অসমীয়া চিনেমাৰ বৰ্ণিল যাত্ৰাৰ এক চমু অৱলোকন

25 Jul 2018

অসমীয়া চলচ্চিত্ৰৰ আছে এক বৰ্ণিল ইতিহাস। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই মুকলি কৰিছিল এখন নতুন দুৱাৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ হিচাবে চিহ্নিত ‘জয়মতী’ৰ সমসাময়িকভাৱে দেশৰ অন্যান্য প্ৰান্ততো ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ সবাক চলচ্চিত্ৰৰ উদ্যোগসমূহ। সেয়াই আছিল আৰম্ভণি।

১৯৩৫ চনৰ পৰা ২০১৮ চনলৈ এই ৮৩ টা বছৰত অসমীয়া চিনেমা জগতত ঘটিল বিভিন্ন উত্থান-পতনৰ ঘটনা। বিভিন্ন সময়ত স্থবিৰ হৈ পৰা চলচ্চিত্ৰ উদ্যোগটো বিভিন্ন সময়ত জীপাল হৈ উঠিল বিভিন্ন সন্মানেৰে।

চল্লিশৰ দশকত ১৯৩৫ চনৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’, ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’, পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ‘ৰূপহী’, কমল নাৰায়ন চৌধুৰীৰ ‘বদন বৰফুকন’, সুৰেশ চন্দ্ৰ গোস্বামীৰ ‘ৰুণুমী’, ফণী শৰ্মাৰ ‘চিৰাজ’য়ে অসমীয়া চিনেমাৰ ধাৰাটোক আগবঢ়াই লৈ যায়।

পঞ্চাশৰ দশকটোৱে আৰম্ভ কৰিছিল অসমীয়া চিনেমাৰ সাফল্যৰ এক নতুন ধাৰা। ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’-য়ে পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃতি লাভ কৰে। যশস্বী পৰিচালক নিপ বৰুৱা আছিল পঞ্চাশৰ দশকৰে সৃষ্টি। তেখেতে পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল ‘স্মৃতিৰ পৰশ’। এইটো দশকতে বিখ্যাত সংগীতজ্ঞ ড: ভূপেন হাজৰিকাই চলচ্চিত্ৰ পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে। ড: ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’-য়ে অসমীয়া চলচ্চিত্ৰ জগতত আৰম্ভ কৰে এক আধুনিক ধাৰা। ১৯৫৯ চনত পশ্চিমবংগৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰভাত মূখাৰ্জীৰ ‘পূবেৰুণ’-য়ে প্ৰথমবাৰৰ বাবে লাভ কৰে আন্তৰ্জাতিক স্বীকৃতি। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত পূবেৰুণে অসমীয়া চল্চ্চিত্ৰৰ বাবে মুকলি কৰি দিয়ে আন্তৰ্জাতিক ক্ষেত্ৰত এখন নতুন দুৱাৰ।

