দৃষ্টিহীনতা আৰু নেত্ৰদানৰ গুৰুত্

Blog By - Team MyGov,
September 3, 2020

মানৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত অন্যতম আমাৰ চকুযুৰি। কিন্তু চকুৰ বিভিন্ন বিসংগতিৰ বাবে বিশ্বৰ বহুলোক এতিয়াও অন্ধকাৰত জীৱন-যাপন কৰি আহিছে। অন্ধত্বৰ বাবে বহুলোকে আমাৰ বিনন্দীয়া পৃথিৱীখনৰ ৰং উপভোগ কৰাৰ পৰা বঞ্চিত হৈ আছে। কিন্তু এই অন্ধ লোকসকলক আমি নেত্ৰদানৰ যোগেদি তেওঁলোকৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনিব পাৰো।

বিশ্বত, বিশেষকৈ উন্নয়নশীল দেশসমূহত দৃষ্টিহীনতা হৈছে এক চিন্তনীয় স্বাস্থ্যজনিত সমস্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কেটেৰেক্ট আৰু গ্লুক’মাৰ পাছতে দৃষ্টিহীনতাৰ মূল কাৰণ হৈছে আমাৰ চকুত থকা কৰ্ণিয়াৰ বিসংগতি। এগৰাকী ব্যক্তিৰ যেতিয়া মৃত্যু হয় তেতিয়া দেহৰ বিভিন্ন অংগদানৰ লগতে চকুৰ কৰ্ণিয়া দানো কৰিব পৰা যায়, যিয়ে দৃষ্টিহীন লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিব পাৰে। ৰক্তদানে যিদৰে মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে ঠিক সেইদৰে নেত্ৰদানে সমাজৰ পৰা অন্ধত্ব দূৰ কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ, ধৰ্মীয় তথা সামাজিক সংকীৰ্ণতা, সীমিত সা-সুবিধা আদি বিভিন্ন কাৰকৰ বাবে আমাৰ দেশত নেত্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাই এতিয়াও ব্যাপক পৰিসৰত প্ৰসাৰ লাভ কৰা নাই। এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে নেত্ৰদানৰ প্ৰতি সকলোকে আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে আমাৰ দেশত প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ ‘ৰাষ্ট্ৰীয় নেত্ৰদান পষেক’ উদযাপন কৰা হয়।

নেত্ৰদান আৰু কৰ্ণিয়া সংৰোপণ

সৰহসংখ্যক লোকৰেই এটা ভ্ৰান্ত ধাৰণা আছে যে, নেত্ৰদানত কোনো মৃত লোকে দান কৰি থৈ যোৱা চকুযুৰি আঁতৰাই দৃষ্টিহীন ব্যক্তিগৰাকীৰ চকুত পোনে পোনে সংস্থাপন কৰা হয়। কিন্তু ই এক ভুল ধাৰণা। এই ক্ষেত্ৰত আমাৰ চকুত থকা কৰ্ণিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কৰ্ণিয়া হৈছে আমাৰ চকুৰ সন্মুখত থকা আইনা সদৃশ স্বচ্ছ গোলাকাৰ এক আৱৰণ। যদিহে দান কৰা চকুৰ কৰ্ণিয়া ব্যৱহাৰৰ উপযোগী হিচাবে পৰিগণিত হয় তেতিয়াহে দৃষ্টিহীন লোকৰ চকুত ইয়াক সংস্থাপন কৰিব পৰা যায়। কর্ণিয়াৰ ক্ষতিসাধনৰ ফলত দৃষ্টিশক্তি হেৰুওৱা ব্যক্তিসকলে মৃত ব্যক্তিৰ পৰা সংগৃহীত কর্ণিয়া, কেৰাট’প্লাষ্টি (Keratoplasty) নামৰ অস্ত্ৰোপচাৰৰ সহায়ত সংস্থাপন কৰি দৃষ্টিহীন লোকৰ দৃষ্টিশক্তি ঘূৰাই অনিব পৰা যায়। কর্ণিয়াৰ বিকল্প কৃত্রিম কর্ণিয়া এতিয়াও উদ্ভাৱন কৰাটো সম্ভৱ হৈ উঠা নাই, সেইবাবে দৃষ্টিহীনতা ঘূৰাই অনাৰ ক্ষেত্ৰত কৰ্ণিয়া দানৰ বাহিৰে গত্যন্তৰ নাই।

