MyGov platform is designed, developed and hosted by National Informatics Centre, Ministry of Electronics & Information Technology, Government of India.

নাগৰিককেন্দ্ৰিক এক প্ৰশাসনব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসম চৰকাৰে আৰম্ভ কৰিছিল মাই গভ্ অসম ৱেব পৰ্টেল। প্ৰশাসনয্ন্ত্ৰত জনসাধাৰণৰ মতামত তথা দিহা-পৰামৰ্শৰ জৰিয়তে ইয়াক জনতাৰ কাষ চপাই অনাৰ ক্ষেত্ৰত অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত মাই গভ্ অসম অন্যতম।
মাই গভ্ বন্ধু কি?
মাই গভ্ বন্ধু হৈছে জনতাৰ চৰকাৰ মাই গভ্ অসমৰ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্ম সমূহত বিভিন্ন মতামত আৰু দিহা পৰামৰ্শকে ধৰি বিভিন্ন প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা তথা মাই গভ্ অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমল জনতাৰ মাজলৈ লৈ যোৱা ব্যক্তিসকল। এই উদ্যমৰ মূল উদ্দেশ্য হৈছে জনতাৰ চৰকাৰ মাই গভ্ অসমৰ বিভিন্ন কাৰ্যব্যৱস্থাৰ সৈতে জনসাধাৰণৰ সক্ৰিয় সহযোগিতা বৃদ্ধি কৰা। মাই গভ্ অসমৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউবত সক্ৰিয় অংশগ্ৰহণৰ ওপৰত ভিত্তি কৰি প্ৰতিমাহে তিনিগৰাকী ‘মাই গভ্ বন্ধু’ নিৰ্বাচন কৰি উলিওৱা হয়।
কেনেদৰে হ’ব পাৰে মাই গভ্ বন্ধু?
Total Comments - 0