হাজো অঞ্চলত ফুলৰ খেতিয়ে আনিছে নতুন বিপ্লৱ

02 Aug 2018

প্ৰতিদিনে পুৱা গুৱাহাটীৰ ফাঁচী বজাৰৰ পথত বহে ফুলৰ বজাৰখন। দিনটোৰ বাবে লাগতিয়াল সতেজ ফুলবোৰৰ কিনা-বেচা হয় ইয়াতে। বিভিন্ন ঠাইৰ পৰা অহা ফুলৰ ব্যৱসায়ীসকল আহি লগ হয় আৰু ইয়াৰ পৰাই বিভিন্ন স্থানলৈ ফুলসমূহ যোগান ধৰা হয়।

পুৱতি নিশা তিনি বজাতে মানুহজনো সাজু হয় বজাৰখনলৈ বুলি। প্ৰায় পঁচিশ বছৰ ধৰি প্ৰতিদিনে পুৱতি নিশা হাজোৰ পৰা গুৱাহাটীলৈ আহি ফুলৰ দৰদামত ব্যস্ত হৈ পৰে তেওঁ। এদিন বজাৰখন যাব নোৱাৰিলেই যেন মনত দুখ। কিন্তু বছৰজুৰি একাগ্ৰতাৰে লাগি থকা নিজৰ কামত কোনোপধ্যেই আপোচ নকৰা মানুহজন যেন ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে।
প্ৰভাত চন্দ্ৰ দাস- হাজো অঞ্চলত ফুলৰ খেতিৰে এক নতুন দিগন্তৰ সূচনা কৰা প্ৰভাত চন্দ্ৰ দাসে ১৯৯৩ চনৰ পৰাই ফুলৰ খেতিকৰি স্বাৱলম্বনৰ এক নতুন বাট মুকলি কৰিছে। কামৰূপ জিলাৰ কুলহাটিৰ বাসিন্দা প্ৰভাত চন্দ্ৰ দাসে পৰম্পৰাগত ধান-মাহ অথবা পাচলিৰ খেতিৰ বিপৰীতে নাৰ্জি, ৰজনীগন্ধা আৰু বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ ব্যৱসায়েৰে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰায় পঁচিশ বছৰ পূৰ্বে একঠা মাটিত নাৰ্জি ফুলৰ খেতিৰে কাম আৰম্ভ কৰা প্ৰভাত চন্দ্ৰ দাসে বৰ্তমান প্ৰায় সাত বিঘা মাটিত ফুলৰ খেতি কৰি আছে, লগতে অসমৰ বিভিন্ন ঠাইকে ধৰি অসমৰ বাহিৰতো সঘনে ফুলৰ যোগান ধৰি আহিছে। ২০০১ চনত তেখেতে আৰম্ভ কৰিছিল ৰজনীগন্ধা ফুলৰ খেতি। এই যাত্ৰাত তেখেতে বিভিন্ন ক্ষেত্ৰত কৃষি, উদ্যানশস্য বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যথেষ্ট পৰামৰ্শ তথা সহায় সহযোগিতা লাভ কৰি আহিছে।

মুলত: নাৰ্জি, ৰজনীগন্ধা আৰু অৰ্কিডৰ বজাৰত বিপুল চাহিদা থকালৈ লক্ষ্য ৰাখি তেওঁ পূৰ্ণ্যোদমে এই ফুল কেইবিধৰ খেতি কৰি আহিছে। শ্ৰীযুত দাসে ফুল খেতিৰে কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয় অইন বহুজনকে এই ব্যৱসায়ৰ যোগেদি কৰ্মসংস্থাপন দি আহিছে। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ হাজো অঞ্চলৰ বহু লোক বৰ্তমান ব্যৱসায়িক ভিত্তিত ফুলৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰভাত চন্দ্ৰ দাসৰ এই কৰ্মোদ্যমক ইতিমধ্যে চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও জনাইছে স্বীকৃতি। হাজো অঞ্চলক অসমৰ ফুলখেতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হিচাবে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰভাত চন্দ্ৰ দাসৰ অৱদান অতুলনীয়।

বৰ্তমান বজাৰত ফুলৰ চাহিদা লাহে লাহে বৃদ্ধি পাই আহিছে। বিয়া-সবাহ,পূজা পাৰ্বনকে ধৰি বিভিন্ন সভা-সমিতি শোভিত কৰিবলৈ ফুলৰ ব্যাপক প্ৰয়োগ হোৱা দেখা যায়। গতিকে থলুৱা ভাবে ফুলৰ খেতি কৰি এই চাহিদা সমূহ পুৰণ কৰাৰ ক্ষেত্ৰত এখন নতুন অৰ্থনৈতিক দুৱাৰ মুকলি হোৱাৰ যথেষ্ট থল আছে। অসমতো নাৰ্জি, ৰজনীগন্ধা, এন্থুৰিয়াম, গোলাপ, অৰ্কিড আদি ফুলৰ উৎপাদন আৰু চাহিদা যথেষ্ট আছে। ইয়াৰ বাবে Horticulture Mission for North East and Himalayan States (HMNEH), Rashtriya Krishi Vikas Yojana (RKVY), CM Floriculture Mission আদি আঁচনি উপলব্ধ। যাৰ যোগেদি ফুলৰ খেতিয়ক সকলে সুবিধা লাভ কৰিব পাৰে।

এই ক্ষেত্ৰত লাগিব ফুলৰ খেতিৰ প্ৰতি আগ্ৰহ। প্ৰভাত চন্দ্ৰ দাসে এই দিশত অনুপ্ৰাণিত কৰিছে বহুতকে। তেখেতৰ একান্ত সাধনৰ ফলতে বৃহত্তৰ হাজো অঞ্চল এতিয়া পৰিগণিত হৈছে ফুল খেতিৰ প্ৰাণকেন্দ্ৰ ৰূপে।

Total Comments - 0

Leave a Reply