অসম, ভাৰতৰ পৰ্যটন মানচিত্ৰত পূৰ্ব দিশৰ উদীয়মান তৰাস্বৰূপ

03 Jul 2018

 

“পৰ্যটন অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ পৰ্যটনে সমাজৰ আটাইতকৈ দুখীয়াজনলৈও অৰ্থনৈতিক সুযোগ কঢ়িয়াই আনে।”

– প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোডী

ৰাজ্যখনৰ দ্রুত উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ পৰ্যটনৰ ক্ষেত্রত থকা বিশেষ ভিজন অসম চৰকাৰেও গ্ৰহণ কৰিছে। তেখেতৰ এই সপোনক বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দিষ্ট সময়সীমাত সম্পন্ন হোৱাকৈ সুপৰিকল্পিত নীতিৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।

জনতাৰ চৰকাৰ- মাই গভ অসমে এলানি ব্ল’গৰ জৰিয়তে ৰাজ্যৰ পৰ্যটনৰ প্ৰধান আকৰ্ষণৰ বিন্দুসমূহৰ ওপৰত আলোকপাত কৰিছে।

অসম চৰকাৰে অলপতে কামাখ্যা মন্দিৰক আদৰ্শ স্বচ্ছ স্থান হিচাপে ঘোষণা কৰিছে। তাৰোপৰি চৰকাৰে মন্দিৰ পৰিচালনা সমিতিৰ সৈতে মিলিত প্ৰচেষ্টাৰে কামাখ্যা মন্দিৰক দেশৰ ভিতৰতে আটাইতকৈ স্বচ্ছ তীৰ্থস্থান হিচাপে গঢ় দিবলৈ বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ‘প্ৰসাদ’ আঁচনিৰ অধীনত উন্নয়নৰ বাবে নিৰ্বাচন কৰা দেশৰ তেৰটা স্থানৰ ভিতৰত কামাখ্যাও অন্যতম।

 

পৰ্যটন ক্ষেত্ৰ ১: কামাখ্যা মন্দিৰ, গুৱাহাটী

গুৱাহাটীৰ পশ্চিমাংশৰ নীলাচল পাহাৰৰ সেউজীয়া পৰিৱেশত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে পৃথিৱীৰ বিভিন্ন ঠাইত সিচৰতি হৈ থকা ৫১ টা শক্তিপীঠৰ ভিতৰত অন্যতম এটা। হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অতিকৈ পৱিত্র কামাখ্যা দেৱীৰ এই মন্দিৰটো অঞ্চলটোৰ আটাইতকৈ ব্যস্ত তীৰ্থস্থান।

কামাখ্যা মন্দিৰ হৈছে কামৰূপ (পৌৰাণিক অসম)ৰ আটাইতকৈ পুৰণি জীৱন্ত কীৰ্তিচিহ্ন য’ত ইতিহাসৰ বিভিন্ন সময়ৰ ঘটনাৱলী জড়িত হৈ আছে।

কামাখ্যা মন্দিৰৰ বিষয়ে উল্লেখযোগ্য দিশটো হ’ল- মন্দিৰৰ ভিতৰত শক্তিৰ দেৱীগৰাকীক কোনো মূৰ্তিৰূপে পূজা কৰা নহয়। তাৰ সলনি মন্দিৰৰ ভিতৰৰ এটা কক্ষৰ চুকত অৱস্থিত যোনিৰ প্ৰতীককহে (নাৰীৰ জননেন্দ্ৰিয়) উপাসনা কৰা হয়। যোনিৰ প্ৰতীকটো প্ৰাকৃতিকভাৱে শিলৰ মাজেৰে নি:সৃত পানীৰে জলমগ্ন হৈ থাকে।

প্ৰতিদিনে দেৱী গৰাকীলৈ আগবঢ়োৱা নিত্য পূজাৰ উপৰিও কামাখ্যা মন্দিৰৰ প্ৰাঙ্গণত দুৰ্গা পূজা আৰু অম্বুবাচী মেলাৰ দৰে আন আন আধ্যাত্মিক উৎসৱ পালন কৰা হয়।

