ব্যৱসায়ী আৰু গ্ৰাহকসকলে BHIM এপ্ ব্যৱহাৰ কৰক আৰু প্ৰতিদিনে ডাঙৰ উপহাৰ জিকক
তিনি মাহ পূৰ্বে প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোডীয়ে যেতিয়া BHIM – Bharat Interface for Money এপ্ মুকলি কৰিছিল, তেখেতে ভাৰতবাসীক ডিজিটেল লেনদেনৰ ক্ষেত্রত প্ৰথম স্তৰতে সমাধান হোৱা এটি আহিলা উপহাৰ দিছিল।
১.৮ কোটিতকৈও অধিক লোকে ডাউনলোড কৰা এই এপটো গু’গল প্লে’ ষ্ট’ৰৰ লগতে আই.অ’.এছ. এপ্ ষ্ট’ৰতো উপলব্ধ। ভাৰত চৰকাৰে BHIM এপ্ ব্যৱহাৰকাৰীৰ বাবে দুখন আকৰ্ষণীয় নতুন আঁচনি আৰম্ভ কৰিছে। আঁচনি দুখন হ’ল-
- BHIM ৰেফাৰেল বোনাচ স্কীম আৰু
- BHIM মাৰ্চেণ্ট কেছবেক স্কীম
দুয়োখন আঁচনিৰ সবিশেষ আমি তলত উল্লেখ কৰিছোঁ-
- BHIM ৰেফাৰেল বোনাচ স্কীম/আঁচনি (প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে)
এই আঁচনিখনৰ জৰিয়তে BHIM ব্যৱহাৰকাৰীয়ে, অন্য নতুন ব্যক্তিক BHIM এপত সন্নিৱিষ্ট কৰি ইয়াৰদ্বাৰা লেনদেন কৰিবলৈ উৎসাহিত কৰিলে নাইবা নতুন ব্যক্তিক BHIM এপলৈ আমন্ত্ৰণ কৰিলে আকৰ্ষণীয় উপহাৰ লাভ কৰিব। এই ক্ষেত্রত, দুয়োজনকেই অৰ্থাৎ আমন্ত্ৰণকাৰী (ৰেফাৰাৰ) আৰু নতুন ব্যৱহাৰকাৰীক (ৰেফাৰী) বোনাচ দিয়া হ’ব। উল্লেখ্য যে, নতুন ব্যৱহাৰকাৰীজনে অতিকমেও তিনিটা আৰ্থিক লেনদেন সম্পন্ন কৰিলেহে আমন্ত্ৰণটোক (Referral) সফল বুলি বিবেচনা কৰা হ’ব।
তিনিজন ব্যক্তিৰ সৈতে (গ্ৰাহক নাইবা ব্যৱসায়ী) অতিকমেও তিনিটা সফল লেনদেন সম্পন্ন হোৱাৰ পাছত মুঠ ৫০ টকাৰ, ৰেফাৰাৰ আৰু ৰেফাৰীয়ে নিজ নিজ এপৰ ন’টিফিকেচনত প্ৰাপ্ত বোনাচৰ বিষয়ে জানিব পাৰিব। প্ৰতিটো সফল আমন্ত্ৰণৰ (ৰেফাৰেল) বাবে আমন্ত্ৰণকাৰীয়ে (ৰেফাৰাৰ) ১০ টকা আৰু নতুন ব্যৱহাৰকাৰীয়ে (ৰেফাৰী) BHIM এপটো ডাউনলোড কৰি লেনদেন কৰাৰ বাবে ২৫ টকাৰ বোনাচ লাভ কৰিব।
BHIM কেছবেক(ধন পুনৰপ্ৰাপ্তি) স্কীম/আঁচনি, ব্যৱসায়ীৰ বাবে
BHIM কেছবেক আঁচনিৰ দুটা উদ্দেশ্য-
- BHIM এপত পঞ্জীয়নকৃত ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি কৰা
- BHIM এপৰ জৰিয়তে সম্পন্ন হোৱা ব্যৱসায়িক লেনদেনৰ সংখ্যা বৃদ্ধি কৰা
এই আঁচনিৰ অধীনত কেৱল সাধাৰণ ব্যৱহাৰৰ বাবে বোনাচ দিয়াৰ উপৰিও BHIM পদ্ধতিত (QR code/VPA/মোবাইল নাম্বাৰ নাইবা আধাৰৰদ্বাৰা) লেনদেন বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰতিগৰাকী ব্যৱসায়ীয়ে প্ৰতিমাহে ৩০০ টকা পৰ্যন্ত আৰু প্ৰতি ছমাহৰ মূৰত ১৮০০ টকা পৰ্যন্ত কেছবেক লাভ কৰিব পাৰিব।