স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ যোজনা (SVAYEM)

23 Jun 2018

অসমৰ যুৱ উদ্যোগীলৈ আৰ্থিক সঁহাৰি

স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ যোজনাৰ অধীনত, অসমৰ যুৱ উদ্যোগীসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় আৰ্থিক অনুদান প্ৰদানেৰে অসমৰ ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যোগসমূহৰ বিকাশ সাধনৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। স্বায়ত্বশাসিত জিলা পৰিষদসমূহক সাঙুৰি অসমৰ প্ৰতিখন জিলাতে কাৰ্যকৰী কৰা হৈছে এই আচঁনি ।

এই আঁচনিৰ অধীনত ৰাজ্যৰ নতুন উদ্যোগীৰ বাবে ১ লাখ টকা আৰু কৰ্মৰত উদ্যোগীৰ বাবে ২ লাখ টকাৰ ঋণ আগবঢ়োৱা হয়।  প্ৰতিখন জিলাতে জনসংখ্যা অনুপাতে  হিতাধিকাৰী নিৰ্বাচন কৰা হয়।

নতুন উদ্যোগ স্থাপন আৰু বৰ্তি থকা উদ্যোগসমূহৰ উন্নয়নৰ দ্বাৰা নগৰাঞ্চলসমূহৰ সমান্তৰালভাৱে গ্ৰামাঞ্চল সমূহতো নিয়োগ সৃষ্টি কৰাই হৈছে স্বয়ম আঁচনিৰ মূল উদ্দেশ্য। অসমৰ নিৰ্মাণ, বাণিজ্য আৰু সেৱা খণ্ডৰ অধীনস্থ সূক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নয়নৰ বাবে আগবঢ়োৱা হৈছে আৰ্থিক সাহাৰ্য্য। ইয়াৰ উপৰিও এই আঁচনিৰ দ্বাৰা থলুৱা উদ্যোগীসকলৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰতো চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

আবেদন পত্ৰৰ অন্তিম তাৰিখ : ৩১ মে, ২০১৮

অধিক জানিবৰ বাবে চাওক : https://industriescom.assam.gov.in/schemes/svayem

Total Comments - 0

Leave a Reply