ডিমা হাছাও জিলা – অসমৰ অন্যতম এক দৃষ্টিনন্দন স্থলী

21 Dec 2018

হাফলং : প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰে ভৰা এখন আটকধুনীয়া নগৰ হৈছে হাফলং। ডিমা হাছাও জিলাৰ সদৰ হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া নগৰ। পাহাৰৰ মাজত ডাৱৰে লুকা-ভাকু খেলি থকা এই নগৰ, হাফলং হ্ৰদ আৰু ফিয়াংপুই গীৰ্জাৰ বাবে বিখ্যাত। হাফলঙৰ কাষৰীয়া গাঁওসমুহৰ প্ৰাকৃতিক পৰিৱেশ, লগতে বেনদাও বাইগলাই জলপ্ৰপাত আৰু ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমা ইয়াৰ অন্য এক প্ৰধান সম্পদ।

উমৰাংচ : সেউজ পৰিৱেশৰ মাজত অৱস্থিত এখন সৰু ঔদ্যোগিক নগৰ হৈছে উমৰাংচ। নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ লগতে কেইবাটাও চিমেণ্টৰ কাৰখানা এই নগৰত অৱস্থিত। হাফলঙৰ পৰা ইয়াৰ দূৰত্ব ১০৫ কি:মি:। উমৰাংচৰ সমীপত থকা পানীমূৰ জলপ্ৰপাত এক উল্লেখযোগ্য পৰ্যটনস্থলী।

জাতিংগা : পৰিভ্ৰমী পক্ষীৰ আত্মহত্যাৰ স্থলী হিচাবে বিখ্যাত এই সৰু ঠাইখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। ইয়াত থকা পক্ষী নিৰীক্ষণ স্তম্ভৰ জৰিয়তে জাতিংগালৈ প্ৰতিবছৰে চেপ্তেম্বৰ আৰু নবেম্বৰ মাহৰ ভিতৰত অহা পৰিভ্ৰমী পক্ষীসমূহ নীৰিক্ষণ কৰিব পাৰি। পক্ষীবিদ সকলৰ মাজত এই ঠাই বিশেষভাবে জনপ্ৰিয়।

মাইবং : পূৰ্বৰ ডিমাচা ৰাজ্যৰ ৰাজধানী হিচাবে পৰিচিত মাইবঙত নিহিত হৈ আছে বহু যুগৰ ইতিহাস। ডিমা হাছাও জিলাৰ লগতে দক্ষিণ মাইবঙৰ বিভিন্ন প্ৰান্তত এতিয়াও ডিমাচা যুগৰ বহু ভগ্নাৱশেষ সিঁচৰতি হৈ থকা দেখা পোৱা যায়। মাহুৰ নদীৰ পাৰত থকা এটা শিলত কাটি উলিওৱা শিলঘৰৰ ভাস্কৰ্য মাইবঙৰ অইন এক প্ৰসিদ্ধ ঐতিহ্য।

ভ্ৰমণৰ উপযুক্ত সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ।

Total Comments - 0

Leave a Reply