকপাত কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াৰদ্বাৰা আমাৰ সমাজৰ মহিলাসকলে অফুৰন্ত প্ৰেৰণা লাভ কৰিছে, তেওঁলোকেও নিজে কিবা এটা কৰাৰ বাবে মনোবল গোটাইছে।
আহক, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা নাৰীসকলক স্বকীয়তাৰে জীয়াই থকাৰ বাবে উৎসাহিত কৰোঁ আৰু মহিলাসকলৰ মাজত লুকাই থকা দক্ষতা-যোগ্যতাক আৱিষ্কাৰ কৰি এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াত অগ্ৰণী ভূমিকা লওঁ।

Total Comments - 0

Leave a Reply