 

কামাখ্যাৰ কিংবদন্তি:

ৰজা দক্ষৰ জীয়ৰী সতী দেৱীয়ে পিতৃৰ ইচ্ছাৰ বিৰুদ্ধে ভগৱান শিৱক বিয়া কৰাইছিল। এবাৰ এটা যজ্ঞৰ অনুষ্ঠানত দক্ষ ৰজাই শিৱক বৰ বেয়াকৈ অপমান কৰিলে। সতীয়ে নিজৰ স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি যজ্ঞৰ অগ্নিতেই জপিয়াই আত্মাহুতি দিলে। ক্ৰোধ আৰু দুখত আক্ৰান্ত শিৱই পত্নীৰ শৱদেহ কান্ধত লৈ পৃথিৱী ধ্বংসৰ নৃত্য আৰম্ভ কৰি দিলে। বিশ্বক ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহ কাটি টুকুৰা-টুকুৰ কৰিলে। এই টুকুৰাবোৰ যিবোৰ স্থানত পৰিছিল সেই স্থানসমূহক শক্তিপীঠ বুলি গণ্য কৰা হয়। কামাখ্যাত সতীৰ শৰীৰৰ যোনিৰ অংশ পৰিছিল আৰু সেয়েহে ইয়াক উপাসনাৰ এটি পৱিত্ৰ স্থান হিচাবে বিশ্বাস কৰা হয়।

অধিক তথ্যৰ বাবে : http://kamakhyatourism.com

 

পৰ্যটন ক্ষেত্ৰ ২: উমানন্দ নদীদ্বীপ, গুৱাহাটী

ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত উমানন্দ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম বসোপযোগী নদীদ্বীপ। ইয়াৰ সুকীয়া আকৃতিৰ বাবে ‘পিক’ক আইলেণ্ড’ আৰু ভগৱান শিৱৰ সৈতে জড়িত লোকবিশ্বাসৰ বাবে ইয়াক ভষ্মাচল বুলিও কোৱা হয়। উমানন্দত ভগৱান শিৱৰ এটা সুদৃশ্য মন্দিৰ আছে।

প্ৰবাদ আছে যে, ভগৱান শিৱই তেখেতৰ পত্নী পাৰ্বতীৰ সুখ আৰু শান্তিৰ বাবে এই নদীদ্বীপটো সৃষ্টি কৰিছিল। ভয়ানন্দ নামেৰে ভগৱান শিৱই ইয়াত বিচৰণ কৰে বুলি বিশ্বাস কৰা হয়। যেতিয়া কামদেৱে (প্রেমৰ দেৱতা) শিৱৰ গভীৰ তপস্যা ভংগ কৰিছিল তেতিয়া শিৱই তৃতীয় চকুৰে তেওঁক ইয়াতেই ভস্মীভূত কৰিছিল। এনেকৈয়ে ইয়াৰ আন এটা নাম ভষ্মাচল হ’ল।

আহোম ৰজা গদাধৰ সিংহৰদ্বাৰা নিৰ্মিত উমানন্দ মন্দিৰত নিতৌ বিভিন্ন ঠাইৰপৰা দৰ্শনাৰ্থীসকলৰ সমাগম হয়। যাতায়তৰ বাবে নিতৌ ফেৰী সেৱাৰ সুবিধা আছে। হিন্দু ধর্মৰ এটি প্ৰধান উৎসৱ মহাশিৱৰাত্ৰিৰ সময়ত উমানন্দ বহু সংখ্যক দৰ্শনাৰ্থীৰ আগমনেৰে উখল-মাখল হৈ পৰে।

বৰ্তমান অসম চৰকাৰে উমানন্দত পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্রত আৰু দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ বিভিন্ন পৰিকল্পনা হাতত লৈছে।

অধিক তথ্যৰ বাবে : tourismcorporation.assam.gov.in

Total Comments - 0

Leave a Reply