হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য

21 Jul 2018

অসম – প্ৰকৃতিৰ এক অপৰূপ ৰম্যভূমি। পৰ্যটনৰ এক প্ৰাণকেন্দ্ৰস্বৰূপ অসমভূমি চাহৰ লগতে ইয়াৰ বন্যপ্ৰাণী আৰু সেউজ অৰণ্য সমূহৰ বাবেও বিখ্যাত, য’ত বিভিন্ন আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য এখন সেউজ অভয়াৰণ্য য’ত দেশৰ একমাত্ৰ গিবন হোলোক হলৌ বান্দৰ আৰু নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়।

হোলোক হলৌ বান্দৰ

হোলোক হলৌ বান্দৰ সাধাৰণতে দীঘল বাহুৰ হয় আৰু গছত বাস কৰে। দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে। হলৌ বান্দৰ ফলাহাৰী জীৱ আৰু অৰণ্যত থকা বিভিন্ন ফল- মূলৰ লগতে গছৰ পাত খাই জীয়াই থাকে। অন্যান্য প্ৰাইমেটৰ দৰেই হোলোক হলৌ বান্দৰ সামাজিক প্ৰাণী। হলৌ বান্দৰে তীব্ৰ চিঞৰৰ মাধ্যমেৰে পৰিয়ালৰ আন সদস্য সকলৰ লগত যোগাযোগ কৰে। এই মাধ্যেমেৰে গোটৰ বান্দৰক নিজৰ বাসস্থানৰ সীমা সম্পৰ্কে জ্ঞাত কৰাই দিয়ে৷ প্ৰত্যেকটো হোলোক হলৌ বান্দৰৰে মাত ভিন্ন হয়৷

গিবন অভয়াৰণ্য

২০.৯৮ বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি থকা যোৰহাট জিলাত অৱস্থিত গিবন অভয়াৰণ্যৰ নামাকৰণ কৰা হৈছিল ভাৰতৰ একমাত্ৰ একমাত্ৰ হোলোক হলৌ বান্দৰ, গিবনৰ নামেৰে। অসম চৰকাৰে ১৯৯৭ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে স্বীকৃতি দিয়ে। যদিও অভয়াৰণ্যখন গিবনৰ নামেৰে নামকৰণ কৰা হৈছে এই অৰণ্যখন হোলোং গছৰ কাৰণেও বিখ্যাত। হোলোং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। হলৌ বান্দৰ আৰু লাজুকী বান্দৰৰ বাহিৰেও এই অভয়াৰণ্য সেন্দুৰী বান্দৰ, মলুৱা বান্দৰ, কেপড্‍ লেঙ্গুৰ আদিৰ বাবেও বিখ্যাত।

 

যাতায়াত ব্যৱস্থা

বিমানবন্দৰ : সমীপৰ বিমানবন্দৰ ৰৰৈয়া, যোৰহাট

ৰেলসেৱা : মৰিয়নি ৰেল ষ্টেচন

পথসেৱা : মৰিয়নিৰ পৰা সুচল পথসেৱা, যোৰহাটৰ পৰা দূৰত্ব ৩৪ কিলোমিটাৰ

 

Total Comments - 0

Leave a Reply