ক’ভিড সংক্ৰমণৰ সময়ছোৱাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে যোগাভ্যাস

21 Jun 2021

ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিকূল পৰিস্থিতিৰ। এই জটিল সময়ছোৱা আমাৰ সকলোৰে বাবে প্ৰত্যাহ্বানমূলক । এই অতিমাৰীৰ ফলত আমাৰ সকলোৰে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ তথা ৰাজ্যতো হাজাৰ হাজাৰ লোক ভুক্তভোগী হৈছে, বহুজনে আপোনজনক হেৰুৱাবলগীয়া হৈছে। এই দুঃসময়ত ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা নিজক মুক্ত কৰি ৰাখিবলৈ হ’লে, আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ দিশটোত গুৰুত্ব দিয়াটো আটাইতকৈ জৰুৰী হৈ পৰিছে।

এনে ক্ষেত্ৰত যোগ-চৰ্চা হৈছে এনে এটা উপায় যাৰ জৰিয়তে শাৰীৰিক-মানসিক বিভিন্ন সমস্যাৰ পৰা বহু শতাংশই পৰিত্ৰাণ পাব পৰা যায় । এই ক্ষেত্ৰত যোগৰ চৰ্চাই সৰ্বাধিক ইতিবাচক ফল যোগোৱাৰ ধাৰণা কৰা হৈছে হৈছে। নিয়মীয়া যোগাভ্যাসে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি তথা বিভিন্ন শাৰীৰিক সমস্যা নিৰাময়ৰ লগতে মানসিক স্বাস্থ্য সুৰক্ষাৰ দিশতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ অৰ্থে আমি প্ৰত্যেকেই অভ্যাস কৰিব পৰা কিছু আসনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল ।

ভুজংগাসন
পেট আৰু হাতৰ তলুৱাত ভৰ দি লাহেকৈ উশাহ লৈ শৰীৰটো ওপৰলৈ তুলিব লাগে
এনে কৰোঁতে হাতৰ তলুৱাত অধিক পৰিমাণে ভৰ দিয়াটো জৰুৰী
এইদৰে স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস লৈ কিছু সময় এই আসনৰ চৰ্চা কৰিব লাগে আৰু পুনৰ লাহেকৈ স্বাভাৱিক অৱস্থালৈ আহিব লাগে

মৎস্যাসন
মজিয়াত শুই পৰিব লাগে । ভৰি দুখন একেলগে ৰাখি হাত দুখন শিথিল কৰিব লাগে ৷
হাত দুখন কঁকালৰ তলত ৰাখি কিলাকুটি দুটা ওচৰলৈ আনিব লাগে ৷
উশাহ লৈ মূৰ আৰু বুকুখন ওপৰমুৱা কৰিব লাগে ৷
তাৰ পাছত মূৰটো পিছফালে নমাই মূৰৰ ওপৰভাগেৰে মজিয়া স্পৰ্শ কৰিব লাগে ৷
কিলাকুটিৰে মাটিত হেঁচা দিব লাগে ৷
বুকু ওপৰলৈ তুলি ল’ব লাগে। ঊৰু আৰু ভৰিৰে মজিয়াত হেঁচা দিব লাগে ৷
লাহেকৈ বুকুখন নমাই স্বাভাৱিক অৱস্থালৈ আহিব লাগে

বালাসন
গোৰোহাৰ ওপৰত বহি ল’ব লাগে। কঁকাল গোৰোহাৰ ওপৰত ৰাখি আগলৈ বেঁকা কৰি কপালখন মজিয়ালৈ নমাই দিব লাগে ৷
হাতৰ তলুৱা তলমুৱা কৰি হাত দুখন মজিয়াত ৰাখিব লাগে ৷
বুকুখন ঊৰুত লাহেকৈ হেঁচি ধৰিব লাগে ৷
লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব লাগে

সেতুবন্ধাসন
মজিয়াত ওপৰমুৱাকৈ শুই পৰিব লাগে ৷
ভৰি কঁকালৰ ফালে ভিতৰলৈ টানি নিব লাগে ৷
এতিয়া পেট, পিঠি, কঁকাল আৰু ঊৰুৰ সৈতে একেলগে ওপৰলৈ তুলিব লাগে
হাত দুখন কাষত ৰাখিব পাৰে বা পিঠিৰ সমৰ্থনৰ বাবে তলত ৰাখিব পাৰে
লাহেকৈ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব লাগে

ধনুৰাসন
পেটটো তলমুৱা কৰি মাটিত শুই পৰিব লাগে ৷
লাহেকৈ উশাহ লৈ কান্ধ আৰু ভৰি দুখন ভাঁজ কৰি গোৰোহা দুটা হাতেৰে ধৰি ল’ব লাগে আৰু উশাহ এৰি দিব লাগে ৷
স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ ১০-১৫ ছেকেণ্ডৰ বাবে এই আসন কৰিব লাগে আৰু লাহেকৈ উশাহ এৰি পূৰ্বৰ অৱস্থালৈ আহিব লাগে

Total Comments - 0

Leave a Reply