ব’হাগ বিহুৰ উদ্ভিদৰ কৰণি
ব’হাগ বিহুটি অসমীয়া সমগ্র সত্তাটোৰ প্রাণস্বৰূপ। সময় সলনি হোৱাৰ লগে লগে বিহুৱেও আধুনিকতাৰ প্রভাৱত পৰিছে যদিও আজিৰ সময়তো ভৌগোলিক সীমা পৰিহাৰ কৰি জাতি-ধর্ম-বর্ণ কোনো ভেদাভেদ নথকাকৈ পালন কৰিব পৰা অন্যতম এক উৎসৱৰ নামেই হ’ল ব’হাগ বা ৰঙালী বিহু। বর্তমানৰ প্রেক্ষাপটত বিহু গোটেই দেশৰ লগত সংযোগ স্থাপন কৰিব পৰা এক মাধ্যম হৈ পৰিছে ।
ফাগুনৰ বতাহে লঠঙা কৰি পেলোৱা প্রকৃতিৰ বুকুত চ’ত-ব’হাগ মাহ সোমালেই ঠাই লয় নতুন কুঁহিপাতে। নতুন ফুল-পাতেৰে প্রকৃতি নদন-বদন হোৱা এই সময়তে কুলি-কেতেকীৰ মাতে যেন সোণত সুৱগাহে চৰায়। এনেদৰেই প্রকৃতিৰ নতুন পৰশত নতুনক আদৰিবলৈকে চ’ত-ব’হাগ মাহৰ সংক্রান্তিৰ দিনাৰ পৰা ব’হাগ বা ৰঙালী বিহুটি আৰম্ভ হয় আৰু ব’হাগ মাহৰ ছয় তাৰিখ অর্থাৎ সর্বমুঠ সাত দিন ধৰি ( কোনো কোনো ঠাইত এক মাহপর্যন্ত) পালন কৰা হয়।
প্রকৃতিৰ পৰিৱর্তনৰ এক সুন্দৰ সময়ত পালন কৰা হেতু ব’হাগ বিহুৰ লগত প্রকৃতিৰ সম্পর্কও অভিন্ন। এই বিহু পালনৰ সময়ত জেতুকা-বৰহমথুৰিকে আদি কৰি প্রকৃতিৰ কেতবোৰ উদ্ভিদৰ বিশেষ গুৰুত্ব আৰু বৈশিষ্ট্য আছে।
জেতুকা আৰু বৰহমথুৰি :
ব’হাগ বিহুৰ লগত সম্পর্ক থকা উদ্ভিদৰ ভিতৰত বিহুৱতীৰ ৰূপ চৰোৱা জেতুকা (Lawsonia inermis) আৰু বৰহমথুৰি (Magnolia Sphenocarpa) ৰ ব্যৱহাৰ সর্বাধিক। বাৰ মাহে জেতুকাৰ পাত থেতেলি হাত-ভৰিৰ নখ, হাতৰ পতা নতুবা চুলিত লগোৱা হ’লেও বিহুৰ সময়ত বিশেষকৈ গৰু বিহুৰ দিনাখন লগাই লোৱা জেতুকাৰ ৰঙে ঔষধিৰ কাম কৰে। লোকবিশ্বাস আছে, সেইদিনা জেতুকা হাত-ভৰিত লগালে ছালৰ বেমাৰতো নহয়েই বৰঞ্চ ই বসন্ত আইৰো প্রতিষেধকৰ কাম কৰে।
একেদৰে বসন্তত থোৰ মেলা কুঁহি বৰহমথুৰি চোবাই (তামোলৰ লগত বা শুদাই) ল’লে জিভাৰ লগতে ওঁঠো ক’লা পৰি গাভৰুৰ ৰূপ বঢ়ায়। অকল বিহুৰ বতৰতে বৰহমথুৰিৰে ওঁঠ বোলাই লোৱা হয়। ই এক প্রকাৰৰ আধুনিক ‘লিপষ্টিক’ৰ প্রাকৃতিক ৰূপ বুলি ক’ব পাৰি।
নাহৰ (Mesua ferrea) :
ব’হাগ বিহুৰ সময়ত বিশেষকৈ প্রথম ব’হাগৰ দিনা “দেৱ দেৱ মহাদেৱ নীলগ্রীৱ জঁটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে”-এই মন্ত্রফাকি নাহৰ গছৰ পাতত লিখি গৃহস্থৰ দুৱাৰমুখত বা ঘৰৰ চালিত আঁৰি ৰখা হয়। এনে কৰিলে ধুমুহা-বৰষুণৰ পৰা ঘৰৰ একো অনিষ্ট নহয় বুলি এক জনবিশ্বাস। নাহৰ গছৰ পাতৰ লগতে নাহৰৰ ফুলৰো বিহুত এক বিশেষ আদৰ আছে।
“দেৱ দেৱ মহাদেৱ নীলগ্রীৱ জঁটাধৰ
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে”
এই মন্ত্রফাকি লিখা নাহৰ পাতখিলাৰ লগতে ঘৰৰ অপায়-অমংগল দূৰ কৰাৰ অর্থে দুৱাৰমুখত বা ঘৰৰ চালিত গুঁজি থোৱা বস্তুখিনিক “জৈমিনি” নামেৰে জনা যায়।