ষাঠি আৰু সত্তৰ দশকত অসমীয়া চিনেমায়ো নতুনত্বৰ দিশে অগ্ৰসৰ হয়। বহুকেইখন জীৱনীমূলক চিনেমাৰ লগতে বিভিন্ন ধাৰাৰ চিনেমাৰ বিকাশ ঘটে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মনিৰাম দেৱান’, নিপ বৰুৱাৰ ‘নৰকাসুৰ’, ড: ভূপেন হাজৰিকাৰ সাংগীতিক সৃষ্টি ‘শকুন্তলা’ৰ লগতে ‘প্ৰতিধ্বনি’, ‘লটিঘটি’, ‘চিকমিক বিজুলী’ আদি চিনেমায়ে ভূমুকি মাৰে। লগতে নিৰ্মাণ হয় প্ৰথমখন অসমীয়া খুহুতীয়া চিনেমা ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুতো’। ব্ৰজেন বৰুৱাৰ ‘ড: বেজবৰুৱা’-য়ে বাণিজ্যিক ভাৱে লাভ কৰে অভাৱনীয় সফলতা। প্ৰথমখন অসমীয়া থ্ৰীলাৰ হিচাবে ‘ড: বেজবৰুৱা’ই অসমীয়া চিনেমাৰ বাণিজ্যিক দিশত সংযোজন কৰে এক নতুন ধাৰাৰ। সত্তৰ আৰু আশী দশকত কেইবাখনো অসমীয়া চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াবলৈ সক্ষম হয়। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘অৰণ্য’, ব্ৰজেন বৰুৱাৰ ‘ওপজা সোণৰ মাটি’, আব্দুল মজিদৰ ‘চামেলি মেমচাব’, অতুল বৰদলৈৰ ‘কল্লোল’, ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ প্ৰধান। ১৯৭৬ চনত নিৰ্মিত পদুম বৰুৱাই অসমীয়া চিনেমাত এক নতুন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ সমান্তৰাল ধাৰা এটাৰ সৃষ্টি কৰে। অসমীয়া চিনেমাত পোনপ্ৰথমবাৰৰ বাবে কলাত্মক ধাৰাৰ প্ৰৱৰ্তনেৰে ‘গঙা চিলনীৰ পাখি’ সদায়েই অসমীয়া চিনেমাত এক মাইলৰ খুঁটি হৈ ৰ’ব। আশী দশকতে ড: ভবেন্দ্ৰ নাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ চিনেমাৰ জৰিয়তে চিনেমা জগতত এক সবল খোজ দিয়ে। সত্তৰ আৰু আশী দশকৰ প্ৰায় আটাইবোৰ চিনেমাই আছিল সংগীতমধুৰ। ড: ভূপেন হাজৰিকা, ৰমেন বৰুৱা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিৰ সংগীত পৰিচালনাৰে বহুকেইখন অসমীয়া চলচ্চিত্ৰই প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮২ চনত ‘অপৰূপা’ চলচ্চিত্ৰৰে অসমীয়া চিনেমাজগতত খোজ দিয়ে জাহ্নু বৰুৱাই। পৰৱৰ্তী সময়ত জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘ফিৰিঙতি’, ‘সাগৰলৈ বহুদূৰ’, ‘কণিকাৰ ৰামধেনু’ আদিৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয়। সমান্তৰালভাৱে ড: ভবেন্দ্ৰ নাথ শইকীয়াই অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আদি চিনেমাৰে কলাত্মক চিনেমাৰ ধাৰাটোকো সমানে আগুৱাই নিয়ে। ইয়াৰ লগতে শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, মুনীন বৰুৱা, সান্ত্বনা বৰদলৈ, মঞ্জু বৰা আদি চিত্ৰনিৰ্মাতা সকলে তেখেতসকলৰ অৱদানেৰে অসমীয়া চলচ্চিত্ৰৰ ভঁৰাল চহকী কৰে।

১৯৩৫ চনৰ পৰা ২০১৮ চনলৈ অসমীয়া চলচ্চিত্ৰৰ এই বৰ্ণিল যাত্ৰাত শেহতীয়াকৈ অসমীয়া চিনেমা এক নতুন ৰূপত উদ্ভাষিত হৈ উঠিছে। যুৱ চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’-য়ে অসমীয়া চিনেমাৰ গতিধাৰাক দিছে এক নতুন প্ৰাণ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল বঁটাৰ লগতে দেশে-বিদেশে বিভিন্ন খ্যাতনামা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত ‘ভিলেজ ৰকষ্টাৰ্চ’ য়ে অসমীয়া চিনেমাক দিছে এক নতুন পৰিচয়।

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু অসমীয়া চিনেমা

অসমীয়া চলচ্চিত্ৰ নিৰ্মানত আৰ্থিকভাবে সহায় কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে বিভিন্ন ক্ষেত্ৰত অসমীয়া চিনেমাৰ উত্তৰণত সহায় কৰি আহিছে। শেহতীয়াকৈ অসমীয়া চিনেমাৰ উন্নয়নৰ স্বাৰ্থত বহুকেইটা গঠনমূলক পৰিকল্পনা হাতত লোৱা হৈছে। এখন শক্তিশালী চিনেমা আঁচনি প্ৰস্তুত কৰিবলৈ অসম চৰকাৰে ইতিমধ্যে যো-জা চলাইছে। এই চিনেমা আঁচনিয়ে নিশ্চিতভাৱে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক বহুলাংশে সহায় কৰিব। অসমীয়া চিনেমাৰ উন্নয়নৰ স্বাৰ্থতে ২০১৮ বৰ্ষত দুদিনীয়া কাৰ্যসূচীৰে সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে ২৮ আৰু ২৯ জুলাই তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত আযোজন কৰা হৈছে সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু চলচ্চিত্ৰ মহোৎসৱ।

Total Comments - 0

Leave a Reply