নেত্ৰদান সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ কথা

  • বয়স, লিংগ, ধৰ্ম, সামাজিক মর্যাদা নির্বিশেষে সকলো ব্যক্তিয়েই নেত্ৰদান কৰিব পাৰে। ইয়াৰোপৰি চশমা ব্যৱহাৰ কৰা, পূৰ্বতে চকুৰ অস্ত্রোপচাৰ কৰা নাইবা সাধাৰণ ৰোগত ভুগা ব্যক্তিয়েও চকু দান কৰিব পাৰে।
  • কৰ্ণিয়াৰ বিসংগতিৰ ফলত দৃষ্টিহীন হৈ পৰা লোকসকলহে কৰ্ণিয়া সংৰোপণৰ যোগেদি উপকৃত হ’ব পাৰে।
  • মৃত ব্যক্তিগৰাকীৰ মৃত্যুৰ এঘন্টাৰ ভিতৰত চকুৰ পৰা দান কৰিবলগীয়া কৰ্ণিয়া আঁতৰোৱা জৰুৰী।
  • এগৰাকী নেত্ৰদাতাই দুজনকৈ কৰ্ণিয়েল দৃষ্টিহীন ব্যক্তিৰ দৃষ্টিশক্তি ঘূৰাই আনিব পাৰে।
  • মৃত ব্যক্তিৰ চকুৰ পৰা কৰ্ণিয়া আঁতৰাবলৈ মাথোঁ ১০-১৫ মিনিটৰ সময়ৰ প্ৰয়োজন হয়, ইয়াৰ ফলত মুখমণ্ডল অথবা চকুত কোনো ধৰণৰ আঘাতৰ চিন থাকি নাযায়।
  • দান কৰিবলগীয়া চকু(কৰ্ণিয়া)ৰ কোনোপধ্যেই বেচা-কিনা নহয়। ই আইনমতে দণ্ডনীয়।
  • নেত্ৰদান কৰা অথবা গ্ৰহণ কৰা ব্যক্তিৰ পৰিচয় গোপনে ৰখা হয়।
  • চৰকাৰী আৰু স্বেচ্ছাসেৱী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সকলো সেৱা বিনামূলীয়াকৈ আগবঢ়োৱা হয়।
  • নেত্ৰদানৰ বাবে উপলব্ধ বিভিন্ন পঞ্জীয়ন কেন্দ্ৰত আগ্ৰহী ব্যক্তিয়ে নাম পঞ্জীয়ন কৰি ৰাখিলে তথা মৃত্যুৰ পাছত খবৰ দিলে সেই প্ৰতিষ্ঠানৰ পৰা বিশেষজ্ঞ লোক আহি মৃত ব্যক্তিৰ চকুৰ পৰা কৰ্ণিয়া আঁতৰ কৰে।

 

অসমত নেত্ৰদানৰ সুবিধা

অন্যান্য ঠাইৰ লগতে অসমতো নেত্ৰদানৰ সুবিধা উপলব্ধ হৈছে । এই ক্ষেত্ৰত চৰকাৰী – বেচৰকাৰী বিভিন্ন পঞ্জীয়নভুক্ত সংস্থাসমূহে নেত্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে। অসমৰ বিভিন্ন কেন্দ্ৰত নেত্ৰদানৰ সুবিধা উপলব্ধ। নিম্নোল্লিখিত চৰকাৰী চিকিৎসালয় সমূহে এই ক্ষেত্ৰত আগভাগ লৈ আহিছে –

  • ৰেজিঅ’নেল ইঞ্চটিটিউট অব অপথালম’লজি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল(Ph 96780 02222)
  • শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল(smcassam.gov.in)
  • অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিব্ৰুগড়

নেত্ৰদান এক মহৎ মানৱীয় কাৰ্য হিচাবে ইতিমধ্যে পৰিগণিত হৈছে। আমাৰ সজাগতাই সমাজৰ পৰা দৃষ্টিহীনতাৰ দৰে স্বাস্থ্যজনিত সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। নেত্ৰদানৰ বিভিন্ন সুফল সম্পৰ্কে আমি নিজেও সজাগ হোৱাৰ লগতে আনকো ইয়াৰ সুফলসমূহৰ বিষয়ে অৱগত কৰাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ ইয়াৰ লগত জড়িত বিভিন্ন ভ্ৰান্ত ধাৰণাসমূহ আঁতৰ কৰাটো খুবেই জৰুৰী। আমাৰ সকলোৰে সন্মিলিত প্ৰচেষ্টাইহে নেত্ৰদান সজাগতা অভিযানৰ দৰে গুৰুত্বপূৰ্ণ দিশটো সফল কৰি তোলাত সহায় কৰিব।

Total Comments - 0

Leave a Reply