কপৌফুল (Rynchostylis Retysa) :
ৰঙালী বিহু যেন কপৌ ফুল বাদ দি কল্পনাই কৰিব নোৱাৰি। আম, নাহৰ আদি ওখ গছত হোৱা কপৌফুল বিহুৰ বতৰত নাচনী বা গাভৰুৰ খোপাত মৰা এক অলংকাৰ হৈ পৰে। পৰম্পৰা অনুসৰি, ব’হাগ বিহুৰ সময়ত হাজাৰ কষ্ট কৰি প্রেমিকে প্রেমিকাৰ খোপাত এধাৰি কপৌ ফুল গুঁজি দিব পাৰিলেহে মৰম যচা হয়। সেয়ে বিহুগীতত ব্যৱহৃত উদ্ভিদৰ নামৰ ক্ষেত্রত সকলো উদ্ভিদতকৈ কপৌ ফুলৰ স্থান শীর্ষত। অসমত কপৌ ফুলৰ তিনিটা প্রজাতি দেখা পোৱা যায়- কপৌ, মতা কপৌ আৰু ভাটৌ ফুল।
দীঘলতী আৰু মাখিয়তী :
ব’হাগ বিহুৰ প্রথম দিনা অর্থাৎ গৰু বিহুৰ দিনা দীঘলতী( Litsea salicifolioa)আৰু মাখিয়তী( Flemingia strobilifera)ৰে কোবাই গৰু ধোওৱাটো এটা পৰম্পৰা । গৰুক কোবোৱাৰ সময়ত “দীঘলতী দীঘল পাত, মাখি মাৰো জাত জাত” বুলি গোৱা হয়। এনে কৰাৰ ফলত গৰুৰ গাত থকা মাখি, ছিকৰা আদি অনিষ্টকাৰী জীৱৰ পৰা মুক্ত কৰি ৰাখিব পাৰি বুলি এক বিশ্বাস আছে, ই বৈজ্ঞানিকভাৱেও প্রমাণিত। তদুপৰি সন্ধিয়া গোহালিত দীঘলতী-মাখিয়তীৰ জাগ (জুই জ্বলাই ধোৱাৰ সৃষ্টি কৰা কাম) দিয়া হয়। ইয়াৰ ধোঁৱাই সহজে মহ, ডাঁহ, মাখি আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুৰ লগতে মানুহকো ৰক্ষা কৰে।
ঔষধি শাকৰ ‘সাতশাকী’ :
অসমৰ খাদ্য প্রণালীত শাকৰ গুৰুত্ব অপৰিসীম। ব’হাগ বিহুৰ যিকোনো এদিন বিশেষকৈ গৰু বিহু নতুবা সাতবিহুৰ দিনাখন তিতা শাকক প্রাধান্য দি অঞ্চল আৰু জনগোষ্ঠী সাপেক্ষে সাতবিধৰ পৰা বাৰবিধ, এশ এবিধ, এশ সাতবিধ বাৰেমিহলি শাকৰ আঞ্জা খোৱা ৰীতিটোক সাতশাকী বোলা হয়। এনেধৰণে শাক খাই বছৰটোলৈ বহু বেমাৰৰ পৰা হাত সাৰি থাকিব বুলি মানুহে বিশ্বাস কৰে। এই লোকাচাৰত ব্যৱহৃত শাকসমূহৰ ভিতৰত ঢেঁকীয়া, টিকনি বৰুৱা, নেফাফু, বনজালুক, কচু, ভেদাইলতা, ব্রাহ্মী, নৰসিংহ, খুতৰা, কলমৌ, মানিমুনি, জিলমিল, মছন্দৰী, জিলমিল, মানধনীয়া, পচতীয়া, মধুসোলেং, চালকুঁৱৰী, চিৰতা, ভেঁকুৰি, পুৰৈ, অগৰা, বকফুল আদি অন্যতম। লোকবিশ্বাসৰ লগতে ঔষধি গুণ সম্পন্ন শাকবোৰ খোৱাৰ পৰা হোৱা লাভালাভে এই পৰম্পৰাৰ বৈজ্ঞানিক ভিত্তিত যে প্রতিষ্ঠিত তাকো প্রমাণ কৰে। বড়োসকলৰ খুংখা, কোঁচ-ৰাজবংশীসকলৰ সপ্তৰস, টাই আহোমসকলৰ এশ এবিধ বন পাচলি ৰান্ধি খোৱাৰ পৰম্পৰাই অসমীয়া লোকাচাৰতো গুৰুত্ব লাভ কৰা এই প্রথাৰ লগত গীত-মাতো প্রচলিত আছে । এই গীতক ‘শাক-তোলা’ গীত বোলা হয়।
উল্লেখিত উদ্ভিদসমূহৰ বাদেও সামগ্রিকভাৱে ব’হাগ বিহুৰ বিভিন্ন লোকাচাৰত বৈচিত্র্যময় অসমৰ ঠাইভেদে ভিন ভিন উদ্ভিদ ব্যৱহাৰ কৰা হয়।