আধ্যাত্মিক পৰ্যটন

26 Sep 2018

অসমৰ সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, ধৰ্মীয় বিশ্বাসক প্ৰতিফলিত কৰা ৰাজ্যখনৰ ধৰ্মীয় স্থান তথা আধ্যাত্মিক ক্ষেত্ৰসমূহ বিশ্বৰ সকলো প্ৰান্তৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। । ৰাজ্যৰ কেইখনমান উল্লেখযোগ্য আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰৰ বিষয়ে তলত উল্লেখ কৰা হল –

কামাখ্যা মন্দিৰ – কামাখ্যা মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে এক পৱিত্ৰ তীৰ্থভূমি। নীলাচল পাহাৰত অৱস্থিত এই প্ৰসিদ্ধ মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক অগণন ভক্তৰ আগমন ঘটে। প্ৰতি বছৰে জুন মাহত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাৰ সময়ত সাধু-সন্ন্য্যাসীৰ উপৰিও দেশী বিদেশী ভক্তৰে ভৰি পৰে মন্দিৰ প্ৰাংগন।

হাজো – কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই ঠাই হিন্দু, বৌদ্ধ আৰু মুছলিম ধৰ্মৰ এক প্ৰাচীন তীৰ্থস্থান হিচাবে জনা যায়। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীৰ আগমন ঘটে। এই মন্দিৰ বৌদ্ধ ধৰ্মীসকলৰ বাবেও এক পৱিত্ৰ স্থান। তেওঁলোকৰ বিশ্বাস গৌতম বুদ্ধই এই স্থানতেই শৰীৰ ত্যাগ কৰি ‘নিৰ্বাণ’ লাভ কৰিছিল। ইয়াৰ উপৰিও হাজোৰ পোৱামক্কা, ধূপৰগুৰি সত্ৰ আদি পৱিত্ৰ তীৰ্থস্থান ৰূপে সকলোৰা মাজত জনাজাত।

মাজুলী – ব্ৰহ্মপুত্ৰৰ সোঁমাজত অৱস্থিত বৃ্হৎ নদী দ্বীপ মাজুলী হ’ল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। গুৰু দুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মাজুলীত স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত এতিয়া দক্ষিণপাত সত্ৰ, কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ আদিকে ধৰি কেৱল ২২ খন সত্ৰৰহে অস্তিত্ব পোৱা যায়। এই সত্ৰসমূহ হৈছে কলা আৰু অসমীয়া সংস্কৃতিৰ লগতে বিভিন্ন বুৰঞ্জীমূলক সমলৰ ভৰাঁল।

বৰপেটা – ‘সত্ৰনগৰী’ হিচাবে জনাজাত বৰপেটা জিলাৰ বিভিন্ন ঠাইত গুৰু দুজনাই স্থাপন কৰা সত্ৰসমূহে মহাপুৰুষীয়া সংস্কৃতিৰ অস্তিত্ব বহন কৰি আহিছে। দৈনিক এই সত্ৰসমূহত অগণন ভক্তৰ সমাগম ঘটে। বৰপেটাৰ দৌল উৎসৱ হ’ল ধৰ্মীয় পৰম্পৰা আৰু ভক্তিৰসৰ অপূৰ্ব সমন্বয়ৰ নিদৰ্শন।

Total Comments - 0

Leave a Reply