যোগ – এক শাৰীৰিক আৰু মানসিক প্ৰশান্তি

Blog By - Team MyGov,
June 23, 2018

মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উত্কৰ্ষ সাধনৰ এক প্ৰধান উত্স হৈছে – যোগ। ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় হিচাবে অতীজৰে পৰা যোগাভ্যাসে দখল কৰি আহিছে এখন উল্লেখযোগ্য আসন। আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তিৰ বিকাশত যোগাভ্যাসে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিভিন্ন গ্ৰন্থত যোগাভ্যাসৰ বিষয়ে  উল্লেখ আছে। খ্ৰীষ্টজন্মৰ প্ৰায় পাঁচশ বছৰ আগতেই মহৰ্ষি পতঞ্জলিয়ে ১৯৬ টা যোগসুত্ৰৰে ‘পতঞ্জলিৰ যোগসূত্ৰ’ৰ উদ্ভাৱন কৰিছিল। বিংশ  শতিকাৰ শেষৰ ফালে যোগাভ্যাসে লাহে লাহে গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে আৰু পাছলৈ ই শাৰীৰিক আৰু মানসিক শক্তি বিকাশৰ এক শক্তিশালী মাধ্যম হিচাবে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰে।

বিভিন্ন গৱেষণাৰ দ্বাৰা ইতিমধ্যে প্ৰমাণিত হৈছে যে, নিয়মীয়া যোগাভ্যাসে বহু জটিল ৰোগকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা সমাধানৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰে। বৰ্তমান ব্যস্ত আৰু বিভিন্ন মানসিক চাপেৰে ভৰা এক পৰিৱেশৰ মাজত বিভিন্ন ব্যক্তি ভাৰাক্ৰান্ত হৈ থকা দেখা যায়। এইক্ষেত্ৰত মানসিক প্ৰশান্তি দিয়াৰ ক্ষেত্ৰত যোগাভ্যাসে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যোগাভ্যাস এতিয়া কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ এক উল্লেখযোগ্য অভ্যাস হিচাবে জনপ্ৰিয়তা আৰ্জিছে।

যোগাভ্যাসৰ বাবে কোনো ধৰণৰ বিশেষ বয়স নাই। যিকোনো বয়সৰ লোকে এই অভ্যাস গঢ়ি তুলিব পাৰে। বিভিন্ন সৰু-বৰ ৰোগত আক্ৰান্ত ৰোগীসকলেও বিশেষজ্ঞ যোগগুৰুৰ সহযোগত নিয়মীয়াকৈ যোগৰ অভ্যাস গঢ়ি তুলিব পাৰে। ই কেৱল শাৰীৰিক ভাবেই কোনো ব্যক্তিক সহায় নকৰে, মানসিক ভাবেও সৱল আৰু শক্তিশালী কৰি তোলে।

যোগাভ্যাস বৰ্তমান শাৰিৰীক আৰু মানসিক প্ৰশান্তিৰ এক মাধ্যম হিচাবে দেশে বিদেশে জনপ্ৰিয়তা আৰ্জিছে।  যোগাভ্যাসৰ গুৰুত্ব বিশ্ব সমুদায়ে উপলব্ধি কৰাৰ ফলশ্ৰুতিতে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘত গৃহীত এক প্ৰস্তাৱযোগে প্ৰতিবছৰৰ ২১ জুন তাৰিখটো ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাবে পালন কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

Total Comments - 0

Leave a Reply