অসমৰ পৰম্পৰাগত মুখা শিল্প
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম তথা গুৰুজনাৰ অপূৰ্ব সৃষ্টি নৃত্য-গীত, ভাওনা আদি কলা-সংস্কৃতিয়ে অসমীয়া জাতিক সমন্বয়ৰ পথ দেখুৱালে । বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি মহান অসমীয়া জাতিৰ পৰিচয় দিলে। গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হল মুখা শিল্প। পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। এই মুখা অসমৰ পৰম্পৰাগত লোক কলা।
মুখা কলাৰ বাবেই মাজুলীৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই সত্ৰত তাহানিৰ দিনৰে পৰা মুখা নিৰ্মাণৰ চৰ্চা প্ৰচলিত হৈ আাহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰাও এই শিল্পৰ প্ৰশিক্ষণৰ বাবে বহু লোক আগবাঢ়ি অহা পৰিলক্ষিত হয়।
মুখাৰ পৰম্পৰাগত ভাগ :
পৰম্পৰাগতভাৱে মুখাক ৩টা ভাগত ভাগ কৰি নিৰ্মাণ কৰা হয়।
- বৰমুখা বা ছোঁ মুখা
বৰ মুখা দুটা ভাগত নিৰ্মাণ কৰা হয়। শিৰ ভাগ আৰু গা ভাগ। পৰিৱেশনৰ সময়ত গা-ৃ ভাগৰ ওপৰত শিৰ ভাগ সংযোগ কৰি অভিনয় শিল্পীজন মুখাৰ ভিতৰত সোমাই অভিনয় কৰে। এই মুখা কমেও ১০ -১২ ফুট ওখ হয়। সেয়েহে এই মুখাক বৰমুখা বোলা হয়।
- লোটোকৰী মুখা বা চুটি ছোঁ মুখা (লোটোকাই)
বৰমুখাতকৈ সৰু। শিৰ আৰু গা ভাগ বৰমুখাৰ দৰে নিৰ্মাণ কৰা হয়। বৰ মুখাৰ লগত ইয়াৰ পাৰ্থক্য হ’ল যিজন শিল্পীয়ে এই মুখা অভিনয়ৰ বাবে পৰিধান কৰে, শিল্পীজনৰ মূৰত মুখাৰ শিৰভাগ খাপ খাই পৰে আৰু ইয়াৰ অংগসমূহ সঞ্চালন কৰিব পাৰে। যেনে : পুতনা, তাৰকা, মাৰিছ, সুবাহু আদি।
- মুখ মুখা
এই মুখাৰে কেৱল মানুহৰ স্বাভাৱিক মুখ মণ্ডলক আৱৰি ৰাখি শৰীৰ ভাগত মুখৰ লগত সামঞ্জস্য ৰাখি সাজ-পোছাক পিন্ধি অভিনয় কৰা হয়। মুখাৰ সৈতে পোছাক পিন্ধি অভিনয় কৰা হয় বাবে মুখাক আহাৰ্য বুলি কোৱা হয়।
মুখা নিৰ্মাণৰ আহিলাসমূহ
মুখা নিৰ্মাণৰ আহিলাসমূহ থলুৱাভাৱে উৎপন্ন হয়। যেনে : বাঁহ, বেত, কপাহী কাপোৰ, গৰুৰ গোবৰ, কুমাৰ মাটি, কুঁহিলা, মৰাপাট আদিয়েই প্ৰধান। ৰঙৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে পোৱা ৰঙৰ ব্যৱহাৰেই পৰম্পৰাগত চলি আহিছে। যেনে : গছৰ গুটি, বাকলি, পাত, বেলৰ আঠা, গম গছৰ আঠা, পৰম্পৰাত ব্যৱহৃত খনিজ পদাৰ্থ হেঙুল (ৰঙা), হাইতাল (হালধীয়া), মিঠাতেলৰ চাকিৰ ছাই, নীল গছ উল্লেখযোগ্য।
মুখা নিৰ্মাণৰ পদ্ধতি
