ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান – এক নতুন সম্ভাৱনা

05 Jul 2021

অসমৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক সম্পদৰ মেটমৰা ভঁৰাল আৰু অজস্ৰ জীৱ-জন্তুৰ বসতিস্থল হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ। অতীজৰে পৰা দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাত শেহতীয়াকৈ সংযোজন হ’ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। যোৱা ৯ জুনত অসম চৰকাৰৰ এখন জাননীযোগে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে আনুষ্ঠানিক মান্যতা লাভ কৰাৰ লগে লগে অসমৰ পৰ্যটন ক্ষেত্ৰত এখন নতুন ৰাষ্ট্ৰীয় উদ্যান সংযোজন হ’ল।

ভৌগোলিক অৱস্থান

অসমৰ একেবাৰে উত্তৰ-পশ্চিম অংশ আৰু পশ্চিম বংগ সীমান্তৰ সেউজভূমিত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাৰ ইণ্ডো-ভূটান সীমান্তৰ সৈতে সংলগ্ন হৈ আছে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ বিখ্যাত জিগমে চিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যান আৰু ফিবচু বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংলগ্ন বনাঞ্চলৰ সীমান্তৱৰ্তী স্থানসমূহৰ সৈতে সংলগ্ন হৈ আছে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ সীমাই ভাৰত-ভূটান আন্তৰ্জাতিক সীমা স্পৰ্শ কৰি আছে। পশ্চিম সীমাই সোণকোষ নদীৰ সোঁ পাৰৰ লগতে অসম আৰু পশ্চিম বংগৰ আন্তঃৰাজ্যিক সীমাৰ সৈতে বিস্তাৰিত হৈ আছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পূব সীমা ৰিপু আৰু চিৰাং সংৰক্ষিত বনাঞ্চলৰ উমৈহতীয়া সীমাৰ সৈতে সংলগ্ন হৈ আছে। আনহাতে দক্ষিণ দিশৰ সীমাত আছে পেকুৱা নদী ।

প্ৰাচীন কালত ৰাইমনা অঞ্চলটো কম জনবসতিপূৰ্ণ এলেকা আছিল । ১৯৬৩ চনৰ এক প্ৰতিবেদনমৰ্মে, এই সমগ্ৰ এলেকাটো ৰাজধানী ৰাইমনাৰ সৈতে ৰিপুদ্বাৰ নামৰ এখন কৰতলীয়া ৰাজ্য আছিল। ভূটানৰ দেব ৰজা (প্ৰশাসনিক ৰজা)ৰ দ্বাৰা নিযুক্ত এজন চুবো (ভূটান ৰাজ্যপাল)ৰ দ্বাৰা এই এলেকাৰ প্ৰশাসনিক দিশটো নিয়ন্ত্ৰণ কৰা হৈছিল। ভূটানৰ পাদদেশত থকা এনে ওঠৰখন প্ৰৱেশদ্বাৰ ভিতৰত ৰিপুদ্বাৰ আছিল অন্যতম।

মূল আকৰ্ষণ তথা জৈৱ-বৈচিত্ৰ্য

বড়োলেণ্ড ক্ষেত্ৰৰ শুভংকৰ প্ৰতীক সোণালী বান্দৰ হ’ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বিচিত্ৰময় জীৱকুলৰ ভিতৰত অন্যতম আকৰ্ষণ । সোণালী বান্দৰৰ উপৰি হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, ফুটুকী হৰিণা, পানী ম’হ, ধনেশ পক্ষী, প্ৰায় ১৫০ৰো অধিক প্ৰজাতিৰ পখিলা, ১৭০ ৰো অধিক প্ৰজাতিৰ চৰাই তথা ৩৮০ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ তথা অৰ্কিড পোৱা যায়।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান বহুতো বিৰল আৰু দুষ্প্ৰাপ্য জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ বনাঞ্চল য’ত আছে প্ৰায় এঘাৰবিধ বিভিন্ন বনৰ প্ৰকাৰ আৰু উপপ্ৰকাৰ। যথেষ্ট পৰিমাণে শালগছ থকা বনাঞ্চলখনক ১৮৭৫-৭৬ চনত প্ৰণালীবদ্ধ বৈজ্ঞানিক ব্যৱস্থাপনাৰ অধীনলৈ অনা হৈছিল।

অৰ্থনৈতিক সম্ভাৱনীয়তা

অসমৰ ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ৰাইমনাই মান্যতা পোৱাৰ লগে লগে কেৱল পৰ্যটনৰ ক্ষেত্ৰখনলৈ সম্ভাৱনীয়তা কঢ়িয়াই অনাই নহয় বৰঞ্চ কৃষি আৰু বনভূমিৰ ওপৰত নিৰ্ভৰশীল অসমৰ অৰ্থনীতিলৈ এক নতুন বাট মুকলি কৰিলে। মূলতঃ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ গাঁওবাসীৰ বাবে পৰ্যটন উদ্যোগৰ সমান্তৰালভাৱে সংস্থাপন আৰু জীৱিকাৰ বৃহৎ সুযোগ মুকলি কৰিব। দেশ-বিদেশৰ লগতে চুবুৰীয়া দেশ দুখনৰ পৰ্যটকসকলে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্য আৰু মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ উপৰিও সামাজিক আৰু সাংস্কৃতিক বান্ধোনৰে বান্ধ খাই পৰিব। অনাগত সময়ত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কেৱল বনজ সম্পদতে সীমাবদ্ধ নহৈ চুবুৰীয়া দেশসমূহৰ লগত সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক বিনিময়ৰ এটা উল্লেখযোগ্য মাধ্যম হৈ পৰিব।

অসমৰ প্ৰতিটো চুকে-কোণে সিঁচৰতি হৈ থকা বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক সম্পদসমূহ সু-ব্যৱস্থাৰ মাজেৰে সম্ভাৱনালৈ ৰূপান্তৰ কৰিব পাৰিলেহে অসমৰ পৰ্যটনৰ লগতে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ উন্নয়ন সাধন হ’ব। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে অনাগত দিনত অসমৰ সামগ্ৰিক উন্নতিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

Total Comments - 0

Leave a Reply