মুখা নিৰ্মাণৰ বাবে ৩ বছৰীয়া জাতি বাঁহ ৩-৪ ফুট জোখত কাটি কাঠী তৈয়াৰ কৰি লোৱা হয় ৷ মুখাৰ জোখ অনুসৰি মুখাৰ সজা (খাং) প্ৰস্তুত কৰা হয়। তাৰ পাছতে নিৰ্দিষ্ট জোখত কপাহী কাপোৰ কাটি লৈ কুমাৰ মাটিৰ লগত লেটিয়াই বাঁহৰ সজাটো ঢাকি দিয়া হয়। ৰ’দত শুকুৱাই ৩ ভাগ গোবৰ আৰু ১ ভাগ কুমাৰ মাটি ভালদৰে খচি লৈ সজাটোৰ ওপৰত চৰিত্ৰ অনুসৰি চেহেৰা দিয়া হয় আৰু ৰ’দত শুকুওৱা হয়। ভালদৰে শুকালে পুনৰ বাঁহৰ কৰণিৰে কম পৰিমাণে মাটি লগাই কপাহী কাপোৰ কুমাৰ মাটিৰ লগত লেটিয়াই গোবৰৰ ওপৰত কাপোৰ লগাই লৈ শুকাবলৈ দিব লাগে। ভালদৰে শুকালে ই ৰং কৰিবৰ বাবে উপযোগী হয় আৰু ৰঙৰ কাম সম্পূৰ্ণ হ’লেই মুখা সাজু হৈ পৰে।
উল্লিখিত তিনিও প্ৰকাৰৰ মুখা একে পদ্ধতিৰে নিৰ্মাণ কৰি ভাওনাত ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়।
মুখাৰ ব্যৱহাৰ
গুৰুজনাই ৰচনা কৰা প্ৰথমখন নাট ‘চিহ্ন যাত্ৰা‘ত প্ৰথমবাৰৰ বাবে মানুহৰ স্বাভাৱিক মুখমণ্ডলত প্ৰকাশ কৰিব নোৱৰা চৰিত্ৰ, যেনে– গৰুড় পক্ষী, চতুড়ানন ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা নিৰ্মাণ কৰা হয়। ৰামায়ণৰ কাহিনীত ৰাৱণ, কুম্ভকৰ্ণ, সূৰ্পনখা, জটায়ু, তাৰকা, মাৰিছ, সুবাহু, সুগ্ৰীৱ আদি চৰিত্ৰসমূহৰ বাবে মুখাৰ প্ৰাধান্যতা বহু পৰিমাণে বেছি। ঠিক সেইদৰে ভগৱানৰ দশ অৱতাৰৰ ৰূপটো মুখাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৎস্য, কুৰ্ম, নৰসিংহ আদিৰ বাবে বৰ্তমান প্ৰচলিত হৈ আছে। ৰাস মহোৎসৱত মুখা প্ৰদৰ্শনে এক চমৎকাৰিতা প্ৰকাশ কৰি আহিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰৱৰ্তী গুৰু তথা আতা পুৰুষসকলেও ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ পৰা বহুকেইখন নাট লিখি এই মুখা কলাৰ যোগেদি সত্ৰীয়া সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ গৈছে।
পৰম্পৰাগতভাৱে মুখা ভাওনাত ব্যৱহাৰ হোৱাৰ উপৰি কোনো কোনো কাহিনীৰ নাটকত কেৱল মুখাৰেও ভাওনা কৰা হয় যাক মুখা ভাওনা বুলি অভিহিত কৰা হয়। বৰ্তমান এই মুখা ভাওনাই বিশ্ব দৰবৰাত প্ৰতিষ্ঠা লাভ কৰি সমাদৰ লাভ কৰিছে। এই মুখাসমূহৰ অংগ সঞ্চালন, যেনে– চকু, মুখ, হাত লৰোৱা আদি উল্লেখযোগ্য দিশৰ বাবে এই ভাওনা অতি জনপ্ৰিয় হৈ পৰিছে।
বৰ্তমান সময়ত মুখাক কেৱল ভাওনাতে আবদ্ধ নাৰাখি অন্যান্য ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে। যেনে– উপহাৰ হিচাপে দিয়া, উৎসৱ-পাৰ্বণ, সভা-সমিতিত সজোৱা, ঘৰত সজোৱা ইত্যাদি। ইয়াৰ দ্বাৰা মুখা শিল্পীসকল আৰ্থিকভাৱে সবল হৈ উঠাৰ লগতে ন শিকাৰুসকল আৰু নৱপ্ৰজন্মই ইয়াক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। অসমৰ এই পৰম্পৰাগত মুখা বিদেশত বিশেষকৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ হোৱাৰ লগতে বিদ্যালয়, বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়, বিমান বন্দৰ আদিতো সংৰক্ষণ হৈ আছে।
তথ্য সংগ্ৰহ : শ্ৰীহেমচন্দ্ৰ গোস্বামী
বিশিষ্ট মুখা শিল্পী
শ্ৰীশ্ৰীচামগুৰি সত্ৰ